--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিজেপি নেতা নায়াব সিং চাইনী আজি হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে। নাটকীয় পৰিস্থিতিত ৰাজ্য খনৰ মুখ্যমন্ত্ৰী মনোহৰ লালাল খট্টাৰে পদত্যাগ কৰাৰ পিছতে চাইনীয়ে তেওঁৰ ঠাইত মুখ্যমন্ত্ৰী হিচাবে শপত লয়।  দিনজোৰা নাটকৰ সমাপ্তি ঘটাই ৰাজ ভৱনত চাইনীয়ে শপত গ্ৰহণ কৰে। হাৰিয়ানাৰ ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়ই চাইনী আৰু নতুন মন্ত্ৰীসকলক শপত গ্ৰহণ কৰোৱায়।

 হাৰিয়ানা বিধান সভাৰ অধ্যক্ষ বিজেপি বিধায়ক কানৱাৰ পাল গুজ্জৰ আৰু পূৰ্বৰ চৰকাৰৰ পৰিবহন মন্ত্ৰী মূলচান্দ শৰ্মায়ো মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। চাইনী চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা আন বিধায়কসকলৰ ভিতৰত আছে ৰঞ্জিত সিং (নিৰ্দলীয় বিধায়ক), জয় প্ৰকাশ দালাল (বিজেপি) আৰু ড০ বনৱাৰী লাল (বিজেপি)। দালাল খট্টাৰ চৰকাৰত কৃষি আৰু কৃষক কল্যাণ, পশু পালন তথা  দুগ্ধপালনস মীন পালন আৰু আইন মন্ত্ৰী আছিল।

 আজি পুৱাই হাৰিয়ানাৰ মুখ্যমন্ত্ৰী, মনোহৰ লাল খট্টৰে তেওঁৰ মন্ত্ৰীসভাৰ সৈতে ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়লৈ তেওঁলোকৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল। , শপতগ্ৰহণ অনুষ্ঠানৰ পূৰ্বে বিজেপিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়,  য'ত বিজেপিৰ ৪১ গৰাকী বিধায়কেই  উপস্থিত আছিল। বৈঠকত তৰুণ চুগ, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু দলটোৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত বিপ্লৱ কুমাৰ দেৱৰ দৰে ব্যক্তিসকলো উপস্থিত থাকে । বিজেপি নেতৃত্বাধীন চৰকাৰক সমৰ্থন কৰা পাঁচজন নিৰ্দলীয় বিধায়ক আৰু এইচএলপিৰ গোপাল কান্দাৰ সৈতেও আলোচনা অনুষ্ঠিত হৈছিল। 

৯০ জনীয়া হাৰিয়ানা বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ৪৬। বিজেপি, ইয়াৰ ৪১ জন বিধায়ক আৰু ছয়জন নিৰ্দলীয় বিধায়কৰ সমৰ্থন   আছে। একমাত্ৰ এইচএলপি বিধায়ক গোপাল কান্দাইও বিজেপিক সমৰ্থন কৰিছে। যদি জেজেপিয়ে সমৰ্থন  প্ৰত্যাহাৰ কৰে তেন্তে  বিজেপিয়ে এতিয়াও ৪৮  জন বিধায়কৰ সমৰ্থন লাভ কৰি থাকিব।  বিধানসভাখনত ৩০ জন কংগ্ৰেছ বিধায়ক আৰু জেজেপিৰ ১০ জন বিধায়ক আছে। ইয়াৰ উপৰি আইএনএলডিৰ এজন বিধায়ক আৰু আন এজন নিৰ্দলীয়  বিধায়ক আছে। বিজেপি চৰকাৰক সমৰ্থন কৰা  ছজন নিৰ্দলীয় বিধায়ক হৈছে: নয়ন পাল ৰাৱট, ধৰমপাল গোণ্ডাৰ, ৰণধীৰ সিং গোলান, ৰাকেশ দল্টাবাদ, ৰঞ্জিত সিং, সোমবীৰ চাংৱান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ