--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘মোদীজী আপুনি ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকৰ শুভচিন্তক নহয়। আপোনাৰ নীতি সলনি কৰক।’ উত্তৰ প্ৰদেশৰ এগৰাকী ব্যৱসায়ীৰ এটা ভিডিঅ’ই এতিয়া দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰ্বাচনী ৰাজনীতিয়ে উত্তাল কৰি ৰখা ৰাজ্যখনত প্ৰধানমন্ত্ৰী মোদীক দোষাৰোপ কৰি ফেচবুক লাইভ কৰাৰ মাজতে আত্মহত্যাৰ চেষ্টা কৰা এগৰাকী ব্যৱসায়ীৰ কাহিনীয়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। পত্নীসহ ব্যৱসায়ীগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰে আৰু তেওঁ এতিয়া সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। ব্যৱসায়ত ব্যাপক ক্ষতি হোৱাৰ কথা প্ৰকাশ কৰি এনেদৰে আত্মহত্যাৰ চেষ্টা চলাইছিল ব্যৱসায়ীগৰাকীয়ে। উত্তৰ প্ৰদেশৰ বাঘপটৰ এগৰাকী জোতাৰ ব্যৱসায়ী ৰাজীৱ টোমৰৰ এটা ভিডিঅ’ই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁৰ দুই মিনিটীয়া ভিডিঅ’টোত তেওঁ সন্মুখীন হোৱা ব্যৱসায়িক ক্ষতিৰ বাবে প্ৰধানমন্ত্ৰী মোদীক জগৰীয়া কৰে আৰু তেওঁ আত্মহত্যাৰ চেষ্টা চলায়। ভিডিঅ’টোত তেওঁৰ পত্নীয়ে তেওঁক বাধা দিয়াৰ চেষ্টা কৰা দেখা গৈছিল যদিও সেয়া কৰাত তেওঁ ব্যৰ্থ হয়। পাছত তেওঁৰ পত্নীয়েও আত্মহত্যা কৰে। টোমৰৰ এই ভিডিঅ’টোত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এইসকলৰ ভিতৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীও আছে। কংগ্ৰেছে আনকি এই ঘটনাক এটা নিৰ্বাচনী ইছ্যু হিচাপে তুলি ধৰাৰ চেষ্টা কৰা দেখা গৈছে। ব্যৱসায়ী টোমৰে ভিডিঅ’টোত চকুপানী টুকি টুকি কয় যে, মই ভাবোঁ মোৰ কথা কোৱাৰ অধিকাৰ আছে। যিমান ধাৰ আছে সকলো পৰিশোধ কৰিম। যদি মোৰ মৃত্যুও হয় তথাপি মই সেয়া পৰিশোধ কৰিম। কিন্তু মই সকলোকে এই অনুৰোধ কৰিছোঁ যে, আপোনালোকে যিমান পাৰে এই ভিডিঅ’ শ্বেয়াৰ কৰক। মই দেশ বিৰোধী নহয়, দেশৰ ওপৰত মোৰ বিশ্বাস আছে। কিন্তু মই মোদী ডাঙৰীয়াক ক’ব বিচাৰোঁ যে, আপুনি ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকৰ শুভ চিন্তক নহয়। আপোনাৰ নীতি সলনি কৰক।’  এই ভিডিঅ’ৰ মাজতে তেওঁ বিহ সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায়। এই দুৰ্ভগীয়া ব্যৱসায়ীজনৰ দুই কণমানি পুত্ৰ সন্তানো আছে। ব্যৱসায়ীজনে অভিযোগ কৰে যে, জিএছটি-এ তেওঁলোকৰ ব্যৱসায়ৰ ক্ষতিসাধন কৰিছে। তেওঁৰ এই লাইভ ভিডিঅ’ চাই থকা কোনো লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে লোকজন আৰু তেওঁৰ পত্নীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰে যদিও টোমৰৰ পত্নী পুনম টোমৰৰ মৃত্যু হয়। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকাই ৰাজীৱ টোমৰৰ আশু আৰোগ্য কামনা কৰে। সাংবাদিকৰ আগত প্ৰিয়ংকাই কয় যে, জিএছটি, বিমুদ্ৰাকৰণ আদি পদক্ষেপে সমগ্ৰ উত্তৰ প্ৰদেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ক্ষতি কৰা আমি লক্ষ্য কৰিছোঁ। লকডাউনে তেওঁলোকক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰি তুলিছে। চৰকাৰ ভুল নীতিৰ বাবে ব্যাপক ক্ষতিৰ সন্মুখীন হৈ এনেদৰে এজন ব্যৱসায়ীয়ে পৰিয়ালসহ আত্মজাহ দিয়াৰ চেষ্টা কৰাৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ