--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যত এতিয়াও অব্যাহত আছে ছিণ্ডিকেট৷ নতুন চৰকাৰ গঠন কৰিয়ে ৰাজ্যত ছিণ্ডিকেটৰাজ বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ কিন্তু, মুখ্যমন্ত্ৰীৰ ঘোষণাক অসাৰ প্ৰতিপন্ন কৰি ছিণ্ডিকেট মাফিয়াই চলাই গৈছে ছিণ্ডিকেটৰাজ৷ গৰু, কয়লা, সাৰ, চুপাৰি, কণী, চোৰাং কাঠ ইত্যাদি ছিণ্ডিকেটে ছানি ধৰিছে অসম৷ অন্ধকাৰ জগতত সংগোপন চলি আছে ছিণ্ডিকেটৰ সাম্ৰাজ্যখন৷ মুখ্যমন্ত্ৰীয়ে ছিণ্ডিকেট বন্ধ কৰিব বুলি কৰা ঘোষণাক চৰম ভ্ৰুকুটি কৰি ছিণ্ডিকেট মাফিয়াৰ দপদপনিয়ে টোপনি হৰিছে ৰাজ্যবাসীৰ৷ অলপতে কাছাৰত ছিণ্ডিকেট চক্ৰৰ পৰা প্ৰশাসনে জব্দ কৰিছে ইউৰিয়া সাৰৰ এক বৃহৎ ভাণ্ডাৰ৷ ইউৰিয়া সাৰৰ বৃহৎ ছিণ্ডিকেট চলি আছে বৰাকত৷ তাৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে সাৰ ছিণ্ডিকেট৷ একেদৰে, গোলকগঞ্জতো জব্দ হৈছিল কয়লাৰ ট্ৰাক৷ কয়লাৰ এক বৃহৎ ছিণ্ডিকেট চলি আছে ৰাজ্যত৷ তিনিচুকীয়া জিলাতো কয়লাৰ উৎস বিচাৰি নিগনিৰ গাঁতত ছিণ্ডিকেট মাফিয়াই খনন চলোৱাৰ তথ্য পোহৰলৈ আহিছিল৷ কাৰ্বি আংলঙতো ছিণ্ডিকেট চক্ৰৰ পৰা জব্দ কৰা হৈছিল চোৰাং কাঠ৷ সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি ছিণ্ডিকেট মাফিয়াই চলাই গৈছে কাঠৰ ছিণ্ডিকেট৷ উল্লেখযোগ্য যে, ৰাজ্যত গোপনে চলি থকা এই ছিণ্ডিকেটৰাজৰ ৯০ শতাংশৰ তথ্যহে পোহৰলৈ আহিছে৷ বাকী ১০ শতাংশই এতিয়াও গোপনে চলাই গৈছে ছিণ্ডিকেটৰ ক’লা বেহা৷ ইতিমধ্যে, গ্ৰেপ্তাৰ হোৱা অথবা অভিযুক্ত প্ৰায়সংখ্যক ছিণ্ডিকেট মাফিয়াৰে অসমৰ শাসকীয় দলৰ সৈতে ঘনিষ্ঠতা থকাৰ তথ্যও পোহৰলৈ আহিছে৷ শাসকীয় দল আৰু চৰকাৰৰ প্ৰায়সংখ্যক নেতা-মন্ত্ৰীৰেই ছিণ্ডিকেট মাফিয়াৰে মধুৰ সম্পৰ্কৰ বিষয়ে ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চা চলিছে৷ তাৰ মাজতেই আমাৰ হাতত আহি পৰিছে কেইখনমান বিস্ফোৰক আলোকচিত্ৰ৷ ৭ ফেব্ৰুৱাৰীৰ নিশা নতুন দিল্লীত জনৈক মজুমদাৰ উপাধিৰ এগৰাকী চুপাৰি ছিণ্ডিকেটৰ মাফিয়াই এক নৈশভোজৰ আয়োজন কৰিছিল৷ য’ত শাসক দলৰ কেইবাগৰাকীও বিয়োগোম নেতাই অংশগ্ৰহণ কৰিছিল৷ এইসকল বিয়াগোম নেতাৰে চুপাৰি ছিণ্ডিকেটৰ মাফিয়াগৰাকীৰ নৈশভোজৰ আলোকচিত্ৰই এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে৷ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এইসমূহ আলোকচিত্ৰ৷ অসমৰ শাসকীয় দলৰ বিয়াগোম নেতাৰ ছিণ্ডিকেট মাফিয়াৰে এনে হলিগলি আৰু নৈশভোজ পৰ্যন্তত অংশগ্ৰহণৰ আলোকচিত্ৰই ছিণ্ডিকেট মাফিয়াৰে চৰকাৰ আৰু শাসকীয় দলৰ ঘনিষ্ঠতাৰ সৰ্বোচ্চ প্ৰমাণ হিচাপে বিবেচিত হৈছে৷ যিখন ৰাজ্যত শাসকীয় দলৰ বৰ বৰ নেতাই ছিণ্ডিকেট মাফিয়াৰে ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰি ৰখাৰ বাবে সম্পৰ্ক চলাই ৰাখে, সেইখন ৰাজ্যত ছিণ্ডিকেটৰাজ বন্ধ হ’ব বুলি ভবাতো সুদূৰপৰাহত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক