--°C
Loading...
Listen to Article
2 min read
80%

গাজিয়াবাদ : ক’ভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰ কৰাটোও এতিয়া দেশৰ বিভিন্ন ঠাইত সমস্যাত পৰিণত হৈছে। অস্বাভাৱিক মৃত্যুৰ হাৰে এতিয়া সমগ্ৰ দেশতে একপ্ৰকাৰ মৃত্যুৰ কিৰিলি আনিছে। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ফুটপাথতে মৃতদেহ সৎকাৰ কৰাৰ এক অতি দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ আহিছে। শ্মশানবোৰত মৃতদেহ সৎকাৰ কৰি শেষ কৰিব নোৱৰা অৱস্থা হোৱাৰ পৰিপ্ৰেক্ষিতত গাজিয়াবাদৰ প্ৰশাসনে পথৰ কাষতে নতুনকৈ সৎকাৰ কৰা অস্থায়ী স্থান সাজি উলিয়াইছে।

আৰু পঢ়িব পাৰিব: ক’ভিডৰ বিৰুদ্ধে যোৱাবাৰৰ দৰে এইবাৰো সফলতাৰে যুঁজিম : মোদী

হিন্দন ক্ৰিমেচন গ্ৰাউণ্ড বা হিন্দন শ্মশানত ব্যাপক বহাৰত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰ কৰি শেষ কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত শ্মশানলৈ যোৱা পথৰ কাষতে সৎকাৰৰ ব্যৱস্থা কৰা হৈছে। জিলা প্ৰশাসনে ক’ভিডত মৃত্যু হোৱা লোকৰ প্ৰকৃত সংখ্যা লুকুৱাই ৰখাৰো অভিযোগ উঠিছে। প্ৰশাসনৰ মতে দেওবাৰে দুজন লোকৰবে ক’ভিডত মৃত্যু হৈছে। কিন্তু ‘হিন্দুস্তান টাইমছ’ কাকতত এজন নাম প্ৰকাশত অনিচ্ছুক চৰকাৰী বিষয়াৰ উদ্ধৃতিৰে লিখা হৈছে যে, দেওবাৰে আবেলিলৈ শ্মশানলৈ ৪৩টা মৃতদেহ সৎকাৰৰ বাবে অনা হৈছিল।

আৰু পঢ়িব পাৰিব: দুৰ্ঘটনাত পতিত হুঁচৰি দলৰ বাহন: থিতাতে নিহত ২

শ্মশানখনত স্বাভাৱিক অৱস্থাত সৰ্বাধিক ১৫টা মৃতদেহহে সৎকাৰ কৰা হয়। বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে বৃহস্পতিবাৰে ৪৬টা, শুকুৰবাৰে ৪৯টা আৰু শনিবাৰে ৪৭টা মৃতদেহ সৎকাৰৰ বাবে অনা হৈছিল। এনে ব্যাপক হাৰত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰৰ বাবে নতুনকৈ সৎকাৰৰ স্থান নিৰ্মাণ কৰিছে প্ৰশাসনে। শ্মশানৰ সমীপৰ নদীৰ পাৰত নতুকৈ আঠটা এনে স্থান নিৰ্মাণ কৰা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আনহাতে ফুটপাছত নিৰ্মাণ কৰা সৎকাৰ স্থানত শাৰী শাৰীকৈ মৃতদেহ সৎকাৰ কৰি থকাৰ দৃশ্য দেওবাৰে প্ৰকাশ পাইছিল। এই পৰিস্থিতিয়ে এক ভয়াৱহ সংকটৰ আগজাননী দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ