--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে সোমবাৰে সাক্ষাৎ কৰে দেশৰ প্ৰখ্যাত নিৰ্বাচনী ৰণকৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰক। ২০২৪চনৰ লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি ৰাজনৈতিক দলসমূহে প্ৰস্তুতি আৰম্ভ কৰাৰ সময়তে কেচিআৰ আৰু প্ৰশান্ত কিশোৰৰ এই সাক্ষাৎ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। কেচিআৰ-এ নিজেই সদৰি কৰিছে যে, ‘ৰাষ্ট্ৰীয় ৰাজনীতিত পৰিৱৰ্তন’ সাধনৰ বাবেই প্ৰশান্ত কিশোৰৰ সৈতে তেওঁ আলোচনাত মিলিত হৈছে। এখন সংবাদ মেল সম্বোধন কৰি কেচিআৰ-এ কয়, ৰাষ্ট্ৰীয় ৰাজনীতিত পৰিৱৰ্তন সাধন কৰিবলৈ মই প্ৰশান্ত কিশোৰৰ সৈতে আলোচনা কৰি আছোঁ। প্ৰশান্ত কিশোৰে মোৰ সৈতে এই লক্ষ্যক লৈ কাম কৰি আছে। ইয়াক লৈ নিশ্চয় কাৰো একো সমস্যা হ’বলগীয়া নাই।’ প্ৰশান্ত কিশোৰৰ সৈতে ৰাওৰ ৩০০কোটিৰ চুক্তি হোৱা বুলি প্ৰকাশ পাইছিল। অৱশ্যে কেচিআৰ-এ এইকথা অস্বীকাৰ কৰে। তেওঁ কয় যে, প্ৰশান্ত কিশোৰ তেওঁৰ ভাল বন্ধু আৰু বন্ধু ভাৱাপন্নভাৱে তেওঁ কাম কৰি আছে। তেওঁ বাৰম্বাৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ সমীকৰণ সলনিৰ কথা কৈ আহিছে যদিও সেয়া খুব সহজ নহ’ব যে সেয়া নিশ্চিত। ২০১৯ত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নায়ডুৰ প্ৰচেষ্টাৰো শোচনীয় পৰিণতি হোৱা দেখা গৈছিল। উল্লেখ্য যে, তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে দেশৰ বিৰোধী শক্তিৰ অভিকেন্দ্ৰ সলনি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ৰাৱে আৰম্ভ কৰিছে দেশৰ বিজেপিবিৰোধী শক্তিক একত্ৰিত কৰাৰ অভিযান। বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে মোদীৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ আৰম্ভ কৰা কেচিআৰ-এ এতিয়া তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজ্যৰ প্ৰভাৱশালী বিজেপি বিৰোধী শক্তিসমূহৰে আলোচনা আৰম্ভ কৰিছে। মোদীৰ বিৰুদ্ধে ভালেমান গুৰুতৰ অভিযোগ উত্থাপন কৰি কেচিআৰ-এ হুংকাৰ দিছিল দিল্লীৰ পৰা বিজেপিক উৎখাত কৰাৰ। কিন্তু তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ নেতাগৰাকীয়ে জানে যে, তেলেংগানাৰ পৰা শৰ মাৰি তেওঁ দিল্লীৰ শৰপহুৰ মঙহ খাবলৈ নাপায়। সেয়েহে দেশৰ প্ৰান্তে প্ৰান্তে বেহু ৰচনা কৰি দিল্লী আক্ৰমণৰ আখৰা আৰম্ভ কৰিছে কেচিআৰ-এ। ইমানদিনে মোদী তথা বিজেপিবিৰোধী শক্তিৰ নেতৃত্ব দিয়া দেখিবলৈ পোৱা গৈছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক। এই প্ৰচেষ্টা সফল নহ’ল যদিও দেশত বিজেপিবিৰোধী বিকল্প শক্তি গঢ় দিয়াৰ কুচকাৱাজ এতিয়া চলাই আছে কে চন্দ্ৰশেখৰ ৰাৱে। যোৱামাহত তেওঁ উপস্থিত হৈছিল মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্ৰৰ চৰকাৰৰ সহযোগী দল এনচিপিৰ মুৰব্বী তথা দেশৰ ৰাজনীতিৰ এগৰাকী বিচক্ষণ প্ৰতিনিধি শাৰদ পাৱাৰৰ সৈতে তেওঁ আলোচনাত মিলিত হৈছিল। মন কৰিবলগীয়া যে, মুম্বাইত উষ্ণ আদৰণি জনোৱা হৈছিল কেচিআৰক। কেচিআৰৰে মুম্বাইত আলোচনাত মিলিত হোৱাৰ পাছত তেওঁ ঘোষণা কৰিছিল যে, কেচিআৰ-এ বিজেপিৰ জনগণবিৰোধী ৰাজনীতিৰ বিৰুদ্ধে যিখন যুঁজ আৰম্ভ কৰিছে তাত থাকৰেই পূৰ্ণ সহযোগ কৰিব। কেচিআৰ-এ সঠিক সময়ত শক্তিশালীভাৱে নিজৰ স্থিতি প্ৰকাশ কৰি দেশক ক্ষতিকাৰক শক্তিৰ পৰা ৰক্ষা কৰাৰ যুঁজ আৰম্ভ কৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। এইখিনিতে মন কৰিবলগীয়া কথাটো হৈছে যে, মমতা বেনাৰ্জীয়ে বিজেপিৰ লগতে কংগ্ৰেছকো শত্ৰুজ্ঞান কৰি যিখন যুঁজ আৰম্ভ কৰিছিল সেই যুঁজখনত তেওঁ কাৰো পৰাই বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ’ল। তাৰ মূল কাৰণ আছিল কংগ্ৰেছক অস্পৃশ্য কৰি বিকল্প বিৰোধী শক্তি এটা গঢ় দিয়াৰ পৰিৱেশ এতিয়াও দেশত গঢ় লৈ উঠা নাই। দেশৰ ৰাজনীতিত এতিয়াও কংগ্ৰেছৰ এটা বৃহৎ অংশীদাৰিত্ব আছে যিটোক অস্বীকাৰ কৰি দেশৰ শক্তিশালী শাসক পক্ষক প্ৰত্যাহ্বান জনোৱাটো সম্ভৱপৰ কথা নহয়। কিন্তু অধিক অত্যুসাহী হৈ মমতাই বিজেপিবিৰোধী শক্তি গঢ় দিয়াৰ সম্ভাৱনাতে চেঁচাপানী ঢালিলে। এইবাৰ কেচিআৰ-এ আৰম্ভ কৰা তৎপৰতাই বিশেষ চৰ্চা লাভ কৰিছে। কিন্তু কেচিআৰ-এ যি তৎপৰতা আৰম্ভ কৰিছে তাতো কংগ্ৰেছৰ অংশীদাৰিত্ব নাই। কংগ্ৰেছক বাদ দি বিৰোধী শক্তি গঠনৰ এই চেষ্টাই কি ৰূপ ল’ব সেয়া এতিয়া লক্ষ্যণীয় হ’ব। মন কৰিবলগীয়া কথাটো হৈছে যে, এফালে মমতা, আনফালে, কেচিআৰ আৰু মাজতে কংগ্ৰেছৰ অৱস্থানে বিৰোধী ঐক্যৰ পৰিকল্পনা মষিমূৰ কৰি পেলাব পাৰে। কিয়নো কংগ্ৰেছে মহাৰাষ্ট্ৰত এতিয়াও শিৱসেনা, এনচিপিৰ সৈতে মিত্ৰজোঁট চৰকাৰ চলাই আছে। তামিলনাডুত তেওঁলোক আছে ডিএমকেৰ সৈতে মিত্ৰতাত। বিহাৰতো আৰজেডিৰ সৈতে মিত্ৰতাত অৱতীৰ্ণ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল কংগ্ৰেছে। ইফালে, জম্মু-কাশ্মীৰৰ ৰাজনৈতিক শক্তিসমূহৰ সৈতেও কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰ সম্পৰ্ক কাষ চপা। ইফালে, উত্তৰ প্ৰদেশত আকৌ অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীয়ে মমতাৰ সৈতে ঘনিষ্ঠতা বজাই ৰাখিছে। এই বৃহৎ জঁট ভাঙি সকলোকে এডাল সূতাৰে বন্ধাটো বৰ সহজ কথা নহ’ব। তদুপৰি নেতৃত্বৰ আকাংক্ষাই বিভিন্নজন নেতাক উচ্চাকাংক্ষী কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত কাৰো নেতৃত্বৰ পিছফালে এই দলবোৰ একত্ৰিত হোৱাৰ সম্ভাৱনা নাই। এনে পৰিপ্ৰেক্ষিতত বিৰোধী শক্তিৰ মাজতে তিনিটামান বিভাজন হোৱাৰহে সম্ভাৱনা অধিক। সেয়া হ’লে ২০২৪ৰ ৰণ জিকাটোও বিজেপিৰ বাবে বৰ কষ্টকৰ কথা নহ’ব। বিকল্পৰ অভাৱতে ভোটাৰে বিজেপিকে নিৰ্বাচন কৰিবলগীয়া হয়তো হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক