--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিজেপি নেতা নায়াব সিং চাইনী আজি হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰে। নাটকীয় পৰিস্থিতিত ৰাজ্য খনৰ মুখ্যমন্ত্ৰী মনোহৰ লালাল খট্টাৰে পদত্যাগ কৰাৰ পিছতে চাইনীয়ে তেওঁৰ ঠাইত মুখ্যমন্ত্ৰী হিচাবে শপত লয়।  দিনজোৰা নাটকৰ সমাপ্তি ঘটাই ৰাজ ভৱনত চাইনীয়ে শপত গ্ৰহণ কৰে। হাৰিয়ানাৰ ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়ই চাইনী আৰু নতুন মন্ত্ৰীসকলক শপত গ্ৰহণ কৰোৱায়।

 হাৰিয়ানা বিধান সভাৰ অধ্যক্ষ বিজেপি বিধায়ক কানৱাৰ পাল গুজ্জৰ আৰু পূৰ্বৰ চৰকাৰৰ পৰিবহন মন্ত্ৰী মূলচান্দ শৰ্মায়ো মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। চাইনী চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা আন বিধায়কসকলৰ ভিতৰত আছে ৰঞ্জিত সিং (নিৰ্দলীয় বিধায়ক), জয় প্ৰকাশ দালাল (বিজেপি) আৰু ড০ বনৱাৰী লাল (বিজেপি)। দালাল খট্টাৰ চৰকাৰত কৃষি আৰু কৃষক কল্যাণ, পশু পালন তথা  দুগ্ধপালনস মীন পালন আৰু আইন মন্ত্ৰী আছিল।

 আজি পুৱাই হাৰিয়ানাৰ মুখ্যমন্ত্ৰী, মনোহৰ লাল খট্টৰে তেওঁৰ মন্ত্ৰীসভাৰ সৈতে ৰাজ্যপাল বান্দাৰু দত্তাত্ৰেয়লৈ তেওঁলোকৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল। , শপতগ্ৰহণ অনুষ্ঠানৰ পূৰ্বে বিজেপিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়,  য'ত বিজেপিৰ ৪১ গৰাকী বিধায়কেই  উপস্থিত আছিল। বৈঠকত তৰুণ চুগ, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু দলটোৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত বিপ্লৱ কুমাৰ দেৱৰ দৰে ব্যক্তিসকলো উপস্থিত থাকে । বিজেপি নেতৃত্বাধীন চৰকাৰক সমৰ্থন কৰা পাঁচজন নিৰ্দলীয় বিধায়ক আৰু এইচএলপিৰ গোপাল কান্দাৰ সৈতেও আলোচনা অনুষ্ঠিত হৈছিল। 

৯০ জনীয়া হাৰিয়ানা বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ৪৬। বিজেপি, ইয়াৰ ৪১ জন বিধায়ক আৰু ছয়জন নিৰ্দলীয় বিধায়কৰ সমৰ্থন   আছে। একমাত্ৰ এইচএলপি বিধায়ক গোপাল কান্দাইও বিজেপিক সমৰ্থন কৰিছে। যদি জেজেপিয়ে সমৰ্থন  প্ৰত্যাহাৰ কৰে তেন্তে  বিজেপিয়ে এতিয়াও ৪৮  জন বিধায়কৰ সমৰ্থন লাভ কৰি থাকিব।  বিধানসভাখনত ৩০ জন কংগ্ৰেছ বিধায়ক আৰু জেজেপিৰ ১০ জন বিধায়ক আছে। ইয়াৰ উপৰি আইএনএলডিৰ এজন বিধায়ক আৰু আন এজন নিৰ্দলীয়  বিধায়ক আছে। বিজেপি চৰকাৰক সমৰ্থন কৰা  ছজন নিৰ্দলীয় বিধায়ক হৈছে: নয়ন পাল ৰাৱট, ধৰমপাল গোণ্ডাৰ, ৰণধীৰ সিং গোলান, ৰাকেশ দল্টাবাদ, ৰঞ্জিত সিং, সোমবীৰ চাংৱান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু