--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী কন্যা সীমা হাইদৰে যোৱা বছৰ প্ৰেমৰ বাবেই চাৰিটা সন্তানৰ সৈতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। জেললৈও যাবলগীয়া হৈছিল। সেই সীমাৰ সন্মুখত শুনা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসা। মোডী চৰকাৰে CAA কাৰ্যকৰী কৰাৰ সিদ্ধান্তক আদৰণি জনাই তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে নিজৰ কথা পালন কৰিলে।

তেওঁ দাবী কৰে যে CAA ৰূপায়ণে ভাৰতৰ নাগৰিকত্ব লাভ কৰাত সহায় কৰিব। যদিও সীমাই CAA ৰ পৰা প্ৰত্যক্ষ সাহায্য নাপাব। কাৰণ, নাগৰিকত্ব সংশোধনী আইন (CAA) অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বাবে এই দেশলৈ অহা শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব দিয়া হ’ব। সেই দেশৰ পৰা অহা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ কথা CAA ত উল্লেখ আছে।

যিহেতু সীমা ২০১৪ চনৰ পিছত ভাৰতলৈ আহিছিল আৰু তেতিয়া মুছলমান আছিল, সেয়েহে CAA ৰ অধীনত সুবিধা পোৱাৰ কোনো সম্ভাৱনা নাই। যদিও মোডী চৰকাৰৰ সিদ্ধান্তত সুখী। সংবাদ মাধ্যমত তেওঁ কয় যে ভাৰত চৰকাৰে আজি আমাৰ দেশত CAA ৰূপায়ণ কৰিছে। ইয়াৰ বাবে আমি অতি সুখী আৰু ইয়াৰ বাবে চৰকাৰক অভিনন্দন জনাইছো। সঁচাকৈয়ে মোডীজীয়ে যি প্ৰতিশ্ৰুতি দিছিল তাকেই কৰিলে। মই গোটেই জীৱন তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু