--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেতা অনু কাপুৰ। চিনেমাৰ পৰা ৱেব ছিৰিজলৈকে - অনুৰ অভিনয়ে দৰ্শকক আপ্লুত কৰিছিল। ‘মিষ্টাৰ ইণ্ডিয়া’, ‘জলী এল এল বি ২’, ‘ড্ৰিম গাৰ্ল’কে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে। পৰিচালক বিশাল ভৰদ্বাজৰ ‘সত খুন মাফ’ত তেওঁৰ অভিনয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সমালোচকসকলেও প্ৰশংসা কৰে।

পৰিচালক সুজিত সৰকাৰৰ ছবি ‘ভিকি ড’নাৰ’ৰ বাবেও অনুকূল ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়। সম্প্ৰতি অভিনেতা গৰাকীয়ে নিজৰ পৰৱৰ্তী ছবি ‘নন-ষ্টপ ধমাল’ৰ প্ৰচাৰত ব্যস্ত। সেই ছবিখনৰ প্ৰচাৰৰ সময়ত অনুৰ এই মন্তব্যই ছচিয়েল মিডিয়া পেজত আলোড়নৰ সৃষ্টি কৰিছিল।

শেহতীয়া এক সাক্ষাৎকাৰত অনু কাপুৰক ‘সংগ্ৰামী শিল্পী’ শব্দটোৰ অৰ্থ কি বুলি সোধা হৈছিল। উত্তৰ দি অনু্ণুৱে ক'লে, "পৃথিৱীৰ এনে এজন ব্যক্তিৰ উদাহৰণ দিয়া, যি সংগ্ৰাম কৰা নাই। সংগ্ৰাম কেৱল নাম, সফলতা বা ধনৰ বাবে নহয়! আপুনি মুকেশ আম্বানীক সুধিব, তেওঁও নিশ্চিতভাৱে কঠোৰ সংগ্ৰাম কৰিবলগা হয়৷’’

অনুৰ এই মন্তব্যই ছচিয়েল মিডিয়া পেজত হুলস্থুলৰ সৃষ্টি কৰিছিল। কেৱল দেশৰেই নহয়, সমগ্ৰ বিশ্বৰ অন্যতম ধনী ব্যৱসায়ীৰ তালিকাৰ শীৰ্ষত আছে মুকেশ আম্বানীৰ নাম। তেনেস্থলত আম্বানীয়ে কি সংগ্ৰাম কৰিবলগা হৈছে এই প্ৰশ্ন উত্থাপন হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক