--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বৰ্তমান পৰিবেশ পৰিস্থিতিত উচ্চাৰিত হোৱা এটা পৰিচিত নাম ডি ৱাই চন্দ্ৰচূড়৷চন্দ্ৰচূড় দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পঞ্চতিতম্ মুখ্য ন্যায়াধীশ৷নিজৰ অসাধাৰণ বাগ্মিতা আৰু নম্ৰতা মুখ্য ন্যায়াধীশজনৰ ব্যক্তিত্বৰ মুখ্য অলংকাৰ৷

ছুপ্ৰীম কোৰ্টৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ চৌহদত ন্যায়াধীশ, তেওঁলোকৰ পৰিয়াল আৰু ন্যায়ালয়ৰ কৰ্মচাৰীসকলৰ বাবে আয়ুস হোলিষ্টিক ৱেলনেছ চেণ্টাৰ উদ্বোধন কৰে।

অত্যাধুনিক সুবিধা থকা উদ্বোধন কৰাৰ পাছত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে-  ‘মোৰ বাবে এইটো এটা সন্তোষজনক মুহূৰ্ত। মই ভাৰতৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব লোৱাৰ পৰাই এই বিষয়ত কাম কৰি আহিছোঁ। মই ব্যক্তিগতভাৱে আয়ুৰ্বেদ আৰু সাধাৰণ জীৱনশৈলীৰ সমৰ্থক।’

আয়ুস বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আয়ুস মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী মহেন্দ্ৰভাইৰ উপস্থিতিত উচ্চতম ন্যায়ালয় আৰু সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ মাজত স্বাস্থ্য কেন্দ্ৰ প্ৰতিষ্ঠা, কাৰ্যকৰী কৰা আৰু বিশেষজ্ঞ সেৱা প্ৰদানৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

এটা প্ৰশ্নৰ উত্তৰত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে, “আজি পুৱা ৩.৩০ বজাত সাৰ পাই যোগাসন কৰিলোঁ আৰু মই ভেগান ডায়েট অনুসৰণ কৰো। যোৱা পাঁচ মাহ ধৰি মই সম্পূৰ্ণ ভেগান হৈ আছো আৰু মই ইয়াক অব্যাহত ৰাখিছো৷”

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ