--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমৃত্যু শব্দটোৰ সৈতে জৰিত হৈ থাকে বিষাদ, শোক, কান্দোনৰ কথা । কিন্তু এনে এটা পৰিয়ালৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে যিটো পৰিয়ালৰ সকলো সদস্য-সদস্যাই পৰিয়ালৰে এজনৰ মৃতদেহ সন্মুখত লৈ হাঁহি হাঁহি ফটোৰ বাবে প’জহে দিছে! কেৰালাৰ এই  পৰিয়ালটোৰ এই ছবি খনে এতিয়া ছ’চিয়েল মিডিয়াত বেছ খলকনি তোলা পৰিলক্ষিত হৈছে।

কেৰালাৰ পৰিয়ালটোৰ এখন ফটোখন এতিয়া দ্ৰুত গতিত  ভাইৰেল হৈ পৰিছে। ফটোখন সংবাদ মাধ্যমতো প্ৰকাশ পাইছে। দৰাচলতে প্ৰতিদিনে, সামাজিক মাধ্যমত বহু ছবি   ভাইৰেল হৈ পৰে। কিন্তু মৃতদেহ সন্মুখত লৈ হাঁহি থকাৰ ছবি হয়তো এইবাৰেই প্ৰথম ভাইৰেল হৈছে। কেৰালাৰ এটা পৰিয়ালৰ এগৰাকী  সদস্যৰ মৃত্যু ঘটাৰ পিছত পৰিয়ালৰ বাকীসকলে তেওঁৰ মৃতদেহৰ চাৰিওফালে হাঁহি হাঁহি ছবি উঠাৰ আঁৰত হয়তো কিবা কাৰণ আছে। 

ছবিখন অলপতে এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে সকলোৰে চকু থৰ লাগিছে। জানিব পৰা মতে পৰিয়ালটোৰ জ্যেষ্ঠ সদস্যা আইতাকগৰাকীৰ  মৃত্যু ঘটিছে। বৃদ্ধাগৰাকীৰ বয়স নব্বৈৰ ওপৰত আছিল বুলি জানিব পৰা গৈছে। নব্বৈ বছৰ বয়সলৈ জীয়াই থকা বৃদ্ধা গৰাকী মৃত্যুৰ দিনটোলৈ সম্পূৰ্ণ সুস্থ অৱস্থাতে আছিল। জন্মিলে মৰিবই লাগিব। সেয়ে বৃদ্ধাগৰাকীৰ মৃত্যুত পৰিয়ালটোৰ ৪০ গৰাকী সদস্যই অতি সহজভাবে গ্ৰহণ কৰিছে আৰু মৃত বৃদ্ধাগৰাকীক হাঁহি হাঁহি বিদায় জনাইছে।

ছবি খন ভাইৰেল হৈ পৰাৰ পিছত  পৰিয়ালটোৰ এগৰাকী সদস্য  বাবু উম্মানে সংবাদ মাধ্যমক  কয় যে ছবি খন ভাইৰেল হ’ব নালাগিছিল। বাবুয়ে কয়  "প্ৰথমতে, তেওঁলোকে ছবিখন ভাইৰেল হোৱাটো বিচৰা নাছিল। কিন্তু কিদৰে ভাইৰেল হ’ল সেয়া  বুজি পোৱা নাই। দ্বিতীয়তে, মৃত্যু হোৱা 'আইতা'গৰাকীয়ে তেওঁৰ জীৱন অতি সুন্দৰ ভাবে অতিবাহিত কৰিছে । তেওঁৰ ল'ৰা-ছোৱালী আৰু নাতি-নাতিনীয়ে তেওঁক বহুত ভালপাইছিল।ছবিখন এনেদৰে তোলাৰ কাৰণ হ'ল তেওঁলোকে একেলগে থকা ভাল সময় খিনি মনত ৰখা"। 

পৰিয়ালৰ আন এজন সদস্যই সংবাদ মাধ্যমৰ আগত কয়, "সকলোৱে এই ছবিখনৰ অৰ্থ বুজি পোৱাটো সম্ভৱ নহয়। বেছিভাগ মানুহে মৃত্যুৰ পিছত কান্দে। কিন্তু মৃত্যু প্ৰকৃততে বিদায়। আৰু সেই বিদায়ৰ সময়ত, কেৱল শোক প্ৰকাশ কৰাই নহয়, হাঁহিৰে বিদায় দিব পৰাটোও এক প্ৰকাৰৰ শোকৰেই প্ৰকাশ আৰু আমি সেয়াই কৰিছিলো। আমি হাঁহি মাৰি আইতাক বিদায় জনাইছিলো। '

ছবি খন সন্দৰ্ভত কেৰালাৰ শিক্ষা মন্ত্ৰী ভি শিৱানকুট্টিয়েও একে কথাই কৈছিল। তেওঁ কৈছে , "মৃত্যু অতি দুখজনক। কিন্তু একে সময়তে হাঁহি হাঁহি মৃতকক বিদায় জনাব পৰাটোও সাহসৰেই পৰিচয়। পৰিয়ালটোৰ লোকসকলে প্ৰকৃততে জীৱন দৰ্শন ভালদৰে উপলব্ধি কৰিব পাৰিছে। সেইবাবেই তেওঁলোকে হাঁহি হাঁহি প্ৰিয় জনক বিদায় জনাব পাৰিছে" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু