--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাৰীয়ে কৰিব নোৱৰা কাম হেনো একো নাই। প্ৰয়োজনত যিকোনো অসাধ্যই সাধন কৰি তুলিব পাৰে নাৰীয়ে। সকলো প্ৰত্যাহ্বান, দুখ-যন্ত্ৰণাক অতিক্ৰম কৰিব পাৰে হেলাৰঙে। এইবাৰ কৰ্তব্যনিষ্ঠা আৰু সন্তানপ্ৰেমৰ নিদৰ্শৰ দাঙি ধৰি সংবাদ শিৰোনামলৈ আহিছে এগৰাকী নাৰী। সন্তানক কোলাত লৈ ৰাজপথত যান-বাহন নিয়ন্ত্ৰণত ব্যস্ত থকা মহিলা আৰক্ষী গৰাকীৰ প্ৰতি সহমৰ্মিতাৰে এতিয়া বহুতে চকু সেমেকি উঠিছে।


ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে কৰ্তব্যৰ প্ৰতি সম্পূৰ্ণ সমৰ্পিত মহিলা আৰক্ষী। কেইদিনমান পূৰ্বে মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক মণিকা সিঙে কোলাত শিশু সন্তানক লৈ দায়িত্বত ন্যস্ত হৈ থকা এখন ছবি ভাইৰেল হৈ পৰিছিল। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ এক কাৰ্যসূচীত শিশু সন্তানক কোলাত লৈয়েই দায়িত্ব পালন কৰি গৈছিল মণিকা সিঙে। এই ছবি নিমিষতে ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত। আনকি মুখ্যমন্ত্ৰী চৌহানেও লেডী বিষয়াগৰাকীৰ এই কাৰ্যক প্ৰশংসা কৰিছিল। এইবাৰ অনুৰূপ ঘটা ঘটিছে চণ্ডীগড়ত।


চণ্ডীগড়ৰ এগৰাকী মহিলা ট্ৰেফিক আৰক্ষীয়ে কোলাত কেঁচুৱা লৈ কৰ্তব্য পালন কৰি থকা দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। সদ্যোজাত সন্তানক কোচত লৈ চণ্ডীগড়ৰ ব্যস্ত পথত যান বাহন নিয়ন্ত্ৰণত ব্যস্ত আছিল মহিলা ট্ৰেফিক আৰক্ষীগৰাকী। চলিত বৰ্ষৰ মাৰ্চ মাহত কোনো এটা প্ৰচণ্ড ৰ’দৰ দিনত চণ্ডীগড়ত এইদৰে উন্মোচিত হৈছিল মাতৃৰ মমতা আৰু কৰ্তব্য পালনৰ অপূৰ্ব সংগম। টুইটাৰ-ফেচবুকত এতিয়া ভাইৰেল হৈছে এই ভিডিঅ’ও। বহুজনে শলাগ লৈছে মহিলা ট্ৰেফিক আৰক্ষীগৰাকীৰ কৰ্তব্য সমৰ্পণৰ। কিন্তু ইয়াতো প্ৰশ্ন উত্থাপন হৈছে। প্ৰশ্ন উঠিছে—মাতৃৰ কৰ্তব্য পালনত প্ৰচণ্ড ৰ’দত শিশুটিয়ে কষ্ট পোৱা নাছিল নে? মণিকা সিং আৰু চণ্ডীগড়ৰ ট্ৰেফিক আৰক্ষী গৰাকীৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সচেতন নাগৰিক সমাজে দুটা পক্ষত অৱস্থান লোৱা দেখা গৈছে। এটা পক্ষই আৰক্ষীৰ দুগৰাকীৰ কৰ্তব্য নিষ্ঠাৰ শলাগ লৈছে। আনটো পক্ষই ইয়াক পাব্লিছিটী ষ্টাণ্টস্বৰূপ আচৰণ আখ্যা দি বিৰোধিতা কৰিছে। কৰ্তব্য পালন কৰোতে এইদৰে নিজৰ শিশুক কেতিয়াও কষ্ট দিয়া উচিত নহয় বুলি মন্তব্য কৰিছে।

প্ৰিয়ংকা নামৰ মহিলা আৰক্ষী কনিষ্টবলগৰাকীৰ নাম এতিয়া পুনৰ চৰ্চিত হৈ পৰিছে। সেই সময়ত তেওঁ পিছে এনে কাৰ্যৰ বাবে বিভাগীয় তদন্তৰ সন্মুখীন হৈছিল। পিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ডিএছপি মণিকা সিঙক টুইট কৰি প্ৰশংসা কৰাৰ লগে লগে স্বাভাৱিকতে প্ৰিয়ংকাৰ প্ৰসংগও চৰ্চালৈ আহিছে নতুনকৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক