--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমালয়ৰ বুকুত অৱস্থিত ৰাজ্য উত্তৰাখণ্ডত প্ৰকৃতিয়ে নানা ৰূপ দেখুৱাই আহিছে৷ কিছু বছৰ পূৰ্বে ৰাজ্য খনত পাহাৰৰ পৰা হঠাতে নামি অহা বোকা-পানীৰ ঢলে হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটাইছিল৷ এইবাৰ আন এক পৰিঘটনাই ৰাজ্যবাসীক আতংকিত কৰি তুলিছে৷ উত্তৰাখণ্ডৰ বিখ্যাত যোশীমঠ আৰু ইয়াৰ সংলগ্ন এলেকা ক্ৰমান্বয়ে মাটিৰ তললৈ সোমাই গৈ আছে৷ 


উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে যোশী মঠৰ বাসিন্দাসকলক তৎক্ষণাৎ সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিবলৈ  নিৰ্দেশ দিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে  এটা  অস্থায়ী পুনৰ্সংস্থাপন কেন্দ্ৰ স্থাপনৰো নিৰ্দেশ দিছে। পুষ্কৰ ধামীয়ে  এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে। তেওঁ যোশীমঠ অঞ্চলৰ শ শ ঘৰত ফাঁট মেলাৰ  বিষয়টোকলৈও উদ্বেগ প্ৰকাশ কৰিছে।

হিমাচলৰ গড়ৱাল অঞ্চলত অৱস্থিত যোশীমঠৰ ৫০০ তকৈও অধিক ঘৰত ফাঁট দেখা দিছে। মঠটো একেবাৰে  খহি পৰিছে৷সেই স্থানত থকা   এছিয়াৰ আটাইতকৈ দীঘল ৰ’প ৱে  পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে। মাটি বহি যোৱাৰ বাবেই দুখন হোটেলো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।  উল্লেখ্য  যোশীমঠে বাৰে বাৰে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আহিছে।ঘটনাটোৰ বিষয়ে অধ্যয়ন চলাবলৈ  ৰাজ্য চৰকাৰৰ দ্বাৰা বিশেষজ্ঞৰ এটা দল গঠন কৰা হৈছে। দলটোৱে ফাঁট মেলা  ঘৰবোৰলৈ গৈ  জৰীপ চলাই আছে। বিশেষজ্ঞসকলৰ মতে, আজিৰ এই পৰিস্থিতিৰ কাৰণ হৈছে গছ-গছনি নিৰ্বিচাৰভাৱে কাটি পোলোৱা  আৰু পাহাৰত নিৰ্মাণ কাৰ্য কৰা৷ 

ইফালে দুৰ্যোগৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এলেকাটোত  ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী মোতায়েন কৰা হৈছে। ভুক্তভোগীসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰা  হৈছে। উত্তৰাখণ্ডৰ  কেৱল যোশীমঠেই নহয়, চুবুৰীয়া চহৰ আউলিতো একে ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিতপ্ৰশাসনে আউলিত বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। 

আনহাতে ৰাজ্য  চৰকাৰে ঘোষণা কৰিছে যে ঘৰত ফাঁট মেলা   পৰিয়ালবোৰক পৰৱৰ্তী ছয় মাহৰ বাবে প্ৰতি মাহে ৪,০০০ টকা কৈ দিয়া হ'ব। এই টকা আন ঠাইত ঘৰ ভাড়াত ল’বলৈ  প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিয়ে এই ব্যয় বহন কৰিব। ইপিনে হাজাৰ হাজাৰ আতংকিত লোকে  লোকে তীব্ৰ ঠাণ্ডাত মাজত বাহিৰতে উজাগৰী নিশা  অতিবাহিত কৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু