--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ কোটিপতিৰ মাজত গুৰুত্বপূৰ্ণ স্থান দখল কৰা মুকেশ আম্বানীৰ বিষয়ে সকলোৱে জানে কিন্তু আম্বানীৰ কৰ্মচাৰীৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। কোটিপতি ব্যৱসায়ী মুকেশ আম্বানীয়ে নিজৰ কৰ্মচাৰীৰ যথেষ্ট যত্ন লয়। ভাল দৰমহাৰ লগতে নিজৰ কৰ্মচাৰীক বহুত সুবিধাও দিয়ে। মুকেশ আম্বানীৰ ৰান্ধনীৰ উপাৰ্জন বহু বেছি।

তথ্য অনুসৰি মুকেশ আম্বানীৰ চেফৰ দৰমহা প্ৰতিমাহে ২ লাখ টকা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি দিল্লীৰ বিধায়কৰ দৰমহা প্ৰতিমাহে ৯০ হাজাৰ টকা। সেই ফালৰ পৰা চাবলৈ গলে এগৰাকী বিধায়কতকৈ মুকেশ আম্বানীৰ ৰান্ধনীৰ উপাৰ্জন বেছি। প্ৰতিবেদন অনুসৰি আম্বানীৰ প্ৰায়বোৰ কৰ্মচাৰীৰ দৰমহা একেই। ইয়াৰ লগতে আম্বানীৰ কিছুমান কৰ্মচাৰীৰ সন্তানক বহিঃৰাজ্যত পঢুৱাই আছে মুকেশ আম্বানীয়ে। 

প্ৰতিবেদন অনুসৰি মুকেশ আম্বানীয়ে সাধাৰণ খাদ্য খাই ভাল পায়। আম্বানী নিৰামিষভোজী। সাধাৰণ খাদ্য খোৱাৰ ৰুটিন বহুদিনৰ পৰাই মানি আহিছে মুকেশ আম্বানীয়ে। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ পৰাই মুকেশ আম্বানীয়ে সাধাৰণ খাদ্য পছন্দ কৰে। 

এণ্টিলিয়াত কাম কৰা প্ৰায় প্ৰতিজন কৰ্মচাৰীয়ে ভাল দৰমহা পাই আছে। ভাল দৰমহাৰ উপৰিও আম্বানীৰ কৰ্মচাৰীয়ে বহু ধৰণৰ সুবিধাও পায়। মুকেশ আম্বানীয়ে নিজৰ কৰ্মচাৰীক দৰমহা দিয়াৰ লগতে বীমা আৰু শিক্ষা ভাট্টাও দিয়ে। উল্লেখ্য যে মুকেশ আম্বানীৰ ড্ৰাইভাৰ বা ৰান্ধনী হোৱাটো সহজ নহয়। ইয়াৰ বাবে বহু ধৰণৰ কঠিন পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন