--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডত প্ৰযোজক কৰণ জোহৰ, আদিত্য চোপ্ৰা, সাজিদ নাদিয়াদৱালা, ভূষণ কুমাৰ আদি উপাৰ্জনৰ ক্ষেত্ৰত শীৰ্ষত আছে। কিন্তু মুঠ সম্পত্তিৰ ক্ষেত্ৰত কৰ্ণ, আদিত্য বা সাজিদৰ নাম শীৰ্ষত নাই। সম্পত্তিৰ ক্ষেত্ৰত কোনজন প্ৰযোজক শীৰ্ষত আছে?

সূত্ৰ অনুসৰি মুঠ সম্পত্তিৰ ক্ষেত্ৰত আগবাঢ়ি থকা বলিউডৰ প্ৰযোজকজনৰ সম্পত্তিৰ পৰিমাণ ১২ হাজাৰ ৮০০ টকা। ৰনি স্ক্ৰুৱালাই সম্পত্তিৰ ক্ষেত্ৰত বলীউডৰ প্ৰযোজকসকলৰ শীৰ্ষত আছে। ৰনিয়ে সত্তৰৰ দশকত টুথব্ৰাছ নিৰ্মাণ কোম্পানী এটাৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

১৯৮১ চনত কেবল টিভি ব্যৱসায় আৰম্ভ কৰে। ইয়াৰ পিছত ৰ’নীয়ে মনোৰঞ্জনৰ জগতখনত প্ৰৱেশ কৰে। আশীৰ দশকত ৰনিয়ে দূৰদৰ্শনত এক কুইজ শ্ব’ও আয়োজন কৰিছিল। ১৯৯০ চনত তেওঁ মাত্ৰ ৩৭ হাজাৰ টকা বিনিয়োগ কৰি ইউটিভি প্ৰডাকচন কোম্পানী গঢ়ি তুলিছিল।

‘স্বদেশ’, ‘যোধা আকবৰ’, ‘বৰফি’, ‘চেন্নাই এক্সপ্ৰেছ’ৰ দৰে কেইবাখনো হিন্দী ছবিৰ লগতে ৰ’নীৰ কোম্পানীয়ে টেলিভিছনৰ ধাৰাবাহিক নিৰ্মাণৰ দায়িত্বও লৈছিল।

২০১২ চনত ৰনিয়ে নিজৰ কোম্পানীৰ বিনিয়োগ ডিজনীক বিক্ৰী কৰিছিল ১০০ কোটি টকাতকৈও অধিক টকাত। নিজা প্ৰডাকচন কোম্পানীটোৰ শ্বেয়াৰ বিক্ৰী কৰাৰ দুবছৰৰ পাছত ২০১৪ চনত ৰনিয়ে আৰ এছ ভি পি মুভিজ নামৰ দ্বিতীয়টো প্ৰডাকচন কোম্পানী মুকলি কৰে। ৰ’নীৰ কোম্পানীয়ে ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’, ‘কেদাৰনাথ’ আদি হিন্দী ছবি নিৰ্মাণ কৰিছে।

দুটা প্ৰডাকচন কোম্পানীৰ বাহিৰেও ৰ’নী চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন কোম্পানীৰ সৈতে জড়িত। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১২ হাজাৰ ৮০০ কোটি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক