--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন ২০২২ৰ বাবে তিনি পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াৰ পাছতে, কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে কেন্দ্ৰীয় মোদী চৰকাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে। সোমবাৰে কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ছোনীয়াই উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ ভোটাৰসকলৰ আগত মোদী-যোগীৰ ওপৰত পোনপটীয়া আক্ৰমণ কৰিছে। উল্লেখ্য যে, ২৩ ফেব্ৰুৱাৰীত ৰায়বৰেলীত সম্পন্ন হ’ব ভোটদান প্ৰক্ৰিয়া। দিনটোৰ আৰম্ভণিতে, কংগ্ৰেছ নেতাজনে তাত ভোটাৰসকলক বাৰ্তা দিবলৈ এক ভাৰ্চুৱেল ভাষণ দিছিল। ছোনীয়াই তেওঁৰ ভাষণত কয় যে, মহামাৰীৰ সময়ত মোদী বা যোগীয়ে জনসাধাৰণৰ কথা ভবা নাছিল। সেইসময়ত তেওঁলোক মানুহৰ প্ৰতি উদাসীন আছিল। ৰায়বৰেলীৰ বাসিন্দাসকলক সম্বোধন কৰি ছোনীয়াই কয়, ‘মোদী-যোগীয়ে লকডাউনতো নিদ্ৰাদেৱীৰ কোলাত আছিল, এতিয়া নিৰ্বাচনত সাৰ পালে কেনেকৈ হ’ব!’ লকডাউনৰ সময়ত আপোনালোকৰ ব্যৱসায় বন্ধ কৰি দিয়া হৈছিল। দৰিদ্ৰ লোকৰ কথা এবাৰে নভবাকৈ মোদীয়ে লকডাউন ঘোষণা কৰিয়েই নিজৰ দায়িত্ব সামৰিলে বুলি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কৰ্টাক্ষ কৰিছে। কৰ্মসংস্থাপন হেৰুৱাই ঘৰলৈ বুলি অহা কৃষত সকলৰো এবাৰ খবৰ নল’লে বুলি অভিযোগ উত্থাপন কৰিছে ছোনীয়া গান্ধীয়ে। নিৰ্বাচনী সভাতে ছোনীয়া গান্ধীয়ে কেন্দ্ৰৰ মোদী চৰকাৰ আৰু উত্তৰ প্ৰদেশৰ যোগী প্ৰশাসনক সমালোচনা কৰে। কৃষক আন্দোলনৰ পৰা আৰম্ভ কৰি মূল্যবৃদ্ধিলৈকে ছোনীয়াই কেন্দ্ৰীয় চৰকাৰৰ সকলো বিষয় স্পৰ্শ কৰিছে। তেওঁ কয় যে, ‘এই নিৰ্বাচন আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিয়নো বিগত পাঁচ বছৰ ধৰি, আপুনি এনে এখন চৰকাৰক সহ্য কৰি আহিছে যিয়ে আপোনাৰ স্বাৰ্থত একো কৰা নাই। তেওঁলোকে কেৱল আপোনালোকৰ মাজত বিভাজনৰ ৰাজনীতিহে কৰিলে। কৃষকেও শ্ৰমৰ উচিৎ মূল্য নাপালে বুলি চৰকাৰক সমালোচনা কৰিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু