--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাই মোদীৰ গৃহৰাজ্য গুজৰাটত উপস্থিত হৈছেগৈ ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা। আজি গুজৰাটত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয়টো দিন। 

আজি পুৱা ৰাহুল গান্ধীয়ে কম্বোই ধামলৈ যায়। কম্বোই ধামত জনজাতীয় গুৰু গোবিন্দ গুৰুক শ্ৰদ্ধাঞ্জলি জনাই কংগ্ৰেছ নেতাগৰাকীয়ে। পুৱা ডহোদ চহৰৰ পৰা ন্যায় যাত্ৰা আৰম্ভ কৰে ৰাহুলে। ডহোদত কংগ্ৰেছ কৰ্মী আৰু স্থানীয় লোকে বিপুলভাৱে আদৰণি জনায় নেতাগৰাকীক। স্থানীয় আদিবাসী জনতায়ো‌ উৎসৱমুখৰ পৰিৱেশত আদৰে ৰাহুলক। আদিবাসী মহিলাসকলে পথৰ কাষত নৃত্য কৰি আদৰণি জনাই নেতাগৰাকীক। এখন SUV গাড়ীত উঠি যাত্ৰা কৰা নেতাগৰাকীয়ে জনতাৰ মাজত দিয়ে উদাত্ত ভাষণ। 

ভাষণত মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে ৰাহুলে। মোদী চৰকাৰে আদানিৰ দৰে উদ্যোগপতিৰ ঋণ মাফ কৰিব পাৰে। কিন্তু কৃষক-মজদুৰৰ ঋণ মাফত কাণসাৰ নিদিয়ে বুলি আক্ৰমণ কৰে ৰাহুলে। কংগ্ৰেছে দেশত সমন্বয়ৰ বাতাৱৰণ সৃষ্টি কৰে। কিন্তু বিজেপিয়ে বিভাজনৰ সৃষ্টি কৰে বুলি তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে। কংগ্ৰেছ ক্ষমতালৈ আহিলেই যুৱ প্ৰজন্মৰ উন্নয়নত বিশেষ গুৰুত্ব দিব বুলি কয় ৰাহুলে। ক্ষমতালৈ আহিলেই খালি হৈ থকা ৩০ লাখ কেন্দ্ৰীয় চৰকাৰৰ পদ পূৰণৰ পদক্ষেপ ল'ব বুলি কয় নেতাগৰাকীয়ে। দেশৰ যুৱ প্ৰজন্মক ষ্টাৰ্ট আপ স্থাপনত বিশেষভাৱে সহায় কৰিব বুলি কয় কংগ্ৰেছ সাংসদগৰাকীয়ে। ক্ষমতালৈ‌ আহিলেই ষ্টাৰ্ট আপৰ বাবে ৫ হাজাৰ কোটিৰ পুঁজি স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৰাহুল গান্ধীয়ে। 

গুজৰাটক বিজেপিৰ দুৰ্গ বুলি অভিহিত কৰা হয়। কিন্তু বিজেপিৰ এই দুৰ্গতে কালি আৰু আজি ৰাহুল গান্ধীয়ে ব্যাপক জনসমৰ্থন লাভ কৰে। সকলো শ্ৰেণীৰ জনতাই ৰাহুল গান্ধীৰ যাত্ৰাত অংশ লয়। ৰাহুলৰ উদাত্ত ভাষণত জোৱাৰ উঠে হাত চাপৰিৰ। মোদীৰ গৃহৰাজ্যত ৰাহুলে লাভ কৰা এনে জনসমৰ্থনে এতিয়া কঁপনি তুলিছে গুজৰাট বিজেপিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ