--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশৰ বিৰোধী দল কংগ্ৰেছক আক্ৰমণৰ কেন্দ্ৰ হিচাপে লৈছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই দাবী কৰে যে তেওঁলোক নতুন মোগল, নতুন ভাৰতক দুৰ্বল কৰিবলৈ কাম কৰি আছে।

কৰ্ণাটকৰ বেলাগাৱীত এক নিৰ্বাচনী সমাৱেশক সম্বোধন কৰি ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে,"এসময়ত দিল্লীৰ শাসকে মন্দিৰ ভাঙি পেলোৱাৰ কথা কৈছিল কিন্তু আজি প্ৰধানমন্ত্ৰী মোডীৰ শাসনত মই মন্দিৰ নিৰ্মাণৰ কথা কৈছো। এয়া হৈছে নতুন ভাৰত। কংগ্ৰেছে এই নতুন ভাৰতক দুৰ্বল কৰিবলৈ কাম কৰি আছে। কংগ্ৰেছে আজিৰ দিনৰ নতুন মোগলক প্ৰতিনিধিত্ব কৰিছে।"

ড° হিমন্ত বিশ্ব শৰ্মাই লগতে দাবী কৰে যে কংগ্ৰেছ আৰু সাম্যবাদীসকলে দেখুৱাইছে যে ভাৰতৰ ইতিহাস কেৱল মোগল সম্ৰাট বাবৰ, ঔৰঙ্গজেব আৰু শ্বাহজাহানক লৈহে সৃষ্টি হৈছে৷

কংগ্ৰেছ আৰু কমিউনিষ্টসকলে দেখুৱাইছিল যে ভাৰতৰ ইতিহাস বাবৰ, ঔৰঙ্গজেব আৰু শ্বাহজাহানৰ বিষয়েহে আছিল। কিন্তু ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে "ভাৰতৰ ইতিহাস মোগলৰ বিষয়ে নহয়, বৰঞ্চ ভাৰতীয় ইতিহাস ছত্ৰপতি শিৱাজী মহাৰাজ, গুৰু গোবিন্দ সিঙৰ বিষয়েহে আছিল," 

ড° শৰ্মাই লগতে উল্লেখ কৰে যে,"দক্ষিণ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চল কেতিয়াও ঔৰঙ্গজেবৰ শাসনৰ অধীনত নাছিল কিন্তু সাম্যবাদী বুৰঞ্জীবিদসকলে দেখুৱাবলৈ চেষ্টা কৰে যে সমগ্ৰ ভাৰত ঔৰঙ্গজেবৰ নিয়ন্ত্ৰণত আছিল। এই ইতিহাস আমি নামানো৷আজি আমি এক নতুন ইতিহাস লিখিব লাগিব,"৷

ইতিহাসৰ ওপৰত পোহৰ পেলাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, "ঔৰঙ্গজেৱে আমাৰ 'সনাতন' সংস্কৃতি ধ্বংস কৰিবলৈ সক্ষম হোৱা নাছিল। আজিৰ নতুন ভাৰতত 'সনাতন' আৰু হিন্দু আৰু থাকিব,আমাৰ অস্তিত্ব কেতিয়াও বিপন্ন নহয়৷"

ড° শৰ্মাই সভা উপস্থিত ৰাইজক সম্বোধি কয় যে,"ঔৰঙ্গজেবৰ শাসনকালত 'সনাতন' সংস্কৃতিৰ সমাপ্তিৰ চেষ্টা কৰা হৈছিল আৰু বহুলোকক বলপূৰ্বক ভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰা হৈছিল। সেই সময়ত ছত্ৰপতি শিৱাজী মহাৰাজে জন্ম গ্ৰহণ কৰিছিল আৰু তেওঁ দেখুৱাইছিল যে ভাৰত মাতাই তেওঁৰ দৰে পুত্ৰৰ জন্ম দিব পাৰে যি ঔৰঙ্গজেৱক প্ৰত্যাহ্বান জনাব পাৰে৷"

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কৰ্ণাটকত উপস্থিত হোৱা ড° হিমন্ত বিশ্ব শৰ্মাই কয়ে "মই ৬০০ খন মাদ্ৰাছা বন্ধ কৰিছো আৰু মই সকলো মাদ্ৰাছা বন্ধ কৰিব বিচাৰো কাৰণ আমি মাদ্ৰাছা বিচৰা নাই। আমি বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বিচাৰো৷"

উল্লেখযোগ্য যে,চলিত বৰ্ষৰ মে মাহৰ পূৰ্বে কৰ্ণাটক বিধানসভাৰ ২২৪খন আসনৰ বাবে প্ৰতিদ্বন্দ্বীতা আৰম্ভ হ’ব৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ