--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক মহানগৰীৰ হোটেল লিলিত অনুষ্ঠিত হয়। বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃত্বকলৈ এই বৈঠক অনুষ্ঠিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ উদ্যোগত। ৰাজ্যখনৰ ১০ টা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধি বৈঠকত উপস্থিত থাকে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ লগতে বিজেপিৰ বিৰুদ্ধে সন্মিলিতভাৱে আগবঢ়াৰ সিদ্ধান্ত লোৱা হয় বৈঠকখনত। 

অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত আলোচনা কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কত দল কেইটাৰ নেতৃত্বই ৰণকৌশল তৈয়াৰ কৰে। ইয়াৰ লগতে বৈঠকত উপস্থিত থকা ১০ টা বিৰোধী ৰাজনৈতিক দলে অহা ৯ এপ্ৰিলত গুৱাহাটীত উমৈহতীয়াভাৱে ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই বৈঠকত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, কাৰ্য্যকৰী সভাপতিদ্বয় জাকিৰ হুছেইন শিকদাৰ, ৰাণা গোস্বামী, বিধায়ক ভৰত চন্দ্ৰ নৰহ, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, অসম জাতীয় পৰিষদৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা, চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি ১০ টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব উপস্থিত থাকে। আহ্বায়ক ভূপেন বৰাই বৈঠকত বিৰোধীৰ এক সঠিক ৰণনীতি প্ৰস্তুত কৰাত সফল হোৱা বুলি দাবী কৰে। 

উল্লেখ্য যে এই গুৰুত্বপূৰ্ণ ৰাজনৈতিক বৈঠকত দেখা নগ’ল আম আদমী পাৰ্টি, তৃণমূল কংগ্ৰেছ আৰু এআইইউডিএফক। বিৰোধী ৰাজনৈতিক দলৰ এই বৈঠকত আপ, এআইডিইউএফ আৰু তৃণমূল কংগ্ৰেছৰ দৰে আগশাৰীৰ ৰাজনৈতিক দলে স্থান নোপোৱাটো তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক