--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন ২০২২ৰ বাবে তিনি পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াৰ পাছতে, কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে কেন্দ্ৰীয় মোদী চৰকাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে। সোমবাৰে কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ছোনীয়াই উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ ভোটাৰসকলৰ আগত মোদী-যোগীৰ ওপৰত পোনপটীয়া আক্ৰমণ কৰিছে। উল্লেখ্য যে, ২৩ ফেব্ৰুৱাৰীত ৰায়বৰেলীত সম্পন্ন হ’ব ভোটদান প্ৰক্ৰিয়া। দিনটোৰ আৰম্ভণিতে, কংগ্ৰেছ নেতাজনে তাত ভোটাৰসকলক বাৰ্তা দিবলৈ এক ভাৰ্চুৱেল ভাষণ দিছিল। ছোনীয়াই তেওঁৰ ভাষণত কয় যে, মহামাৰীৰ সময়ত মোদী বা যোগীয়ে জনসাধাৰণৰ কথা ভবা নাছিল। সেইসময়ত তেওঁলোক মানুহৰ প্ৰতি উদাসীন আছিল। ৰায়বৰেলীৰ বাসিন্দাসকলক সম্বোধন কৰি ছোনীয়াই কয়, ‘মোদী-যোগীয়ে লকডাউনতো নিদ্ৰাদেৱীৰ কোলাত আছিল, এতিয়া নিৰ্বাচনত সাৰ পালে কেনেকৈ হ’ব!’ লকডাউনৰ সময়ত আপোনালোকৰ ব্যৱসায় বন্ধ কৰি দিয়া হৈছিল। দৰিদ্ৰ লোকৰ কথা এবাৰে নভবাকৈ মোদীয়ে লকডাউন ঘোষণা কৰিয়েই নিজৰ দায়িত্ব সামৰিলে বুলি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কৰ্টাক্ষ কৰিছে। কৰ্মসংস্থাপন হেৰুৱাই ঘৰলৈ বুলি অহা কৃষত সকলৰো এবাৰ খবৰ নল’লে বুলি অভিযোগ উত্থাপন কৰিছে ছোনীয়া গান্ধীয়ে। নিৰ্বাচনী সভাতে ছোনীয়া গান্ধীয়ে কেন্দ্ৰৰ মোদী চৰকাৰ আৰু উত্তৰ প্ৰদেশৰ যোগী প্ৰশাসনক সমালোচনা কৰে। কৃষক আন্দোলনৰ পৰা আৰম্ভ কৰি মূল্যবৃদ্ধিলৈকে ছোনীয়াই কেন্দ্ৰীয় চৰকাৰৰ সকলো বিষয় স্পৰ্শ কৰিছে। তেওঁ কয় যে, ‘এই নিৰ্বাচন আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিয়নো বিগত পাঁচ বছৰ ধৰি, আপুনি এনে এখন চৰকাৰক সহ্য কৰি আহিছে যিয়ে আপোনাৰ স্বাৰ্থত একো কৰা নাই। তেওঁলোকে কেৱল আপোনালোকৰ মাজত বিভাজনৰ ৰাজনীতিহে কৰিলে। কৃষকেও শ্ৰমৰ উচিৎ মূল্য নাপালে বুলি চৰকাৰক সমালোচনা কৰিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু