--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যত এতিয়াও অব্যাহত আছে ছিণ্ডিকেট৷ নতুন চৰকাৰ গঠন কৰিয়ে ৰাজ্যত ছিণ্ডিকেটৰাজ বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ কিন্তু, মুখ্যমন্ত্ৰীৰ ঘোষণাক অসাৰ প্ৰতিপন্ন কৰি ছিণ্ডিকেট মাফিয়াই চলাই গৈছে ছিণ্ডিকেটৰাজ৷ গৰু, কয়লা, সাৰ, চুপাৰি, কণী, চোৰাং কাঠ ইত্যাদি ছিণ্ডিকেটে ছানি ধৰিছে অসম৷ অন্ধকাৰ জগতত সংগোপন চলি আছে ছিণ্ডিকেটৰ সাম্ৰাজ্যখন৷ মুখ্যমন্ত্ৰীয়ে ছিণ্ডিকেট বন্ধ কৰিব বুলি কৰা ঘোষণাক চৰম ভ্ৰুকুটি কৰি ছিণ্ডিকেট মাফিয়াৰ দপদপনিয়ে টোপনি হৰিছে ৰাজ্যবাসীৰ৷ অলপতে কাছাৰত ছিণ্ডিকেট চক্ৰৰ পৰা প্ৰশাসনে জব্দ কৰিছে ইউৰিয়া সাৰৰ এক বৃহৎ ভাণ্ডাৰ৷ ইউৰিয়া সাৰৰ বৃহৎ ছিণ্ডিকেট চলি আছে বৰাকত৷ তাৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে সাৰ ছিণ্ডিকেট৷ একেদৰে, গোলকগঞ্জতো জব্দ হৈছিল কয়লাৰ ট্ৰাক৷ কয়লাৰ এক বৃহৎ ছিণ্ডিকেট চলি আছে ৰাজ্যত৷ তিনিচুকীয়া জিলাতো কয়লাৰ উৎস বিচাৰি নিগনিৰ গাঁতত ছিণ্ডিকেট মাফিয়াই খনন চলোৱাৰ তথ্য পোহৰলৈ আহিছিল৷ কাৰ্বি আংলঙতো ছিণ্ডিকেট চক্ৰৰ পৰা জব্দ কৰা হৈছিল চোৰাং কাঠ৷ সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি ছিণ্ডিকেট মাফিয়াই চলাই গৈছে কাঠৰ ছিণ্ডিকেট৷ উল্লেখযোগ্য যে, ৰাজ্যত গোপনে চলি থকা এই ছিণ্ডিকেটৰাজৰ ৯০ শতাংশৰ তথ্যহে পোহৰলৈ আহিছে৷ বাকী ১০ শতাংশই এতিয়াও গোপনে চলাই গৈছে ছিণ্ডিকেটৰ ক’লা বেহা৷ ইতিমধ্যে, গ্ৰেপ্তাৰ হোৱা অথবা অভিযুক্ত প্ৰায়সংখ্যক ছিণ্ডিকেট মাফিয়াৰে অসমৰ শাসকীয় দলৰ সৈতে ঘনিষ্ঠতা থকাৰ তথ্যও পোহৰলৈ আহিছে৷ শাসকীয় দল আৰু চৰকাৰৰ প্ৰায়সংখ্যক নেতা-মন্ত্ৰীৰেই ছিণ্ডিকেট মাফিয়াৰে মধুৰ সম্পৰ্কৰ বিষয়ে ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চা চলিছে৷ তাৰ মাজতেই আমাৰ হাতত আহি পৰিছে কেইখনমান বিস্ফোৰক আলোকচিত্ৰ৷ ৭ ফেব্ৰুৱাৰীৰ নিশা নতুন দিল্লীত জনৈক মজুমদাৰ উপাধিৰ এগৰাকী চুপাৰি ছিণ্ডিকেটৰ মাফিয়াই এক নৈশভোজৰ আয়োজন কৰিছিল৷ য’ত শাসক দলৰ কেইবাগৰাকীও বিয়োগোম নেতাই অংশগ্ৰহণ কৰিছিল৷ এইসকল বিয়াগোম নেতাৰে চুপাৰি ছিণ্ডিকেটৰ মাফিয়াগৰাকীৰ নৈশভোজৰ আলোকচিত্ৰই এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে৷ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এইসমূহ আলোকচিত্ৰ৷ অসমৰ শাসকীয় দলৰ বিয়াগোম নেতাৰ ছিণ্ডিকেট মাফিয়াৰে এনে হলিগলি আৰু নৈশভোজ পৰ্যন্তত অংশগ্ৰহণৰ আলোকচিত্ৰই ছিণ্ডিকেট মাফিয়াৰে চৰকাৰ আৰু শাসকীয় দলৰ ঘনিষ্ঠতাৰ সৰ্বোচ্চ প্ৰমাণ হিচাপে বিবেচিত হৈছে৷ যিখন ৰাজ্যত শাসকীয় দলৰ বৰ বৰ নেতাই ছিণ্ডিকেট মাফিয়াৰে ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰি ৰখাৰ বাবে সম্পৰ্ক চলাই ৰাখে, সেইখন ৰাজ্যত ছিণ্ডিকেটৰাজ বন্ধ হ’ব বুলি ভবাতো সুদূৰপৰাহত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু