--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশক জোকাৰি যোৱা  শ্বীনা বৰাৰ হত্যাকাণ্ডই পুনৰ নতুন পাক লৈছে৷  শ্বীনা বৰাৰ হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত প্ৰাক্তন মিডিয়া কাৰ্যবাহী তথা শ্বীনাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জীয়ে  চিবিআইৰ এখন বিশেষ আদালতক এইবুলি অৱগত কৰে যে  শ্বীনাক গুৱাহাটীৰ বিমানবন্দৰত দেখিবলৈ পোৱা গৈছে৷ 

 গুৱাহাটীৰ  বিমানবন্দৰৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিবলৈ আহ্বান জনাই ইন্দ্ৰাণী মুখাৰ্জীয়ে কয় যে  দুজন অধিবক্তাই এই সপ্তাহতে  শ্বীনা বৰা সদৃশ এগৰাকী মহিলাক "দেখা" পাইছে। বৰ্তমান জামিনত থকা মুখাৰ্জীয়ে (৫১) বৃহস্পতিবাৰে পুৱা শ্বীনাৰ  দৰে দেখাত এগৰাকী মহিলাৰ সন্মুখীন হোৱা বুলি দাবী কৰা উকীলসকলৰ শপতনামাও   আদালতত দাখিল কৰিছে৷  

আদালতে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোক (চিবিআই) মুখাৰ্জীৰ আবেদনৰ বিষয়ত মন্তব্য  কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য শ্বীনা বৰাক (২৪) শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল বুলি অভিযোগ উঠিছিল৷  চিবিআইৰ মতে ২০১২ চনৰ এপ্ৰিল মাহত ইন্দ্ৰাণী  মুখাৰ্জী, তেওঁৰ তেতিয়াৰ চালক শ্যামবৰ ৰায় আৰু প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাই শ্বীনাক হত্যা কৰি  মৃতদেহ  ৰায়গড় জিলাৰ এখন অৰণ্যত জ্বলাই দিছিল। ২০১৫ চনতহে  এই হত্যাকাণ্ডটোৰ কথা  পোহৰলৈ আহিছিল৷ ইন্দ্ৰাণী  মুখাৰ্জীৰ স্বামী আৰু প্ৰাক্তন মিডিয়া বেৰন পিটাৰ মুখাৰ্জীকো ষড়যন্ত্ৰৰ অংশ হোৱাৰ অভিযোগত  গ্ৰেপ্তাৰ কৰা হৈছিল। 

২০২০ চনৰ ফেব্ৰুৱাৰীত বোম্বাই উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল৷ আনহাতে ইন্দ্ৰাণী মুখাৰ্জীয়ে যোৱা বছৰৰ মে’ মাহত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন  লাভ কৰে।ইয়াৰ পূৰ্বেও শ্বীনা বৰাক কাশ্মীৰত  বহুতে দেখা বুলি ইন্দ্ৰাণীয়ে কৈছিল৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু