--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বৰ্তমান পৰিবেশ পৰিস্থিতিত উচ্চাৰিত হোৱা এটা পৰিচিত নাম ডি ৱাই চন্দ্ৰচূড়৷চন্দ্ৰচূড় দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পঞ্চতিতম্ মুখ্য ন্যায়াধীশ৷নিজৰ অসাধাৰণ বাগ্মিতা আৰু নম্ৰতা মুখ্য ন্যায়াধীশজনৰ ব্যক্তিত্বৰ মুখ্য অলংকাৰ৷

ছুপ্ৰীম কোৰ্টৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ চৌহদত ন্যায়াধীশ, তেওঁলোকৰ পৰিয়াল আৰু ন্যায়ালয়ৰ কৰ্মচাৰীসকলৰ বাবে আয়ুস হোলিষ্টিক ৱেলনেছ চেণ্টাৰ উদ্বোধন কৰে।

অত্যাধুনিক সুবিধা থকা উদ্বোধন কৰাৰ পাছত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে-  ‘মোৰ বাবে এইটো এটা সন্তোষজনক মুহূৰ্ত। মই ভাৰতৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব লোৱাৰ পৰাই এই বিষয়ত কাম কৰি আহিছোঁ। মই ব্যক্তিগতভাৱে আয়ুৰ্বেদ আৰু সাধাৰণ জীৱনশৈলীৰ সমৰ্থক।’

আয়ুস বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আয়ুস মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী মহেন্দ্ৰভাইৰ উপস্থিতিত উচ্চতম ন্যায়ালয় আৰু সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ মাজত স্বাস্থ্য কেন্দ্ৰ প্ৰতিষ্ঠা, কাৰ্যকৰী কৰা আৰু বিশেষজ্ঞ সেৱা প্ৰদানৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

এটা প্ৰশ্নৰ উত্তৰত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে, “আজি পুৱা ৩.৩০ বজাত সাৰ পাই যোগাসন কৰিলোঁ আৰু মই ভেগান ডায়েট অনুসৰণ কৰো। যোৱা পাঁচ মাহ ধৰি মই সম্পূৰ্ণ ভেগান হৈ আছো আৰু মই ইয়াক অব্যাহত ৰাখিছো৷”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু