--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে (২৮ এপ্ৰিল) দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা মল্লযুঁজাৰুৰ আৱেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। এই সময়ত দিল্লী আৰক্ষীৰ হৈ হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে আমি সিদ্ধান্ত লৈছো যে ব্রিজ ভূষণ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দর্ভত আজি এফআইআৰ ৰুজু কৰা হ’ব৷

ইয়াৰ পিছতে মল্লযুঁজাৰুৰ হৈ উপস্থিত হৈ অধিবক্তা কপিল ছিবালে নিৰাপত্তাৰ দাবী জনায়। লগতে তদন্তৰ বাবে এছটিএফ গঠনৰ বাবে অনুৰোধ জনায়। এই সন্দৰ্ভত ছলিচিটৰ জেনেৰেলে কয় যে এই বিষয়টো দিল্লী আৰক্ষী আয়ুক্তৰ ওপৰত এৰি দিব লাগে।চিবালে কয় যে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত তদন্ত কৰিব লাগে। এই সন্দৰ্ভত তুষাৰ মেহতাই কয় যে এতিয়া এই চাহিদা অলপ বেছি। আৰক্ষী আয়ুক্তই দায়িত্বশীল বিষয়া।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে দিল্লী আৰক্ষীয়ে এফআইআৰ পঞ্জীয়নৰ কথা কৈছে। তদন্তৰ বাবে এছটিএফ গঠন কৰাৰ ক্ষেত্ৰত আমি এতিয়া একো কোৱা নাই। তেওঁ কয় যে নাবালক খেলুৱৈৰ ওপৰত বিপদৰ পৰ্যালোচনা কৰাৰ পিছত আৰক্ষী আয়ুক্তই তেওঁক সুৰক্ষা দিব লাগে। আন খেলুৱৈৰ নিৰাপত্তাও পুনৰীক্ষণ কৰিব লাগে। অহা শুকুৰবাৰে পুনৰ শুনানিৰ বাবে উত্থাপন কৰা হ’ব বিষয়টো।

উল্লেখযোগ্য যে ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়া (WFI)ৰ সভাপতি তথা বিজেপিৰ সাংসদ ব্রিজভূষণ সিঙৰ বিৰুদ্ধে তেওঁলোকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে মল্লযুঁজাৰুসকলে। দেওবাৰৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত বজৰং পুনিয়া, বিনেশ ফোগাটকে ধৰি দেশৰ বহু মল্লযুঁজাৰুয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। এফ আই আৰ পঞ্জীয়ন হোৱা নাছিল যদিও পূর্বে তেওঁ আৰক্ষীক এজাহাৰ দাখিল কৰিছিল৷

ইয়াৰ পিছত প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ