--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ‘অবাধ্য’ ক্ৰিকেটাৰৰ সংখ্যা। ঈশান কিষাণ আৰু শ্ৰেয়াছ আয়াৰক বিগত সময়ত বিভিন্ন অপৰাধৰ বাবে শাস্তি প্ৰদান কৰা হৈছিল। তাৰ আগতে ৰিয়ান পৰাগক জাতীয় দলৰ পৰা বাদ দিয়া হৈছিল। ৰিয়ানে জনাই দিছে যে তেওঁক চম্ভালিব পৰাটো সহজ কাম নহয়। 

দেওবাৰে লক্ষ্ণৌৰ বিৰুদ্ধে ৰাজস্থানৰ জয়ত ৰিয়ানে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেওঁ ২৯টা বলত ৪৩ ৰানৰ ইনিংছ খেলিছিল। বিগত সময়ত বিভিন্ন কাৰণত খেলপথাৰত বিতৰ্কৰ সৃষ্টি কৰা ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘মই যি কৰো সেয়া কঠোৰ পৰিশ্ৰমৰ জৰিয়তে শিকিব লাগিব। কোনোবাই যদি মোৰ বিষয়ে ভাল কথা কয়, তেন্তে মই মাত্ৰ সেইটোৱেই মনত ৰাখোঁ। বাকী সকলো বাহিৰৰ শব্দ। মোৰ দৰে ক্ৰিকেটাৰ এজনক চম্ভালিবলৈ সহজ নহয়। মোৰ চৰিত্ৰ বেলেগ। মই বেলেগ ধৰণে কাম কৰো। বিপদৰ সময়ত ৰাজস্থান মোৰ কাষত থিয় দিয়ে। আশাকৰোঁ মই তেওঁলোকৰ আস্থা ঘূৰাই দিব পাৰিম।"

তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ বাহিৰৰ কোনো কথা নুশুনে। ৰিয়ানৰ ভাষাত, “মই ভালদৰে প্ৰস্তুত আৰু প্ৰতিদিনে মোৰ শ্ৰেষ্ঠখিনি দিবলৈ সাজু, তেন্তে মই সুখী। বহুতে মোৰ বিষয়ে বহু কথা কয়। মোৰ বিষয়ে বহু কথা কোৱা হয়। কিন্তু একো শুনা নাই। মই যি কৰিব লাগে তাকেই কৰি লওঁ।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ