--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাৰীয়ে কৰিব নোৱৰা কাম হেনো একো নাই। প্ৰয়োজনত যিকোনো অসাধ্যই সাধন কৰি তুলিব পাৰে নাৰীয়ে। সকলো প্ৰত্যাহ্বান, দুখ-যন্ত্ৰণাক অতিক্ৰম কৰিব পাৰে হেলাৰঙে। এইবাৰ কৰ্তব্যনিষ্ঠা আৰু সন্তানপ্ৰেমৰ নিদৰ্শৰ দাঙি ধৰি সংবাদ শিৰোনামলৈ আহিছে এগৰাকী নাৰী। সন্তানক কোলাত লৈ ৰাজপথত যান-বাহন নিয়ন্ত্ৰণত ব্যস্ত থকা মহিলা আৰক্ষী গৰাকীৰ প্ৰতি সহমৰ্মিতাৰে এতিয়া বহুতে চকু সেমেকি উঠিছে।


ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে কৰ্তব্যৰ প্ৰতি সম্পূৰ্ণ সমৰ্পিত মহিলা আৰক্ষী। কেইদিনমান পূৰ্বে মধ্যপ্ৰদেশৰ ধাৰ জিলাৰ উপ আৰক্ষী অধীক্ষক মণিকা সিঙে কোলাত শিশু সন্তানক লৈ দায়িত্বত ন্যস্ত হৈ থকা এখন ছবি ভাইৰেল হৈ পৰিছিল। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ এক কাৰ্যসূচীত শিশু সন্তানক কোলাত লৈয়েই দায়িত্ব পালন কৰি গৈছিল মণিকা সিঙে। এই ছবি নিমিষতে ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত। আনকি মুখ্যমন্ত্ৰী চৌহানেও লেডী বিষয়াগৰাকীৰ এই কাৰ্যক প্ৰশংসা কৰিছিল। এইবাৰ অনুৰূপ ঘটা ঘটিছে চণ্ডীগড়ত।


চণ্ডীগড়ৰ এগৰাকী মহিলা ট্ৰেফিক আৰক্ষীয়ে কোলাত কেঁচুৱা লৈ কৰ্তব্য পালন কৰি থকা দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে। সদ্যোজাত সন্তানক কোচত লৈ চণ্ডীগড়ৰ ব্যস্ত পথত যান বাহন নিয়ন্ত্ৰণত ব্যস্ত আছিল মহিলা ট্ৰেফিক আৰক্ষীগৰাকী। চলিত বৰ্ষৰ মাৰ্চ মাহত কোনো এটা প্ৰচণ্ড ৰ’দৰ দিনত চণ্ডীগড়ত এইদৰে উন্মোচিত হৈছিল মাতৃৰ মমতা আৰু কৰ্তব্য পালনৰ অপূৰ্ব সংগম। টুইটাৰ-ফেচবুকত এতিয়া ভাইৰেল হৈছে এই ভিডিঅ’ও। বহুজনে শলাগ লৈছে মহিলা ট্ৰেফিক আৰক্ষীগৰাকীৰ কৰ্তব্য সমৰ্পণৰ। কিন্তু ইয়াতো প্ৰশ্ন উত্থাপন হৈছে। প্ৰশ্ন উঠিছে—মাতৃৰ কৰ্তব্য পালনত প্ৰচণ্ড ৰ’দত শিশুটিয়ে কষ্ট পোৱা নাছিল নে? মণিকা সিং আৰু চণ্ডীগড়ৰ ট্ৰেফিক আৰক্ষী গৰাকীৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে সচেতন নাগৰিক সমাজে দুটা পক্ষত অৱস্থান লোৱা দেখা গৈছে। এটা পক্ষই আৰক্ষীৰ দুগৰাকীৰ কৰ্তব্য নিষ্ঠাৰ শলাগ লৈছে। আনটো পক্ষই ইয়াক পাব্লিছিটী ষ্টাণ্টস্বৰূপ আচৰণ আখ্যা দি বিৰোধিতা কৰিছে। কৰ্তব্য পালন কৰোতে এইদৰে নিজৰ শিশুক কেতিয়াও কষ্ট দিয়া উচিত নহয় বুলি মন্তব্য কৰিছে।

প্ৰিয়ংকা নামৰ মহিলা আৰক্ষী কনিষ্টবলগৰাকীৰ নাম এতিয়া পুনৰ চৰ্চিত হৈ পৰিছে। সেই সময়ত তেওঁ পিছে এনে কাৰ্যৰ বাবে বিভাগীয় তদন্তৰ সন্মুখীন হৈছিল। পিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ডিএছপি মণিকা সিঙক টুইট কৰি প্ৰশংসা কৰাৰ লগে লগে স্বাভাৱিকতে প্ৰিয়ংকাৰ প্ৰসংগও চৰ্চালৈ আহিছে নতুনকৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দীপাৱলীৰ বতৰত জয়পুৰত দেশৰ সবাতোকৈ দামী মিঠাই
বালিত পোত গ'ল পঞ্জাবৰ ৩ লাখ হেক্টৰ কৃষিভূমি
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক