--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৌমাখিৰ আক্ৰমণত মৃত্যু এগৰাকী মহিলাৰ। মটৰ খেতিত পহৰা দি থাকোতে অতৰ্কিতে মৌমাখিৰ এটা জাকে আক্ৰমণ কৰে মহিলাগৰাকীক। মহিলাগৰাকীৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ স্বামী গুৰুতৰভাৱে আহত হয়। 

উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ টিছা খানাপুৰ গাঁৱত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। মৌমাখিৰ জাকে মৌমাখিৰ খেতি পহৰা দি থকা অৱস্থাত এগৰাকী বৃদ্ধা মহিলাৰ মৃত্যু হোৱাৰ লগতে স্বামী গুৰুতৰভাৱে আহত হয়। 

বৰেলী জিলা চিকিৎসালয়ত চিকিৎসাৰ সময়ত গোবিন্দ (৬৫) নামৰ মহিলাগৰাকীয়ে মৃত্যুক সাৱটি লয়, আনহাতে স্বামী হীৰালাল (৭০) চিকিৎসাধীন হৈ আছে।

মৌমাখিয়ে মহিলাগৰাকীক আক্ৰমণ কৰে আৰু মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ যাওঁতে তেওঁৰ স্বামীও আক্ৰমণৰ বলি হয়। দুয়োকে গাঁৱৰ একাংশ লোকে উদ্ধাৰ কৰাৰ পূৰ্বেই গুৰুতৰভাৱে আহত হয়। 

স্থানীয় যুৱক সুৰজ কুমাৰে জনোৱা মতে, মৌমাখিৰ জাকটোৱে এই দম্পতীক আক্ৰমণ কৰে আৰু আক্ৰমণ ইমানেই দ্ৰুত যে তেওঁলোকৰ গোটেই শৰীৰত কেইবাবাৰো কামুৰি গুৰুতৰভাৱে আহত কৰে।

স্থানীয় সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় দুয়োকে। তাৰ পৰাই মহিলাগৰাকীক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় যদিও তেওঁৰ হৈ মৃত্যু হয়। 

উল্লেখ্য যে ২০২৩ চনৰ ৮ ডিচেম্বৰত লক্ষ্ণৌৰ সমীপৰ বাৰাবাংকি জিলাৰ ছিৰৌলি গৌছপুৰ অঞ্চলত অনুৰূপ মৌমাখিৰ আক্ৰমণত ৬ জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছিল। শিৰৌলি গৌছপুৰ যুটীয়া চিকিৎসালয়ৰ এখন আৱাসিক চৌহদৰ সীমা দেৱাল নিৰ্মাণ কৰি থকা অৱস্থাত নির্মাণ স্থানৰ সমীপৰ এটা মৌচাকত একাংশ ল’ৰা-ছোৱালীয়ে শিলগুটি নিক্ষেপ কৰাৰ ফলত এই ঘটনা ঘটিছিল।

চিকিৎসকৰ ভাষ্য অনুসৰি কদো, বৰলে কামুৰিলে আক্ৰান্ত ঠাইত ভিনেগাৰ লগাব লাগে আৰু মৌ মাখিয়ে কামুৰিলে বেকিং চোডা ব্যৱহাৰ কৰিব লাগে। এই দুয়োটা বস্তু আমাৰ পাকঘৰত বা স্থানীয়ভাৱে বজাৰত উপলব্ধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ