--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমানৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিত ধনবলৰ বিপৰীতে কেৱল সততা আৰু ন্যায়নিষ্ঠাকে সাৰথি হিচাপে লৈ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে এগৰাকী প্ৰাৰ্থী৷ হয়, অবিশ্বাস্য যেন লগা তেনে এক দৃশ্যই দেখা গৈছে মণিপুৰত৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এগৰাকী প্ৰাৰ্থীৰ সম্বল মাথোঁ সততা আৰু জনসেৱাৰ অদম্য স্পৃহা৷ ঘৰে ঘৰে প্ৰচাৰ চলাই মণিপুৰৰ ছেকমাই বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এই প্ৰাৰ্থীগৰাকী হৈছে ২৬ বছৰীয়া নিংথৌজাম পপিলাল সিং৷ মণিপুৰৰ একমাত্ৰ অনুসূচীত জাতি সংৰক্ষিত আসনখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সিঙে৷ ভাৰতীয় জাতীয় কংগ্ৰেছে টিকট দিবলৈ অস্বীকাৰ কৰাৰ পাছত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল, চমুকৈ এনচিপিৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হৈছে পপিলাল সিং৷ ভাৰতৰ নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা অনুসৰি নিংথৌজাম পপিলাল সিঙৰ সম্পত্তিৰ পৰিমাণ শূন্য৷ মণিপুৰৰ প্ৰথম পৰ্যায়ৰ ১৭৩জন প্ৰাৰ্থীৰ ভিতৰত ৯১জন প্ৰাৰ্থীয়েই কোটিপতি৷ থলুৱা সুৰাৰ বাবে বিখ্যাত চেকমাইত সিঙৰ সন্মুখত কঠিন যুঁজ হ’ব৷ সিঙৰ উপৰি আন সাতজন প্ৰাৰ্থী সমষ্টিটোত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সিঙে কয়, মই এজন নিবনুৱা স্নাতক। মই মোৰ গাঁৱৰ শিক্ষাৰ্থীসকলক ব্যক্তিগত শিক্ষাদানৰ জৰিয়তে জীৱননিৰ্বাহ কৰোঁ। মোৰ সমষ্টিৰ ভোটাৰসকলে ধনৰ পাছত দৌৰি নাযায়। তেওঁলোকক কোনেও টকাৰে কিনিব নোৱাৰে৷ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত মণিপুৰৰ শাসনাধিষ্ঠিত বিজেপিয়ে আন এটা কাৰ্যকাল জিকিব বিচাৰিছে। মণিপুৰত কংগ্ৰেছকে ধৰি সকলো ৰাজনৈতিক দলৰ বাবে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন প্ৰত্যাহাৰৰ দাবী অন্যতম নিৰ্বাচনী ইচ্ছ্যু হৈ পৰিছে৷ নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামা অনুসৰি, সিং মূলত: ইম্ফল পশ্চিমৰ ফায়েং মায়াই লেইকাইৰ বাসিন্দা৷ তেওঁ পেছাত এজন খেতিয়ক আৰু তেওঁৰ উপাৰ্জনৰ কোনো উৎস নাই৷ সিঙে তেওঁৰ শপতনামাত দাবী কৰিছে যে তেওঁৰ হাতত নগদ ধন অথবা কোনো স্থাৱৰ বা স্থাৱৰ সম্পত্তি নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ