--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন দিল্লীৰ গোকুল নগৰত নিৰ্মীয়মাণ নতুন সংসদ ভৱন প্ৰকল্পৰ নিৰ্মাণকাৰ্য ৪৪% সম্পূৰ্ণ হৈছে৷ ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে এই তথ্য সদৰী কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰে কয় যে, চৰকাৰৰ এই বছৰ নতুন সংসদ ভৱনত শীতকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে। অক্টোবৰলৈ নিৰ্মাণ সম্পূৰ্ণৰ সময়সীমা নিৰ্ধাৰিত নতুন সংসদ ভৱন প্ৰকল্পটোৰ ৪৪% নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে৷ আৰু চৰকাৰে এতিয়ালৈকে ইয়াৰ বাবে ৪৮০ কোটি টকা ব্যয় কৰিছে৷ এক লিখিত প্ৰশ্নৰ উত্তৰত গৃহ আৰু নগৰ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰে কয় যে চৰকাৰে অহা বিত্তীয় বৰ্ষত সমগ্ৰ কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পত ২,২৮৫ কোটি টকা ব্যয় কৰাৰ সম্ভাৱনা আছে। আনহাতে, নতুন উপ-ৰাষ্ট্ৰপতিৰ এনক্লেভৰ নিৰ্মাণকাৰ্য চলি আছে, য’ত উপ-ৰাষ্ট্ৰপতিৰ বাবে বাসস্থান আৰু সচিবালয় অন্তৰ্ভুক্ত আছে, তাৰেও ৩% নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে৷ এই প্ৰকল্পটো কামৰ আৰম্ভণিৰ পৰা ১০ মাহত শেষ হ’ব বুলি আশা কৰা হৈছিল। বিজয় চ’কৰ পৰা ইণ্ডিয়া গেটলৈকে বিস্তৃত চেণ্ট্ৰেল ভিষ্টা এভিনিউৰ পুনৰ্বিকাশ প্ৰকল্পটোৱে ৮০% শাৰীৰিক প্ৰগতিৰ লক্ষ্য পূৰণ কৰিছে, আৰু এতিয়ালৈকে ইয়াৰ বাবে ৪৪১ কোটি টকা ব্যয় কৰা হৈছে বুলি মন্ত্ৰীজনে ৰাজ্যসভাত সদৰী কৰে৷ উল্লেখযোগ্য যে, বিগত বৰ্ষৰ অক্টোৱৰত লাৰ্চেন এণ্ড টুব্ৰো লিমিটেডক উমৈহতীয়া কেন্দ্ৰীয় সচিবালয়ৰ প্ৰথম তিনিটা ভৱন নিৰ্মাণ আৰু তত্বাৱধানৰ বাবে চুক্তি প্ৰদান কৰা হৈছিল। নৱেম্বৰত, ঝাৰখণ্ডস্থিত প্ৰতিষ্ঠান, কামলাদিত্য কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডক উপ-ৰাষ্ট্ৰপতিৰ এনক্লেভ নিৰ্মাণৰ বাবে চুক্তি প্ৰদান কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু