--°C
Loading...
Listen to Article
2 min read
80%

গাজিয়াবাদ : ক’ভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰ কৰাটোও এতিয়া দেশৰ বিভিন্ন ঠাইত সমস্যাত পৰিণত হৈছে। অস্বাভাৱিক মৃত্যুৰ হাৰে এতিয়া সমগ্ৰ দেশতে একপ্ৰকাৰ মৃত্যুৰ কিৰিলি আনিছে। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ফুটপাথতে মৃতদেহ সৎকাৰ কৰাৰ এক অতি দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ আহিছে। শ্মশানবোৰত মৃতদেহ সৎকাৰ কৰি শেষ কৰিব নোৱৰা অৱস্থা হোৱাৰ পৰিপ্ৰেক্ষিতত গাজিয়াবাদৰ প্ৰশাসনে পথৰ কাষতে নতুনকৈ সৎকাৰ কৰা অস্থায়ী স্থান সাজি উলিয়াইছে।

আৰু পঢ়িব পাৰিব: ক’ভিডৰ বিৰুদ্ধে যোৱাবাৰৰ দৰে এইবাৰো সফলতাৰে যুঁজিম : মোদী

হিন্দন ক্ৰিমেচন গ্ৰাউণ্ড বা হিন্দন শ্মশানত ব্যাপক বহাৰত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰ কৰি শেষ কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত শ্মশানলৈ যোৱা পথৰ কাষতে সৎকাৰৰ ব্যৱস্থা কৰা হৈছে। জিলা প্ৰশাসনে ক’ভিডত মৃত্যু হোৱা লোকৰ প্ৰকৃত সংখ্যা লুকুৱাই ৰখাৰো অভিযোগ উঠিছে। প্ৰশাসনৰ মতে দেওবাৰে দুজন লোকৰবে ক’ভিডত মৃত্যু হৈছে। কিন্তু ‘হিন্দুস্তান টাইমছ’ কাকতত এজন নাম প্ৰকাশত অনিচ্ছুক চৰকাৰী বিষয়াৰ উদ্ধৃতিৰে লিখা হৈছে যে, দেওবাৰে আবেলিলৈ শ্মশানলৈ ৪৩টা মৃতদেহ সৎকাৰৰ বাবে অনা হৈছিল।

আৰু পঢ়িব পাৰিব: দুৰ্ঘটনাত পতিত হুঁচৰি দলৰ বাহন: থিতাতে নিহত ২

শ্মশানখনত স্বাভাৱিক অৱস্থাত সৰ্বাধিক ১৫টা মৃতদেহহে সৎকাৰ কৰা হয়। বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে ৪৬টা, শুকুৰবাৰে ৪৯টা আৰু শনিবাৰে ৪৭টা মৃতদেহ সৎকাৰৰ বাবে অনা হৈছিল। এনে ব্যাপক হাৰত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰৰ বাবে নতুনকৈ সৎকাৰৰ স্থান নিৰ্মাণ কৰিছে প্ৰশাসনে। শ্মশানৰ সমীপৰ নদীৰ পাৰত নতুকৈ আঠটা এনে স্থান নিৰ্মাণ কৰা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আনহাতে ফুটপাছত নিৰ্মাণ কৰা সৎকাৰ স্থানত শাৰী শাৰীকৈ মৃতদেহ সৎকাৰ কৰি থকাৰ দৃশ্য দেওবাৰে প্ৰকাশ পাইছিল। এই পৰিস্থিতিয়ে এক ভয়াৱহ সংকটৰ আগজাননী দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু