--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমানৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিত ধনবলৰ বিপৰীতে কেৱল সততা আৰু ন্যায়নিষ্ঠাকে সাৰথি হিচাপে লৈ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে এগৰাকী প্ৰাৰ্থী৷ হয়, অবিশ্বাস্য যেন লগা তেনে এক দৃশ্যই দেখা গৈছে মণিপুৰত৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এগৰাকী প্ৰাৰ্থীৰ সম্বল মাথোঁ সততা আৰু জনসেৱাৰ অদম্য স্পৃহা৷ ঘৰে ঘৰে প্ৰচাৰ চলাই মণিপুৰৰ ছেকমাই বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এই প্ৰাৰ্থীগৰাকী হৈছে ২৬ বছৰীয়া নিংথৌজাম পপিলাল সিং৷ মণিপুৰৰ একমাত্ৰ অনুসূচীত জাতি সংৰক্ষিত আসনখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সিঙে৷ ভাৰতীয় জাতীয় কংগ্ৰেছে টিকট দিবলৈ অস্বীকাৰ কৰাৰ পাছত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল, চমুকৈ এনচিপিৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হৈছে পপিলাল সিং৷ ভাৰতৰ নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা অনুসৰি নিংথৌজাম পপিলাল সিঙৰ সম্পত্তিৰ পৰিমাণ শূন্য৷ মণিপুৰৰ প্ৰথম পৰ্যায়ৰ ১৭৩জন প্ৰাৰ্থীৰ ভিতৰত ৯১জন প্ৰাৰ্থীয়েই কোটিপতি৷ থলুৱা সুৰাৰ বাবে বিখ্যাত চেকমাইত সিঙৰ সন্মুখত কঠিন যুঁজ হ’ব৷ সিঙৰ উপৰি আন সাতজন প্ৰাৰ্থী সমষ্টিটোত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সিঙে কয়, মই এজন নিবনুৱা স্নাতক। মই মোৰ গাঁৱৰ শিক্ষাৰ্থীসকলক ব্যক্তিগত শিক্ষাদানৰ জৰিয়তে জীৱননিৰ্বাহ কৰোঁ। মোৰ সমষ্টিৰ ভোটাৰসকলে ধনৰ পাছত দৌৰি নাযায়। তেওঁলোকক কোনেও টকাৰে কিনিব নোৱাৰে৷ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত মণিপুৰৰ শাসনাধিষ্ঠিত বিজেপিয়ে আন এটা কাৰ্যকাল জিকিব বিচাৰিছে। মণিপুৰত কংগ্ৰেছকে ধৰি সকলো ৰাজনৈতিক দলৰ বাবে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন প্ৰত্যাহাৰৰ দাবী অন্যতম নিৰ্বাচনী ইচ্ছ্যু হৈ পৰিছে৷ নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা অনুসৰি, সিং মূলত: ইম্ফল পশ্চিমৰ ফায়েং মায়াই লেইকাইৰ বাসিন্দা৷ তেওঁ পেছাত এজন খেতিয়ক আৰু তেওঁৰ উপাৰ্জনৰ কোনো উৎস নাই৷ সিঙে তেওঁৰ শপতনামাত দাবী কৰিছে যে তেওঁৰ হাতত নগদ ধন অথবা কোনো স্থাৱৰ বা স্থাৱৰ সম্পত্তি নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু