--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশক জোকাৰি যোৱা  শ্বীনা বৰাৰ হত্যাকাণ্ডই পুনৰ নতুন পাক লৈছে৷  শ্বীনা বৰাৰ হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত প্ৰাক্তন মিডিয়া কাৰ্যবাহী তথা শ্বীনাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীয়ে  চিবিআইৰ এখন বিশেষ আদালতক এইবুলি অৱগত কৰে যে  শ্বীনাক গুৱাহাটীৰ বিমানবন্দৰত দেখিবলৈ পোৱা গৈছে৷ 

 গুৱাহাটীৰ  বিমানবন্দৰৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিবলৈ আহ্বান জনাই ইন্দ্ৰাণী মুখাৰ্জীয়ে কয় যে  দুজন অধিবক্তাই এই সপ্তাহতে  শ্বীনা বৰা সদৃশ এগৰাকী মহিলাক "দেখা" পাইছে। বৰ্তমান জামিনত থকা মুখাৰ্জীয়ে (৫১) বৃহস্পতিবাৰে পুৱা শ্বীনাৰ  দৰে দেখাত এগৰাকী মহিলাৰ সন্মুখীন হোৱা বুলি দাবী কৰা উকীলসকলৰ শপতনামাও   আদালতত দাখিল কৰিছে৷  

আদালতে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোক (চিবিআই) মুখাৰ্জীৰ আবেদনৰ বিষয়ত মন্তব্য  কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য শ্বীনা বৰাক (২৪) শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল বুলি অভিযোগ উঠিছিল৷  চিবিআইৰ মতে ২০১২ চনৰ এপ্ৰিল মাহত ইন্দ্ৰাণী  মুখাৰ্জী, তেওঁৰ তেতিয়াৰ চালক শ্যামবৰ ৰায় আৰু প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাই শ্বীনাক হত্যা কৰি  মৃতদেহ  ৰায়গড় জিলাৰ এখন অৰণ্যত জ্বলাই দিছিল। ২০১৫ চনতহে  এই হত্যাকাণ্ডটোৰ কথা  পোহৰলৈ আহিছিল৷ ইন্দ্ৰাণী  মুখাৰ্জীৰ স্বামী আৰু প্ৰাক্তন মিডিয়া বেৰন পিটাৰ মুখাৰ্জীকো ষড়যন্ত্ৰৰ অংশ হোৱাৰ অভিযোগত  গ্ৰেপ্তাৰ কৰা হৈছিল। 

২০২০ চনৰ ফেব্ৰুৱাৰীত বোম্বাই উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল৷ আনহাতে ইন্দ্ৰাণী মুখাৰ্জীয়ে যোৱা বছৰৰ মে’ মাহত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন  লাভ কৰে।ইয়াৰ পূৰ্বেও শ্বীনা বৰাক কাশ্মীৰত  বহুতে দেখা বুলি ইন্দ্ৰাণীয়ে কৈছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক