--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডত প্ৰযোজক কৰণ জোহৰ, আদিত্য চোপ্ৰা, সাজিদ নাদিয়াদৱালা, ভূষণ কুমাৰ আদি উপাৰ্জনৰ ক্ষেত্ৰত শীৰ্ষত আছে। কিন্তু মুঠ সম্পত্তিৰ ক্ষেত্ৰত কৰ্ণ, আদিত্য বা সাজিদৰ নাম শীৰ্ষত নাই। সম্পত্তিৰ ক্ষেত্ৰত কোনজন প্ৰযোজক শীৰ্ষত আছে?

সূত্ৰ অনুসৰি মুঠ সম্পত্তিৰ ক্ষেত্ৰত আগবাঢ়ি থকা বলিউডৰ প্ৰযোজকজনৰ সম্পত্তিৰ পৰিমাণ ১২ হাজাৰ ৮০০ টকা। ৰনি স্ক্ৰুৱালাই সম্পত্তিৰ ক্ষেত্ৰত বলীউডৰ প্ৰযোজকসকলৰ শীৰ্ষত আছে। ৰনিয়ে সত্তৰৰ দশকত টুথব্ৰাছ নিৰ্মাণ কোম্পানী এটাৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

১৯৮১ চনত কেবল টিভি ব্যৱসায় আৰম্ভ কৰে। ইয়াৰ পিছত ৰ’নীয়ে মনোৰঞ্জনৰ জগতখনত প্ৰৱেশ কৰে। আশীৰ দশকত ৰনিয়ে দূৰদৰ্শনত এক কুইজ শ্ব’ও আয়োজন কৰিছিল। ১৯৯০ চনত তেওঁ মাত্ৰ ৩৭ হাজাৰ টকা বিনিয়োগ কৰি ইউটিভি প্ৰডাকচন কোম্পানী গঢ়ি তুলিছিল।

‘স্বদেশ’, ‘যোধা আকবৰ’, ‘বৰফি’, ‘চেন্নাই এক্সপ্ৰেছ’ৰ দৰে কেইবাখনো হিন্দী ছবিৰ লগতে ৰ’নীৰ কোম্পানীয়ে টেলিভিছনৰ ধাৰাবাহিক নিৰ্মাণৰ দায়িত্বও লৈছিল।

২০১২ চনত ৰনিয়ে নিজৰ কোম্পানীৰ বিনিয়োগ ডিজনীক বিক্ৰী কৰিছিল ১০০ কোটি টকাতকৈও অধিক টকাত। নিজা প্ৰডাকচন কোম্পানীটোৰ শ্বেয়াৰ বিক্ৰী কৰাৰ দুবছৰৰ পাছত ২০১৪ চনত ৰনিয়ে আৰ এছ ভি পি মুভিজ নামৰ দ্বিতীয়টো প্ৰডাকচন কোম্পানী মুকলি কৰে। ৰ’নীৰ কোম্পানীয়ে ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’, ‘কেদাৰনাথ’ আদি হিন্দী ছবি নিৰ্মাণ কৰিছে।

দুটা প্ৰডাকচন কোম্পানীৰ বাহিৰেও ৰ’নী চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন কোম্পানীৰ সৈতে জড়িত। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১২ হাজাৰ ৮০০ কোটি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু