--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী অন্ধ আৰু পিএইচডি ডিগ্ৰীধানী অধ্যাপিকা  পাৰ্বতী কুমাৰীয়ে এতিয়া বিচাৰিছে ইচ্ছামৃত্যু৷ কিন্তু কিয় এই সিদ্ধান্থ? পাৰ্বতী কুমাৰীয়ে  কয়, "এতিয়া মৃত্যুতকৈ ধুনীয়া একো নাই, মোক ইচ্ছামৃত্যু দিয়া হওঁক। দশম শ্ৰেণীত দৃষ্টিশক্তি হেৰুওৱাৰ পিছত, মই ব্ৰেইলত মোৰ দ্বাদশ শ্ৰেণী কৰিছিলো, দিল্লী বিশ্ববিদ্যালয়ৰ  আইপি কলেজৰ পৰা স্নাতক, দৌলত ৰাম মহাবিদ্যালয়ৰ পৰা এমএ, এমফিল আৰু জেএনইউৰ পৰা পিএইচডি কৰিছিলো। মোৰ জেআৰএফ সাধাৰণ শ্ৰেণীত আছে। 

কিন্তু আজি মোক মোৰ চাকৰিৰ পৰা আঁতৰাই দিয়া হৈছে আৰু এজন নতুন লোকক সেই পদত বহুওৱা হৈছে৷ যিগৰাকী লোকে সাধাৰণ এমএ আৰু নেট উত্তীৰ্ণ হৈছিল। এয়া মোক হত্যা কৰাৰ দৰে কথা, কেৱল হত্যা।" শেহতীয়াকৈ প্ৰকাশ পোৱা পাৰ্বতী কুমাৰীৰ এখন গ্ৰন্থত এই কথা প্ৰকাশ পাইছে৷  কিতাপখন বাণী প্ৰকাশনে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি তেওঁৰ বহু প্ৰবন্ধ আছে যিবোৰ হিন্দীৰ প্ৰতিষ্ঠিত আলোচনীত প্ৰকাশ পাইছে৷  কুমাৰীয়ে কয়  "মোৰ জীৱনৰ পোহৰ আছিল মোৰ কামটো। কেৱল মহাভাৰততে এনে আক্ৰমণৰ ঘটনা  সংঘটিত হোৱা নাছিল, আজি মোৰ সৈতে এনে হৈছে। মোৰ চাকৰিটো মোৰ পৰা কাঢ়ি লোৱা হৈছে। জীৱনত মোৰ  অন্ধত্ব পুনৰ গভীৰ হৈছে। আত্মহত্যা কৰাৰ চিন্তা বহুবাৰ আহিছে, কিন্তু মই ইচ্ছামৃত্যু বিচাৰো, অনুগ্ৰহ কৰি মোক সহায় কৰক,"৷ 

কুমাৰীৰ এনে মন্তব্যৰ পিছতে  দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক আভা দেৱ হাবিবে কয় যে  মুঠ আসনৰ সংখ্যা আছিল ১৬ খন। ইয়াৰ ভিতৰত ৬ জনক বাহিৰলৈ উলিয়াই দিয়া হৈছে, মাত্ৰ ৫ জনক ৰখা হৈছে৷ অধ্যাপক আভা দেৱে কয় যে পূৰ্বে কাম কৰি থকা সকলোকে স্থান দিয়া হ'লেও ৫ খন আসন বাকী থাকিলহেঁতেন৷ সেই কেইখনত নতুন  মানুহক নিযুক্তি দিব পৰা গ’লহেঁতেন৷  

ইপিনে পাৰ্বতী  কুমাৰীয়ে ছ'চিয়েল মিডিয়াত এটা পোষ্টত লিখিছে "মই ভাৰতৰ প্ৰতিজন নাগৰিকক কৈছো  যে মই পাৰ্বতী। এতিয়া মোক এটা জীৱিত মৃতদেহলৈ ৰূপান্তৰিত কৰা হৈছে। সত্যৱতী মহাবিদ্যালয়, সন্ধ্যাৰ পৰা বহিষ্কৃত হোৱাৰ পিছত মই প্ৰতি মুহূৰ্তত মৃত্যুমুখত পৰিছো।এতিয়া মই বিচাৰো যে মোৰ এই দুখ চিৰদিনৰ বাবে শেষ হওঁক। যেতিয়া ঈশ্বৰে দৃষ্টিশক্তি কাঢ়ি লৈছিল, মই অনুভৱ কৰিছিলো যে কেনেবাকৈ মই ঘাট পাৰ হ'ম। মই নাজানিছিলো যে বুদ্ধিজীৱী সমাজতো, আনকি মোৰ দৰে আত্মাকো চুৰিৰে পিষ্ট কৰি হত্যা কৰা হ'ব। মই হতাশ হৈছো। এনে অনুভৱ হয় যেন মই আকৌ অন্ধ হৈ পৰিলো। মোৰ অন্ধ চকুত গৰম তেল ঢালি দিয়া হৈছে। হে ঈশ্বৰ, আপোনাৰ ন্যায় ক'ত গৈছে, আমাৰ ওপৰত অলপ দয়া কৰক। মই জীৱনৰ প্ৰতিটো পৰ্যায়ত সংগ্ৰাম কৰিছো। এই ঘটনাই মানৱজাতিৰ বাবে লাজ কঢ়িয়াই আনিছে। মই আপোনাক এটা কথা কওঁ। আমাৰ সমাজ বিকলাঙ্গসকলৰ প্ৰতি সংবেদনশীল নহয়। পুৰুষৰ অন্ধত্ব আৰু মহিলাৰ অন্ধত্বৰ মাজতো পাৰ্থক্য আছে। আমাক দুবাৰ আঘাত কৰা হৈছে। এজন পুৰুষে সমাজত বিশেষাধিকাৰ লাভ কৰে কিন্তু এগৰাকী মহিলাই সেয়া কিয় নকৰে?"


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক