--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘মোদীজী আপুনি ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকৰ শুভচিন্তক নহয়। আপোনাৰ নীতি সলনি কৰক।’ উত্তৰ প্ৰদেশৰ এগৰাকী ব্যৱসায়ীৰ এটা ভিডিঅ’ই এতিয়া দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰ্বাচনী ৰাজনীতিয়ে উত্তাল কৰি ৰখা ৰাজ্যখনত প্ৰধানমন্ত্ৰী মোদীক দোষাৰোপ কৰি ফেচবুক লাইভ কৰাৰ মাজতে আত্মহত্যাৰ চেষ্টা কৰা এগৰাকী ব্যৱসায়ীৰ কাহিনীয়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। পত্নীসহ ব্যৱসায়ীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰে আৰু তেওঁ এতিয়া সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ব্যৱসায়ত ব্যাপক ক্ষতি হোৱাৰ কথা প্ৰকাশ কৰি এনেদৰে আত্মহত্যাৰ চেষ্টা চলাইছিল ব্যৱসায়ীগৰাকীয়ে। উত্তৰ প্ৰদেশৰ বাঘপটৰ এগৰাকী জোতাৰ ব্যৱসায়ী ৰাজীৱ টোমৰৰ এটা ভিডিঅ’ই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁৰ দুই মিনিটীয়া ভিডিঅ’টোত তেওঁ সন্মুখীন হোৱা ব্যৱসায়িক ক্ষতিৰ বাবে প্ৰধানমন্ত্ৰী মোদীক জগৰীয়া কৰে আৰু তেওঁ আত্মহত্যাৰ চেষ্টা চলায়। ভিডিঅ’টোত তেওঁৰ পত্নীয়ে তেওঁক বাধা দিয়াৰ চেষ্টা কৰা দেখা গৈছিল যদিও সেয়া কৰাত তেওঁ ব্যৰ্থ হয়। পাছত তেওঁৰ পত্নীয়েও আত্মহত্যা কৰে। টোমৰৰ এই ভিডিঅ’টোত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইসকলৰ ভিতৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীও আছে। কংগ্ৰেছে আনকি এই ঘটনাক এটা নিৰ্বাচনী ইছ্যু হিচাপে তুলি ধৰাৰ চেষ্টা কৰা দেখা গৈছে। ব্যৱসায়ী টোমৰে ভিডিঅ’টোত চকুপানী টুকি টুকি কয় যে, মই ভাবোঁ মোৰ কথা কোৱাৰ অধিকাৰ আছে। যিমান ধাৰ আছে সকলো পৰিশোধ কৰিম। যদি মোৰ মৃত্যুও হয় তথাপি মই সেয়া পৰিশোধ কৰিম। কিন্তু মই সকলোকে এই অনুৰোধ কৰিছোঁ যে, আপোনালোকে যিমান পাৰে এই ভিডিঅ’ শ্বেয়াৰ কৰক। মই দেশ বিৰোধী নহয়, দেশৰ ওপৰত মোৰ বিশ্বাস আছে। কিন্তু মই মোদী ডাঙৰীয়াক ক’ব বিচাৰোঁ যে, আপুনি ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকৰ শুভ চিন্তক নহয়। আপোনাৰ নীতি সলনি কৰক।’  এই ভিডিঅ’ৰ মাজতে তেওঁ বিহ সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায়। এই দুৰ্ভগীয়া ব্যৱসায়ীজনৰ দুই কণমানি পুত্ৰ সন্তানো আছে। ব্যৱসায়ীজনে অভিযোগ কৰে যে, জিএছটি-এ তেওঁলোকৰ ব্যৱসায়ৰ ক্ষতিসাধন কৰিছে। তেওঁৰ এই লাইভ ভিডিঅ’ চাই থকা কোনো লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে লোকজন আৰু তেওঁৰ পত্নীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰে যদিও টোমৰৰ পত্নী পুনম টোমৰৰ মৃত্যু হয়। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকাই ৰাজীৱ টোমৰৰ আশু আৰোগ্য কামনা কৰে। সাংবাদিকৰ আগত প্ৰিয়ংকাই কয় যে, জিএছটি, বিমুদ্ৰাকৰণ আদি পদক্ষেপে সমগ্ৰ উত্তৰ প্ৰদেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ক্ষতি কৰা আমি লক্ষ্য কৰিছোঁ। লকডাউনে তেওঁলোকক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰি তুলিছে। চৰকাৰ ভুল নীতিৰ বাবে ব্যাপক ক্ষতিৰ সন্মুখীন হৈ এনেদৰে এজন ব্যৱসায়ীয়ে পৰিয়ালসহ আত্মজাহ দিয়াৰ চেষ্টা কৰাৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু