--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কোৱা হয় মানুহে জন্ম, মৃত্যু আৰু বিবাহ নিজে নিৰ্ধাৰণ কৰিব নোৱাৰে। কিন্তু এই প্ৰচলিত প্ৰবাদক যেন ভুল প্ৰমাণিত কৰিছে এগৰাকী বৃদ্ধই। নিজৰ মৃত্যুৰ আগজাননী পাইছিল বৃদ্ধগৰাকীয়ে আৰু নিজেই খন্দোৱাই লৈছিল নিজৰ কবৰ। মৃত্যু চাবলৈকে ভিৰ লাগিল শতায়ু গৰকা ব্যক্তিজনৰ ঘৰত।

উত্তৰ প্ৰদেশৰ বাৰাবংকী জিলাত শুকুৰবাৰে সংঘটিত হ'ল এক অসাধাৰণ ঘটনা। মহম্মদ শফী নামৰ ১০৯ বছৰীয়া বৃদ্ধগৰাকীয়ে নিজেই আত্মীয় তথা ওচৰ-চুবুৰীয়াক তেঁওৰ মৃত্যু হ'ব বুলি খবৰ দিয়ে। দিনৰ ১ বাজি ১০ মিনিটত তেঁওৰ মৃত্যু হ'ব বুলি আগজাননী পোৱাৰ কথা দাবী কৰে। লগে লগে এক হাহাকাৰ আৰু কৌতুহলী পৰিস্থিতিৰ সৃষ্টি হয়। মানুহবোৰে প্ৰাণবায়ু কেতিয়া যায় চাবলৈকে যেন অপেক্ষা কৰি আছিল। মানুহৰ ভাৱনাৰ আগত সেও মানি আৰক্ষীয়েও কৰিবলগা হৈছিল দীৰ্ঘ প্ৰতিক্ষা। 'নিৰ্ধাৰিত' মৃত্যুৰ সময় উকলি গ'ল না মৃত্যুদূত আহিল, না প্ৰাণবায়ু গ'ল। পাছত বহুত বুজাই-বঢ়াই লোকজনক ঘৰলৈ পঠিয়াই দিয়া হ'ল।

উল্লেখ্য যে, বৃদ্ধজনৰ মৃত্যুৰ খবৰ শুনি পুৱাৰেপৰা গাঁওখনলৈ বিভিন্ন লোকৰ আগমন হৈছিল। মানুহজনে আনকি গাঁৱৰ কবৰস্থানত কবৰ খন্দাই গা-পা ধুই তাত গৈ ৰৈ আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক