--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ কোটিপতিৰ মাজত গুৰুত্বপূৰ্ণ স্থান দখল কৰা মুকেশ আম্বানীৰ বিষয়ে সকলোৱে জানে কিন্তু আম্বানীৰ কৰ্মচাৰীৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। কোটিপতি ব্যৱসায়ী মুকেশ আম্বানীয়ে নিজৰ কৰ্মচাৰীৰ যথেষ্ট যত্ন লয়। ভাল দৰমহাৰ লগতে নিজৰ কৰ্মচাৰীক বহুত সুবিধাও দিয়ে। মুকেশ আম্বানীৰ ৰান্ধনীৰ উপাৰ্জন বহু বেছি।

তথ্য অনুসৰি মুকেশ আম্বানীৰ চেফৰ দৰমহা প্ৰতিমাহে ২ লাখ টকা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি দিল্লীৰ বিধায়কৰ দৰমহা প্ৰতিমাহে ৯০ হাজাৰ টকা। সেই ফালৰ পৰা চাবলৈ গলে এগৰাকী বিধায়কতকৈ মুকেশ আম্বানীৰ ৰান্ধনীৰ উপাৰ্জন বেছি। প্ৰতিবেদন অনুসৰি আম্বানীৰ প্ৰায়বোৰ কৰ্মচাৰীৰ দৰমহা একেই। ইয়াৰ লগতে আম্বানীৰ কিছুমান কৰ্মচাৰীৰ সন্তানক বহিঃৰাজ্যত পঢুৱাই আছে মুকেশ আম্বানীয়ে। 

প্ৰতিবেদন অনুসৰি মুকেশ আম্বানীয়ে সাধাৰণ খাদ্য খাই ভাল পায়। আম্বানী নিৰামিষভোজী। সাধাৰণ খাদ্য খোৱাৰ ৰুটিন বহুদিনৰ পৰাই মানি আহিছে মুকেশ আম্বানীয়ে। ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ পৰাই মুকেশ আম্বানীয়ে সাধাৰণ খাদ্য পছন্দ কৰে। 

এণ্টিলিয়াত কাম কৰা প্ৰায় প্ৰতিজন কৰ্মচাৰীয়ে ভাল দৰমহা পাই আছে। ভাল দৰমহাৰ উপৰিও আম্বানীৰ কৰ্মচাৰীয়ে বহু ধৰণৰ সুবিধাও পায়। মুকেশ আম্বানীয়ে নিজৰ কৰ্মচাৰীক দৰমহা দিয়াৰ লগতে বীমা আৰু শিক্ষা ভাট্টাও দিয়ে। উল্লেখ্য যে মুকেশ আম্বানীৰ ড্ৰাইভাৰ বা ৰান্ধনী হোৱাটো সহজ নহয়। ইয়াৰ বাবে বহু ধৰণৰ কঠিন পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ