--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন দিল্লীৰ গোকুল নগৰত নিৰ্মীয়মাণ নতুন সংসদ ভৱন প্ৰকল্পৰ নিৰ্মাণকাৰ্য ৪৪% সম্পূৰ্ণ হৈছে৷ ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে এই তথ্য সদৰী কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰে কয় যে, চৰকাৰৰ এই বছৰ নতুন সংসদ ভৱনত শীতকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে। অক্টোবৰলৈ নিৰ্মাণ সম্পূৰ্ণৰ সময়সীমা নিৰ্ধাৰিত নতুন সংসদ ভৱন প্ৰকল্পটোৰ ৪৪% নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে৷ আৰু চৰকাৰে এতিয়ালৈকে ইয়াৰ বাবে ৪৮০ কোটি টকা ব্যয় কৰিছে৷ এক লিখিত প্ৰশ্নৰ উত্তৰত গৃহ আৰু নগৰ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰে কয় যে চৰকাৰে অহা বিত্তীয় বৰ্ষত সমগ্ৰ কেন্দ্ৰীয় ভিষ্টা প্ৰকল্পত ২,২৮৫ কোটি টকা ব্যয় কৰাৰ সম্ভাৱনা আছে। আনহাতে, নতুন উপ-ৰাষ্ট্ৰপতিৰ এনক্লেভৰ নিৰ্মাণকাৰ্য চলি আছে, য’ত উপ-ৰাষ্ট্ৰপতিৰ বাবে বাসস্থান আৰু সচিবালয় অন্তৰ্ভুক্ত আছে, তাৰেও ৩% নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে৷ এই প্ৰকল্পটো কামৰ আৰম্ভণিৰ পৰা ১০ মাহত শেষ হ’ব বুলি আশা কৰা হৈছিল। বিজয় চ’কৰ পৰা ইণ্ডিয়া গেটলৈকে বিস্তৃত চেণ্ট্ৰেল ভিষ্টা এভিনিউৰ পুনৰ্বিকাশ প্ৰকল্পটোৱে ৮০% শাৰীৰিক প্ৰগতিৰ লক্ষ্য পূৰণ কৰিছে, আৰু এতিয়ালৈকে ইয়াৰ বাবে ৪৪১ কোটি টকা ব্যয় কৰা হৈছে বুলি মন্ত্ৰীজনে ৰাজ্যসভাত সদৰী কৰে৷ উল্লেখযোগ্য যে, বিগত বৰ্ষৰ অক্টোৱৰত লাৰ্চেন এণ্ড টুব্ৰো লিমিটেডক উমৈহতীয়া কেন্দ্ৰীয় সচিবালয়ৰ প্ৰথম তিনিটা ভৱন নিৰ্মাণ আৰু তত্বাৱধানৰ বাবে চুক্তি প্ৰদান কৰা হৈছিল। নৱেম্বৰত, ঝাৰখণ্ডস্থিত প্ৰতিষ্ঠান, কামলাদিত্য কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডক উপ-ৰাষ্ট্ৰপতিৰ এনক্লেভ নিৰ্মাণৰ বাবে চুক্তি প্ৰদান কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু