--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ কাৰাগাৰত এতিয়া  এইচ আই ভিয়ে আতংকৰ সৃষ্টি কৰিছে।   কাৰাগাৰ প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে কাৰাগাৰৰ ভিতৰত  এগৰাকী মহিলাসহ মুঠ  ৪৪ জন কয়েদী এইচ আই ভি সংক্ৰমিত হৈছে। হালদৱানী কাৰাগাৰত এনেদৰে বহু কাৰাবন্দী এইচ আই ভি সংক্ৰমিত হোৱাত কাৰাগাৰৰ ভিতৰত ত্ৰাস বিয়পি পৰিছে। এইচ.আই.ভি. সংক্ৰমিত সকলো বন্দীক সুশীলা তিৱাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তাতেই তেওঁলোকৰ চিকিৎসা চলি আছে বুলি কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। 

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি এইচ.আই.ভি. সংক্ৰমিত বেছিভাগ বন্দীয়ে ড্ৰাগছ সেৱন কৰিছিল। কাৰাগাৰৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে  বাকী বন্দীসকলৰো  পৰীক্ষা কৰোৱা হৈছে । সুশীলা তিৱাৰী চিকিৎসালয়ৰ এজন চিকিৎসক পৰমজিৎ সিঙে কয়, "কাৰাগাৰৰ বন্দীসকলৰ স্বাস্থ্য পৰীক্ষা মাহত দুবাৰকৈ কৰা হয়।  তেওঁলোকৰ বাবে চিকিৎসকৰ    এটা দলো গঠন কৰা হৈছে। যিসকলৰ সামান্য সমস্যা আছে তেওঁলোকক কাৰাগাৰতে ঔষধ দিয়া হৈছে।  যিসকলৰ সমস্যা গুৰুতৰ তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ অনা হৈছে। চিকিৎসালয়ত তেওঁলোকৰ বাবে এটা এণ্টিৰেট্ৰোভাইৰেল থেৰাপী (এআৰটি) কেন্দ্ৰও স্থাপন কৰা হৈছে।"

কিন্তু কাৰাগাৰ প্ৰশাসনে সংক্ৰমণ কেনেকৈ বিয়পি পৰিল তাকে  লৈ  চিন্তিত হৈ পৰিছে। সেয়েহে চিকিৎসাৰ লগতে, বন্দীসকলৰ মাজত ৰোগটোৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবেও সমানে প্ৰচেষ্টা হাতত লোৱা হৈছে। কাৰাগাৰৰ সূত্ৰ অনুসৰি ফেব্ৰুৱাৰীত ২৩  জন  বন্দী উক্ত কাৰাগাৰত  এইচ.আই.ভি. সংক্ৰমিত হৈছিল। মাৰ্চ মাহত ১৭ জন লোক সংক্ৰমিত হৈছিল। অৱশ্যে, তাৰ আগতে, ১৪ জন বন্দী  এই ৰোগত আক্ৰান্ত হৈছিল। জানিব পৰা মতে কাৰাগাৰখনত বন্দী ৰাখিব পৰা  সামৰ্থ্যতকৈ অধিক বন্দী  ৰাখিবলগীয়া হৈছে।  বৰ্তমান কাৰাগাৰ খনত ১৬২৯  জন পুৰুষ বন্দী আৰু ৭০ গৰাকী মহিলা বন্দী আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল