--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৌমাখিৰ আক্ৰমণত মৃত্যু এগৰাকী মহিলাৰ। মটৰ খেতিত পহৰা দি থাকোতে অতৰ্কিতে মৌমাখিৰ এটা জাকে আক্ৰমণ কৰে মহিলাগৰাকীক। মহিলাগৰাকীৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ স্বামী গুৰুতৰভাৱে আহত হয়। 

উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ টিছা খানাপুৰ গাঁৱত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। মৌমাখিৰ জাকে মৌমাখিৰ খেতি পহৰা দি থকা অৱস্থাত এগৰাকী বৃদ্ধা মহিলাৰ মৃত্যু হোৱাৰ লগতে স্বামী গুৰুতৰভাৱে আহত হয়। 

বৰেলী জিলা চিকিৎসালয়ত চিকিৎসাৰ সময়ত গোবিন্দ (৬৫) নামৰ মহিলাগৰাকীয়ে মৃত্যুক সাৱটি লয়, আনহাতে স্বামী হীৰালাল (৭০) চিকিৎসাধীন হৈ আছে।

মৌমাখিয়ে মহিলাগৰাকীক আক্ৰমণ কৰে আৰু মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ যাওঁতে তেওঁৰ স্বামীও আক্ৰমণৰ বলি হয়। দুয়োকে গাঁৱৰ একাংশ লোকে উদ্ধাৰ কৰাৰ পূৰ্বেই গুৰুতৰভাৱে আহত হয়। 

স্থানীয় যুৱক সুৰজ কুমাৰে জনোৱা মতে, মৌমাখিৰ জাকটোৱে এই দম্পতীক আক্ৰমণ কৰে আৰু আক্ৰমণ ইমানেই দ্ৰুত যে তেওঁলোকৰ গোটেই শৰীৰত কেইবাবাৰো কামুৰি গুৰুতৰভাৱে আহত কৰে।

স্থানীয় সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় দুয়োকে। তাৰ পৰাই মহিলাগৰাকীক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় যদিও তেওঁৰ হৈ মৃত্যু হয়। 

উল্লেখ্য যে ২০২৩ চনৰ ৮ ডিচেম্বৰত লক্ষ্ণৌৰ সমীপৰ বাৰাবাংকি জিলাৰ ছিৰৌলি গৌছপুৰ অঞ্চলত অনুৰূপ মৌমাখিৰ আক্ৰমণত ৬ জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছিল। শিৰৌলি গৌছপুৰ যুটীয়া চিকিৎসালয়ৰ এখন আৱাসিক চৌহদৰ সীমা দেৱাল নিৰ্মাণ কৰি থকা অৱস্থাত নির্মাণ স্থানৰ সমীপৰ এটা মৌচাকত একাংশ ল’ৰা-ছোৱালীয়ে শিলগুটি নিক্ষেপ কৰাৰ ফলত এই ঘটনা ঘটিছিল।

চিকিৎসকৰ ভাষ্য অনুসৰি কদো, বৰলে কামুৰিলে আক্ৰান্ত ঠাইত ভিনেগাৰ লগাব লাগে আৰু মৌ মাখিয়ে কামুৰিলে বেকিং চোডা ব্যৱহাৰ কৰিব লাগে। এই দুয়োটা বস্তু আমাৰ পাকঘৰত বা স্থানীয়ভাৱে বজাৰত উপলব্ধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু