--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থান মৰুভূমি ৰাজ্য নামেৰে জনাজাত। কিন্তু মে’ মাহত বাৰিষা দেশত প্ৰৱেশ কৰাৰ আগতেই যোৱা এশ বছৰৰ ভিতৰত ৰেকৰ্ডসংখ্যক বৰষুণৰ প্ৰভাৱ পৰিছে৷ ৰাজস্থান বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি চলিত বৰ্ষৰ মে’ মাহত ৰাজ্যত ৬২.৪ মিলিমিটাৰ বৰষুণ হৈছে। যোৱা বছৰ এই একে মাহতে বৰষুণৰ পৰিমাণ আছিল মাত্ৰ ১৩.৬ মিলিমিটাৰ! অৰ্থাৎ বিগত বছৰৰ তুলনাত এই বছৰ ৰাজস্থানত প্ৰায় ৫ গুণ বেছি বৰষুণ হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যদ্বাণী কৰিছে যে আৰু কেইদিনমানৰ বাবে ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব।


শেষবাৰৰ বাবে মে’ মাহত ৬০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছিল ১৯১৭ চনত। সেই বছৰ ৰাজস্থানত ৭১.৯ মিলিমিটাৰ বৰষুণ হৈছিল। ১০০ বছৰতকৈও অধিক সময়ৰ পাছত পুনৰ মৰুভূমিত প্ৰচণ্ড বৰষুণ পৰিল। এয়া জলবায়ু পৰিৱৰ্তনৰ ইংগিত নেকি, বতৰ বিজ্ঞান বিভাগৰ কোনো উত্তৰ নাই। বতৰ বিজ্ঞানীসকলে জনোৱা মতে, আৰু কেইবছৰমানৰ বাবে বৰষুণৰ হাৰ তীক্ষ্ণ নিৰীক্ষণ আৰু বিচাৰ কৰাৰ পাছতহে এই কথা জানিব পৰা যাব।


বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, ভূমধ্যসাগৰীয় অঞ্চলত সঘনাই পশ্চিমীয়া ধুমুহাৰ সৃষ্টি হোৱাৰ বাবেই ৰাজস্থানত এই প্ৰবল বৰষুণ চলি আছে। এই ধুমুহাৰ ফলত দেশৰ উত্তৰ-পশ্চিম ৰাজ্যত অকাল বৰষুণ হয়। অহা মঙলবাৰলৈ ৰাজস্থানত বৰষুণ হ’ব পাৰে। যোধপুৰ, আজমেৰ, জয়পুৰ, ভাৰতপুৰ আদি চহৰত প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। দেওবাৰ আৰু সোমবাৰে বৰষুণৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব পাৰে। বুধবাৰৰ পৰা বৰষুণ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।তথা ৰাজস্থানত ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধি পোৱাৰো সম্ভাৱনা প্ৰৱল৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা