--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমৃত্যু শব্দটোৰ সৈতে জৰিত হৈ থাকে বিষাদ, শোক, কান্দোনৰ কথা । কিন্তু এনে এটা পৰিয়ালৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে যিটো পৰিয়ালৰ সকলো সদস্য-সদস্যাই পৰিয়ালৰে এজনৰ মৃতদেহ সন্মুখত লৈ হাঁহি হাঁহি ফটোৰ বাবে প’জহে দিছে! কেৰালাৰ এই  পৰিয়ালটোৰ এই ছবি খনে এতিয়া ছ’চিয়েল মিডিয়াত বেছ খলকনি তোলা পৰিলক্ষিত হৈছে।

কেৰালাৰ পৰিয়ালটোৰ এখন ফটোখন এতিয়া দ্ৰুত গতিত  ভাইৰেল হৈ পৰিছে। ফটোখন সংবাদ মাধ্যমতো প্ৰকাশ পাইছে। দৰাচলতে প্ৰতিদিনে, সামাজিক মাধ্যমত বহু ছবি   ভাইৰেল হৈ পৰে। কিন্তু মৃতদেহ সন্মুখত লৈ হাঁহি থকাৰ ছবি হয়তো এইবাৰেই প্ৰথম ভাইৰেল হৈছে। কেৰালাৰ এটা পৰিয়ালৰ এগৰাকী  সদস্যৰ মৃত্যু ঘটাৰ পিছত পৰিয়ালৰ বাকীসকলে তেওঁৰ মৃতদেহৰ চাৰিওফালে হাঁহি হাঁহি ছবি উঠাৰ আঁৰত হয়তো কিবা কাৰণ আছে। 

ছবিখন অলপতে এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে সকলোৰে চকু থৰ লাগিছে। জানিব পৰা মতে পৰিয়ালটোৰ জ্যেষ্ঠ সদস্যা আইতাকগৰাকীৰ  মৃত্যু ঘটিছে। বৃদ্ধাগৰাকীৰ বয়স নব্বৈৰ ওপৰত আছিল বুলি জানিব পৰা গৈছে। নব্বৈ বছৰ বয়সলৈ জীয়াই থকা বৃদ্ধা গৰাকী মৃত্যুৰ দিনটোলৈ সম্পূৰ্ণ সুস্থ অৱস্থাতে আছিল। জন্মিলে মৰিবই লাগিব। সেয়ে বৃদ্ধাগৰাকীৰ মৃত্যুত পৰিয়ালটোৰ ৪০ গৰাকী সদস্যই অতি সহজভাবে গ্ৰহণ কৰিছে আৰু মৃত বৃদ্ধাগৰাকীক হাঁহি হাঁহি বিদায় জনাইছে।

ছবি খন ভাইৰেল হৈ পৰাৰ পিছত  পৰিয়ালটোৰ এগৰাকী সদস্য  বাবু উম্মানে সংবাদ মাধ্যমক  কয় যে ছবি খন ভাইৰেল হ’ব নালাগিছিল। বাবুয়ে কয়  "প্ৰথমতে, তেওঁলোকে ছবিখন ভাইৰেল হোৱাটো বিচৰা নাছিল। কিন্তু কিদৰে ভাইৰেল হ’ল সেয়া  বুজি পোৱা নাই। দ্বিতীয়তে, মৃত্যু হোৱা 'আইতা'গৰাকীয়ে তেওঁৰ জীৱন অতি সুন্দৰ ভাবে অতিবাহিত কৰিছে । তেওঁৰ ল'ৰা-ছোৱালী আৰু নাতি-নাতিনীয়ে তেওঁক বহুত ভালপাইছিল।ছবিখন এনেদৰে তোলাৰ কাৰণ হ'ল তেওঁলোকে একেলগে থকা ভাল সময় খিনি মনত ৰখা"। 

পৰিয়ালৰ আন এজন সদস্যই সংবাদ মাধ্যমৰ আগত কয়, "সকলোৱে এই ছবিখনৰ অৰ্থ বুজি পোৱাটো সম্ভৱ নহয়। বেছিভাগ মানুহে মৃত্যুৰ পিছত কান্দে। কিন্তু মৃত্যু প্ৰকৃততে বিদায়। আৰু সেই বিদায়ৰ সময়ত, কেৱল শোক প্ৰকাশ কৰাই নহয়, হাঁহিৰে বিদায় দিব পৰাটোও এক প্ৰকাৰৰ শোকৰেই প্ৰকাশ আৰু আমি সেয়াই কৰিছিলো। আমি হাঁহি মাৰি আইতাক বিদায় জনাইছিলো। '

ছবি খন সন্দৰ্ভত কেৰালাৰ শিক্ষা মন্ত্ৰী ভি শিৱানকুট্টিয়েও একে কথাই কৈছিল। তেওঁ কৈছে , "মৃত্যু অতি দুখজনক। কিন্তু একে সময়তে হাঁহি হাঁহি মৃতকক বিদায় জনাব পৰাটোও সাহসৰেই পৰিচয়। পৰিয়ালটোৰ লোকসকলে প্ৰকৃততে জীৱন দৰ্শন ভালদৰে উপলব্ধি কৰিব পাৰিছে। সেইবাবেই তেওঁলোকে হাঁহি হাঁহি প্ৰিয় জনক বিদায় জনাব পাৰিছে" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ