--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাই মোদীৰ গৃহৰাজ্য গুজৰাটত উপস্থিত হৈছেগৈ ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা। আজি গুজৰাটত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয়টো দিন। 

আজি পুৱা ৰাহুল গান্ধীয়ে কম্বোই ধামলৈ যায়। কম্বোই ধামত জনজাতীয় গুৰু গোবিন্দ গুৰুক শ্ৰদ্ধাঞ্জলি জনাই কংগ্ৰেছ নেতাগৰাকীয়ে। পুৱা ডহোদ চহৰৰ পৰা ন্যায় যাত্ৰা আৰম্ভ কৰে ৰাহুলে। ডহোদত কংগ্ৰেছ কৰ্মী আৰু স্থানীয় লোকে বিপুলভাৱে আদৰণি জনায় নেতাগৰাকীক। স্থানীয় আদিবাসী জনতায়ো‌ উৎসৱমুখৰ পৰিৱেশত আদৰে ৰাহুলক। আদিবাসী মহিলাসকলে পথৰ কাষত নৃত্য কৰি আদৰণি জনাই নেতাগৰাকীক। এখন SUV গাড়ীত উঠি যাত্ৰা কৰা নেতাগৰাকীয়ে জনতাৰ মাজত দিয়ে উদাত্ত ভাষণ। 

ভাষণত মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে ৰাহুলে। মোদী চৰকাৰে আদানিৰ দৰে উদ্যোগপতিৰ ঋণ মাফ কৰিব পাৰে। কিন্তু কৃষক-মজদুৰৰ ঋণ মাফত কাণসাৰ নিদিয়ে বুলি আক্ৰমণ কৰে ৰাহুলে। কংগ্ৰেছে দেশত সমন্বয়ৰ বাতাৱৰণ সৃষ্টি কৰে। কিন্তু বিজেপিয়ে বিভাজনৰ সৃষ্টি কৰে বুলি তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে। কংগ্ৰেছ ক্ষমতালৈ আহিলেই যুৱ প্ৰজন্মৰ উন্নয়নত বিশেষ গুৰুত্ব দিব বুলি কয় ৰাহুলে। ক্ষমতালৈ আহিলেই খালি হৈ থকা ৩০ লাখ কেন্দ্ৰীয় চৰকাৰৰ পদ পূৰণৰ পদক্ষেপ ল'ব বুলি কয় নেতাগৰাকীয়ে। দেশৰ যুৱ প্ৰজন্মক ষ্টাৰ্ট আপ স্থাপনত বিশেষভাৱে সহায় কৰিব বুলি কয় কংগ্ৰেছ সাংসদগৰাকীয়ে। ক্ষমতালৈ‌ আহিলেই ষ্টাৰ্ট আপৰ বাবে ৫ হাজাৰ কোটিৰ পুঁজি স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৰাহুল গান্ধীয়ে। 

গুজৰাটক বিজেপিৰ দুৰ্গ বুলি অভিহিত কৰা হয়। কিন্তু বিজেপিৰ এই দুৰ্গতে কালি আৰু আজি ৰাহুল গান্ধীয়ে ব্যাপক জনসমৰ্থন লাভ কৰে। সকলো শ্ৰেণীৰ জনতাই ৰাহুল গান্ধীৰ যাত্ৰাত অংশ লয়। ৰাহুলৰ উদাত্ত ভাষণত জোৱাৰ উঠে হাত চাপৰিৰ। মোদীৰ গৃহৰাজ্যত ৰাহুলে লাভ কৰা এনে জনসমৰ্থনে এতিয়া কঁপনি তুলিছে গুজৰাট বিজেপিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু