--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশৰ বিৰোধী দল কংগ্ৰেছক আক্ৰমণৰ কেন্দ্ৰ হিচাপে লৈছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই দাবী কৰে যে তেওঁলোক নতুন মোগল, নতুন ভাৰতক দুৰ্বল কৰিবলৈ কাম কৰি আছে।

কৰ্ণাটকৰ বেলাগাৱীত এক নিৰ্বাচনী সমাৱেশক সম্বোধন কৰি ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে,"এসময়ত দিল্লীৰ শাসকে মন্দিৰ ভাঙি পেলোৱাৰ কথা কৈছিল কিন্তু আজি প্ৰধানমন্ত্ৰী মোডীৰ শাসনত মই মন্দিৰ নিৰ্মাণৰ কথা কৈছো। এয়া হৈছে নতুন ভাৰত। কংগ্ৰেছে এই নতুন ভাৰতক দুৰ্বল কৰিবলৈ কাম কৰি আছে। কংগ্ৰেছে আজিৰ দিনৰ নতুন মোগলক প্ৰতিনিধিত্ব কৰিছে।"

ড° হিমন্ত বিশ্ব শৰ্মাই লগতে দাবী কৰে যে কংগ্ৰেছ আৰু সাম্যবাদীসকলে দেখুৱাইছে যে ভাৰতৰ ইতিহাস কেৱল মোগল সম্ৰাট বাবৰ, ঔৰঙ্গজেব আৰু শ্বাহজাহানক লৈহে সৃষ্টি হৈছে৷

কংগ্ৰেছ আৰু কমিউনিষ্টসকলে দেখুৱাইছিল যে ভাৰতৰ ইতিহাস বাবৰ, ঔৰঙ্গজেব আৰু শ্বাহজাহানৰ বিষয়েহে আছিল। কিন্তু ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে "ভাৰতৰ ইতিহাস মোগলৰ বিষয়ে নহয়, বৰঞ্চ ভাৰতীয় ইতিহাস ছত্ৰপতি শিৱাজী মহাৰাজ, গুৰু গোবিন্দ সিঙৰ বিষয়েহে আছিল," 

ড° শৰ্মাই লগতে উল্লেখ কৰে যে,"দক্ষিণ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চল কেতিয়াও ঔৰঙ্গজেবৰ শাসনৰ অধীনত নাছিল কিন্তু সাম্যবাদী বুৰঞ্জীবিদসকলে দেখুৱাবলৈ চেষ্টা কৰে যে সমগ্ৰ ভাৰত ঔৰঙ্গজেবৰ নিয়ন্ত্ৰণত আছিল। এই ইতিহাস আমি নামানো৷আজি আমি এক নতুন ইতিহাস লিখিব লাগিব,"৷

ইতিহাসৰ ওপৰত পোহৰ পেলাই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, "ঔৰঙ্গজেৱে আমাৰ 'সনাতন' সংস্কৃতি ধ্বংস কৰিবলৈ সক্ষম হোৱা নাছিল। আজিৰ নতুন ভাৰতত 'সনাতন' আৰু হিন্দু আৰু থাকিব,আমাৰ অস্তিত্ব কেতিয়াও বিপন্ন নহয়৷"

ড° শৰ্মাই সভা উপস্থিত ৰাইজক সম্বোধি কয় যে,"ঔৰঙ্গজেবৰ শাসনকালত 'সনাতন' সংস্কৃতিৰ সমাপ্তিৰ চেষ্টা কৰা হৈছিল আৰু বহুলোকক বলপূৰ্বক ভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰা হৈছিল। সেই সময়ত ছত্ৰপতি শিৱাজী মহাৰাজে জন্ম গ্ৰহণ কৰিছিল আৰু তেওঁ দেখুৱাইছিল যে ভাৰত মাতাই তেওঁৰ দৰে পুত্ৰৰ জন্ম দিব পাৰে যি ঔৰঙ্গজেৱক প্ৰত্যাহ্বান জনাব পাৰে৷"

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কৰ্ণাটকত উপস্থিত হোৱা ড° হিমন্ত বিশ্ব শৰ্মাই কয়ে "মই ৬০০ খন মাদ্ৰাছা বন্ধ কৰিছো আৰু মই সকলো মাদ্ৰাছা বন্ধ কৰিব বিচাৰো কাৰণ আমি মাদ্ৰাছা বিচৰা নাই। আমি বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বিচাৰো৷"

উল্লেখযোগ্য যে,চলিত বৰ্ষৰ মে মাহৰ পূৰ্বে কৰ্ণাটক বিধানসভাৰ ২২৪খন আসনৰ বাবে প্ৰতিদ্বন্দ্বীতা আৰম্ভ হ’ব৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু