--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থান মৰুভূমি ৰাজ্য নামেৰে জনাজাত। কিন্তু মে’ মাহত বাৰিষা দেশত প্ৰৱেশ কৰাৰ আগতেই যোৱা এশ বছৰৰ ভিতৰত ৰেকৰ্ডসংখ্যক বৰষুণৰ প্ৰভাৱ পৰিছে৷ ৰাজস্থান বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি চলিত বৰ্ষৰ মে’ মাহত ৰাজ্যত ৬২.৪ মিলিমিটাৰ বৰষুণ হৈছে। যোৱা বছৰ এই একে মাহতে বৰষুণৰ পৰিমাণ আছিল মাত্ৰ ১৩.৬ মিলিমিটাৰ! অৰ্থাৎ বিগত বছৰৰ তুলনাত এই বছৰ ৰাজস্থানত প্ৰায় ৫ গুণ বেছি বৰষুণ হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যদ্বাণী কৰিছে যে আৰু কেইদিনমানৰ বাবে ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব।


শেষবাৰৰ বাবে মে’ মাহত ৬০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছিল ১৯১৭ চনত। সেই বছৰ ৰাজস্থানত ৭১.৯ মিলিমিটাৰ বৰষুণ হৈছিল। ১০০ বছৰতকৈও অধিক সময়ৰ পাছত পুনৰ মৰুভূমিত প্ৰচণ্ড বৰষুণ পৰিল। এয়া জলবায়ু পৰিৱৰ্তনৰ ইংগিত নেকি, বতৰ বিজ্ঞান বিভাগৰ কোনো উত্তৰ নাই। বতৰ বিজ্ঞানীসকলে জনোৱা মতে, আৰু কেইবছৰমানৰ বাবে বৰষুণৰ হাৰ তীক্ষ্ণ নিৰীক্ষণ আৰু বিচাৰ কৰাৰ পাছতহে এই কথা জানিব পৰা যাব।


বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, ভূমধ্যসাগৰীয় অঞ্চলত সঘনাই পশ্চিমীয়া ধুমুহাৰ সৃষ্টি হোৱাৰ বাবেই ৰাজস্থানত এই প্ৰবল বৰষুণ চলি আছে। এই ধুমুহাৰ ফলত দেশৰ উত্তৰ-পশ্চিম ৰাজ্যত অকাল বৰষুণ হয়। অহা মঙলবাৰলৈ ৰাজস্থানত বৰষুণ হ’ব পাৰে। যোধপুৰ, আজমেৰ, জয়পুৰ, ভাৰতপুৰ আদি চহৰত প্ৰবল বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে। দেওবাৰ আৰু সোমবাৰে বৰষুণৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব পাৰে। বুধবাৰৰ পৰা বৰষুণ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।তথা ৰাজস্থানত ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধি পোৱাৰো সম্ভাৱনা প্ৰৱল৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস