--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে (২৮ এপ্ৰিল) দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুৰ আৱেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। এই সময়ত দিল্লী আৰক্ষীৰ হৈ হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে আমি সিদ্ধান্ত লৈছো যে ব্রিজ ভূষণ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দর্ভত আজি এফআইআৰ ৰুজু কৰা হ’ব৷

ইয়াৰ পিছতে মল্লযুঁজাৰুৰ হৈ উপস্থিত হৈ অধিবক্তা কপিল ছিবালে নিৰাপত্তাৰ দাবী জনায়। লগতে তদন্তৰ বাবে এছটিএফ গঠনৰ বাবে অনুৰোধ জনায়। এই সন্দৰ্ভত ছলিচিটৰ জেনেৰেলে কয় যে এই বিষয়টো দিল্লী আৰক্ষী আয়ুক্তৰ ওপৰত এৰি দিব লাগে।চিবালে কয় যে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত তদন্ত কৰিব লাগে। এই সন্দৰ্ভত তুষাৰ মেহতাই কয় যে এতিয়া এই চাহিদা অলপ বেছি। আৰক্ষী আয়ুক্তই দায়িত্বশীল বিষয়া।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে দিল্লী আৰক্ষীয়ে এফআইআৰ পঞ্জীয়নৰ কথা কৈছে। তদন্তৰ বাবে এছটিএফ গঠন কৰাৰ ক্ষেত্ৰত আমি এতিয়া একো কোৱা নাই। তেওঁ কয় যে নাবালক খেলুৱৈৰ ওপৰত বিপদৰ পৰ্যালোচনা কৰাৰ পিছত আৰক্ষী আয়ুক্তই তেওঁক সুৰক্ষা দিব লাগে। আন খেলুৱৈৰ নিৰাপত্তাও পুনৰীক্ষণ কৰিব লাগে। অহা শুকুৰবাৰে পুনৰ শুনানিৰ বাবে উত্থাপন কৰা হ’ব বিষয়টো।

উল্লেখযোগ্য যে ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়া (WFI)ৰ সভাপতি তথা বিজেপিৰ সাংসদ ব্রিজভূষণ সিঙৰ বিৰুদ্ধে তেওঁলোকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে মল্লযুঁজাৰুসকলে। দেওবাৰৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত বজৰং পুনিয়া, বিনেশ ফোগাটকে ধৰি দেশৰ বহু মল্লযুঁজাৰুয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। এফ আই আৰ পঞ্জীয়ন হোৱা নাছিল যদিও পূর্বে তেওঁ আৰক্ষীক এজাহাৰ দাখিল কৰিছিল৷

ইয়াৰ পিছত প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন