--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ কাৰাগাৰত এতিয়া  এইচ আই ভিয়ে আতংকৰ সৃষ্টি কৰিছে।   কাৰাগাৰ প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে কাৰাগাৰৰ ভিতৰত  এগৰাকী মহিলাসহ মুঠ  ৪৪ জন কয়েদী এইচ আই ভি সংক্ৰমিত হৈছে। হালদৱানী কাৰাগাৰত এনেদৰে বহু কাৰাবন্দী এইচ আই ভি সংক্ৰমিত হোৱাত কাৰাগাৰৰ ভিতৰত ত্ৰাস বিয়পি পৰিছে। এইচ.আই.ভি. সংক্ৰমিত সকলো বন্দীক সুশীলা তিৱাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তাতেই তেওঁলোকৰ চিকিৎসা চলি আছে বুলি কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। 

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি এইচ.আই.ভি. সংক্ৰমিত বেছিভাগ বন্দীয়ে ড্ৰাগছ সেৱন কৰিছিল। কাৰাগাৰৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে  বাকী বন্দীসকলৰো  পৰীক্ষা কৰোৱা হৈছে । সুশীলা তিৱাৰী চিকিৎসালয়ৰ এজন চিকিৎসক পৰমজিৎ সিঙে কয়, "কাৰাগাৰৰ বন্দীসকলৰ স্বাস্থ্য পৰীক্ষা মাহত দুবাৰকৈ কৰা হয়।  তেওঁলোকৰ বাবে চিকিৎসকৰ    এটা দলো গঠন কৰা হৈছে। যিসকলৰ সামান্য সমস্যা আছে তেওঁলোকক কাৰাগাৰতে ঔষধ দিয়া হৈছে।  যিসকলৰ সমস্যা গুৰুতৰ তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ অনা হৈছে। চিকিৎসালয়ত তেওঁলোকৰ বাবে এটা এণ্টিৰেট্ৰোভাইৰেল থেৰাপী (এআৰটি) কেন্দ্ৰও স্থাপন কৰা হৈছে।"

কিন্তু কাৰাগাৰ প্ৰশাসনে সংক্ৰমণ কেনেকৈ বিয়পি পৰিল তাকে  লৈ  চিন্তিত হৈ পৰিছে। সেয়েহে চিকিৎসাৰ লগতে, বন্দীসকলৰ মাজত ৰোগটোৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবেও সমানে প্ৰচেষ্টা হাতত লোৱা হৈছে। কাৰাগাৰৰ সূত্ৰ অনুসৰি ফেব্ৰুৱাৰীত ২৩  জন  বন্দী উক্ত কাৰাগাৰত  এইচ.আই.ভি. সংক্ৰমিত হৈছিল। মাৰ্চ মাহত ১৭ জন লোক সংক্ৰমিত হৈছিল। অৱশ্যে, তাৰ আগতে, ১৪ জন বন্দী  এই ৰোগত আক্ৰান্ত হৈছিল। জানিব পৰা মতে কাৰাগাৰখনত বন্দী ৰাখিব পৰা  সামৰ্থ্যতকৈ অধিক বন্দী  ৰাখিবলগীয়া হৈছে।  বৰ্তমান কাৰাগাৰ খনত ১৬২৯  জন পুৰুষ বন্দী আৰু ৭০ গৰাকী মহিলা বন্দী আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ