--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমকে ধৰি দেশৰ বিভিন্ন বজাৰত নহৰুৰ দামে আকাশ চুইছে। যোৱা কেইসপ্তাহমানত অসমকে ধৰি মহাৰাষ্ট্ৰ, গুজৰাট আৰু মধ্য প্ৰদেশত নহৰুৰ মূল্য বৃদ্ধিয়ে মধ্যবিত্ত শ্ৰেণীক চিন্তিত কৰি তুলিছে। নহৰুৰ দাম বৃদ্ধিত কৃষকসকল  সুখী হৈ পৰিছে। কিন্তু কৃষকৰ এনে আনন্দৰ লগতে উদ্বিগ্নতাও আছে। বহু কৃষকে  অভিযোগ কৰিছে যে নহৰুৰ মূল্য বৃদ্ধিৰ বাবে পথাৰৰ পৰা নহৰু চুৰি হৈ আছে। 

কৃষকসকলে নহৰু চুৰি প্ৰতিৰোধ কৰিবলৈ বন্দুকৰ লগত লৈ ২৪ ঘণ্টাই  পথাৰত পহৰা দিবলগীয়া হৈছে।   মধ্য প্ৰদেশৰ মংগ্ৰোলা গাঁৱতো একে  দৃশ্যটো দেখিবলৈ পোৱা গৈছে। কেৱল বন্দুকেই নহয়,  সতৰ্কতামূলক ব্যৱস্থা হিচাবে  পথাৰত চিচিটিভি কেমেৰাও  স্থাপন কৰা হৈছে। নহৰু ৰক্ষা কৰিবলৈ কুকুৰো  পথাৰত মুকলি কৰি দিয়া হৈছে। যদি কোনো অচিনাকি ব্যক্তি পথাৰলৈ আহে কুকুৰবোৰে তেওঁলোকক খেদি যায় । ফলস্বৰূপে, 'মূল্যৱান' নহৰুও সুৰক্ষিত হৈ ৰৈছে।


শেহতীয়াকৈ, মধ্য প্ৰদেশৰ উজ্জয়িনী অঞ্চলৰ কালালিয়া গাঁৱৰ বাসিন্দা সঞ্জয় শ্বাহৰ পথাৰৰ পৰা নহৰুৰ বস্তা চুৰি হৈছে। ঘটনাটোৰ পিছত জীৱান সিং আৰু ভাৰত সিং নামৰ দুজন কৃষকে তেওঁলোকৰ  পথাৰত চিচিটিভি কেমেৰা স্থাপন কৰে। তেওঁলোকে  পথাৰৰ সুৰক্ষাৰ বাবে  ৰক্ষীও নিযুক্ত কৰিছে। 
উল্লেখ্য যোৱা বছৰৰ তুলনাত এই বছৰ  নহৰুৰ মূল্য চাৰিগুণ বৃদ্ধি পাইছে। ঠায়ে ঠায়ে নহৰুৰ দাম প্ৰি কিলোগ্ৰামত ৪০০ টকাৰো ওপৰ হৈছে। বতৰ আৰু নহৰুৰ বীজৰ মূল্য বৃদ্ধিৰ বাবে এই বছৰ নহৰু উৎপাদন হ্ৰাস পাইছে।ফলত  নহৰুৰ মূল্য বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু