--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমালয়ৰ বুকুত অৱস্থিত ৰাজ্য উত্তৰাখণ্ডত প্ৰকৃতিয়ে নানা ৰূপ দেখুৱাই আহিছে৷ কিছু বছৰ পূৰ্বে ৰাজ্য খনত পাহাৰৰ পৰা হঠাতে নামি অহা বোকা-পানীৰ ঢলে হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটাইছিল৷ এইবাৰ আন এক পৰিঘটনাই ৰাজ্যবাসীক আতংকিত কৰি তুলিছে৷ উত্তৰাখণ্ডৰ বিখ্যাত যোশীমঠ আৰু ইয়াৰ সংলগ্ন এলেকা ক্ৰমান্বয়ে মাটিৰ তললৈ সোমাই গৈ আছে৷ 


উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে যোশী মঠৰ বাসিন্দাসকলক তৎক্ষণাৎ সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিবলৈ  নিৰ্দেশ দিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে  এটা  অস্থায়ী পুনৰ্সংস্থাপন কেন্দ্ৰ স্থাপনৰো নিৰ্দেশ দিছে। পুষ্কৰ ধামীয়ে  এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে। তেওঁ যোশীমঠ অঞ্চলৰ শ শ ঘৰত ফাঁট মেলাৰ  বিষয়টোকলৈও উদ্বেগ প্ৰকাশ কৰিছে।

হিমাচলৰ গড়ৱাল অঞ্চলত অৱস্থিত যোশীমঠৰ ৫০০ তকৈও অধিক ঘৰত ফাঁট দেখা দিছে। মঠটো একেবাৰে  খহি পৰিছে৷সেই স্থানত থকা   এছিয়াৰ আটাইতকৈ দীঘল ৰ’প ৱে  পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে। মাটি বহি যোৱাৰ বাবেই দুখন হোটেলো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।  উল্লেখ্য  যোশীমঠে বাৰে বাৰে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ আহিছে।ঘটনাটোৰ বিষয়ে অধ্যয়ন চলাবলৈ  ৰাজ্য চৰকাৰৰ দ্বাৰা বিশেষজ্ঞৰ এটা দল গঠন কৰা হৈছে। দলটোৱে ফাঁট মেলা  ঘৰবোৰলৈ গৈ  জৰীপ চলাই আছে। বিশেষজ্ঞসকলৰ মতে, আজিৰ এই পৰিস্থিতিৰ কাৰণ হৈছে গছ-গছনি নিৰ্বিচাৰভাৱে কাটি পোলোৱা  আৰু পাহাৰত নিৰ্মাণ কাৰ্য কৰা৷ 

ইফালে দুৰ্যোগৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এলেকাটোত  ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী মোতায়েন কৰা হৈছে। ভুক্তভোগীসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰা  হৈছে। উত্তৰাখণ্ডৰ  কেৱল যোশীমঠেই নহয়, চুবুৰীয়া চহৰ আউলিতো একে ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিতপ্ৰশাসনে আউলিত বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। 

আনহাতে ৰাজ্য  চৰকাৰে ঘোষণা কৰিছে যে ঘৰত ফাঁট মেলা   পৰিয়ালবোৰক পৰৱৰ্তী ছয় মাহৰ বাবে প্ৰতি মাহে ৪,০০০ টকা কৈ দিয়া হ'ব। এই টকা আন ঠাইত ঘৰ ভাড়াত ল’বলৈ  প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিয়ে এই ব্যয় বহন কৰিব। ইপিনে হাজাৰ হাজাৰ আতংকিত লোকে  লোকে তীব্ৰ ঠাণ্ডাত মাজত বাহিৰতে উজাগৰী নিশা  অতিবাহিত কৰিছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক