--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী কন্যা সীমা হাইদৰে যোৱা বছৰ প্ৰেমৰ বাবেই চাৰিটা সন্তানৰ সৈতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। জেললৈও যাবলগীয়া হৈছিল। সেই সীমাৰ সন্মুখত শুনা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসা। মোডী চৰকাৰে CAA কাৰ্যকৰী কৰাৰ সিদ্ধান্তক আদৰণি জনাই তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে নিজৰ কথা পালন কৰিলে।

তেওঁ দাবী কৰে যে CAA ৰূপায়ণে ভাৰতৰ নাগৰিকত্ব লাভ কৰাত সহায় কৰিব। যদিও সীমাই CAA ৰ পৰা প্ৰত্যক্ষ সাহায্য নাপাব। কাৰণ, নাগৰিকত্ব সংশোধনী আইন (CAA) অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বাবে এই দেশলৈ অহা শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব দিয়া হ’ব। সেই দেশৰ পৰা অহা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ কথা CAA ত উল্লেখ আছে।

যিহেতু সীমা ২০১৪ চনৰ পিছত ভাৰতলৈ আহিছিল আৰু তেতিয়া মুছলমান আছিল, সেয়েহে CAA ৰ অধীনত সুবিধা পোৱাৰ কোনো সম্ভাৱনা নাই। যদিও মোডী চৰকাৰৰ সিদ্ধান্তত সুখী। সংবাদ মাধ্যমত তেওঁ কয় যে ভাৰত চৰকাৰে আজি আমাৰ দেশত CAA ৰূপায়ণ কৰিছে। ইয়াৰ বাবে আমি অতি সুখী আৰু ইয়াৰ বাবে চৰকাৰক অভিনন্দন জনাইছো। সঁচাকৈয়ে মোডীজীয়ে যি প্ৰতিশ্ৰুতি দিছিল তাকেই কৰিলে। মই গোটেই জীৱন তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ