--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী অন্ধ আৰু পিএইচডি ডিগ্ৰীধানী অধ্যাপিকা  পাৰ্বতী কুমাৰীয়ে এতিয়া বিচাৰিছে ইচ্ছামৃত্যু৷ কিন্তু কিয় এই সিদ্ধান্থ? পাৰ্বতী কুমাৰীয়ে  কয়, "এতিয়া মৃত্যুতকৈ ধুনীয়া একো নাই, মোক ইচ্ছামৃত্যু দিয়া হওঁক। দশম শ্ৰেণীত দৃষ্টিশক্তি হেৰুওৱাৰ পিছত, মই ব্ৰেইলত মোৰ দ্বাদশ শ্ৰেণী কৰিছিলো, দিল্লী বিশ্ববিদ্যালয়ৰ  আইপি কলেজৰ পৰা স্নাতক, দৌলত ৰাম মহাবিদ্যালয়ৰ পৰা এমএ, এমফিল আৰু জেএনইউৰ পৰা পিএইচডি কৰিছিলো। মোৰ জেআৰএফ সাধাৰণ শ্ৰেণীত আছে। 

কিন্তু আজি মোক মোৰ চাকৰিৰ পৰা আঁতৰাই দিয়া হৈছে আৰু এজন নতুন লোকক সেই পদত বহুওৱা হৈছে৷ যিগৰাকী লোকে সাধাৰণ এমএ আৰু নেট উত্তীৰ্ণ হৈছিল। এয়া মোক হত্যা কৰাৰ দৰে কথা, কেৱল হত্যা।" শেহতীয়াকৈ প্ৰকাশ পোৱা পাৰ্বতী কুমাৰীৰ এখন গ্ৰন্থত এই কথা প্ৰকাশ পাইছে৷  কিতাপখন বাণী প্ৰকাশনে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি তেওঁৰ বহু প্ৰবন্ধ আছে যিবোৰ হিন্দীৰ প্ৰতিষ্ঠিত আলোচনীত প্ৰকাশ পাইছে৷  কুমাৰীয়ে কয়  "মোৰ জীৱনৰ পোহৰ আছিল মোৰ কামটো। কেৱল মহাভাৰততে এনে আক্ৰমণৰ ঘটনা  সংঘটিত হোৱা নাছিল, আজি মোৰ সৈতে এনে হৈছে। মোৰ চাকৰিটো মোৰ পৰা কাঢ়ি লোৱা হৈছে। জীৱনত মোৰ  অন্ধত্ব পুনৰ গভীৰ হৈছে। আত্মহত্যা কৰাৰ চিন্তা বহুবাৰ আহিছে, কিন্তু মই ইচ্ছামৃত্যু বিচাৰো, অনুগ্ৰহ কৰি মোক সহায় কৰক,"৷ 

কুমাৰীৰ এনে মন্তব্যৰ পিছতে  দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক আভা দেৱ হাবিবে কয় যে  মুঠ আসনৰ সংখ্যা আছিল ১৬ খন। ইয়াৰ ভিতৰত ৬ জনক বাহিৰলৈ উলিয়াই দিয়া হৈছে, মাত্ৰ ৫ জনক ৰখা হৈছে৷ অধ্যাপক আভা দেৱে কয় যে পূৰ্বে কাম কৰি থকা সকলোকে স্থান দিয়া হ'লেও ৫ খন আসন বাকী থাকিলহেঁতেন৷ সেই কেইখনত নতুন  মানুহক নিযুক্তি দিব পৰা গ’লহেঁতেন৷  

ইপিনে পাৰ্বতী  কুমাৰীয়ে ছ'চিয়েল মিডিয়াত এটা পোষ্টত লিখিছে "মই ভাৰতৰ প্ৰতিজন নাগৰিকক কৈছো  যে মই পাৰ্বতী। এতিয়া মোক এটা জীৱিত মৃতদেহলৈ ৰূপান্তৰিত কৰা হৈছে। সত্যৱতী মহাবিদ্যালয়, সন্ধ্যাৰ পৰা বহিষ্কৃত হোৱাৰ পিছত মই প্ৰতি মুহূৰ্তত মৃত্যুমুখত পৰিছো।এতিয়া মই বিচাৰো যে মোৰ এই দুখ চিৰদিনৰ বাবে শেষ হওঁক। যেতিয়া ঈশ্বৰে দৃষ্টিশক্তি কাঢ়ি লৈছিল, মই অনুভৱ কৰিছিলো যে কেনেবাকৈ মই ঘাট পাৰ হ'ম। মই নাজানিছিলো যে বুদ্ধিজীৱী সমাজতো, আনকি মোৰ দৰে আত্মাকো চুৰিৰে পিষ্ট কৰি হত্যা কৰা হ'ব। মই হতাশ হৈছো। এনে অনুভৱ হয় যেন মই আকৌ অন্ধ হৈ পৰিলো। মোৰ অন্ধ চকুত গৰম তেল ঢালি দিয়া হৈছে। হে ঈশ্বৰ, আপোনাৰ ন্যায় ক'ত গৈছে, আমাৰ ওপৰত অলপ দয়া কৰক। মই জীৱনৰ প্ৰতিটো পৰ্যায়ত সংগ্ৰাম কৰিছো। এই ঘটনাই মানৱজাতিৰ বাবে লাজ কঢ়িয়াই আনিছে। মই আপোনাক এটা কথা কওঁ। আমাৰ সমাজ বিকলাঙ্গসকলৰ প্ৰতি সংবেদনশীল নহয়। পুৰুষৰ অন্ধত্ব আৰু মহিলাৰ অন্ধত্বৰ মাজতো পাৰ্থক্য আছে। আমাক দুবাৰ আঘাত কৰা হৈছে। এজন পুৰুষে সমাজত বিশেষাধিকাৰ লাভ কৰে কিন্তু এগৰাকী মহিলাই সেয়া কিয় নকৰে?"


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু