--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমকে ধৰি দেশৰ বিভিন্ন বজাৰত নহৰুৰ দামে আকাশ চুইছে। যোৱা কেইসপ্তাহমানত অসমকে ধৰি মহাৰাষ্ট্ৰ, গুজৰাট আৰু মধ্য প্ৰদেশত নহৰুৰ মূল্য বৃদ্ধিয়ে মধ্যবিত্ত শ্ৰেণীক চিন্তিত কৰি তুলিছে। নহৰুৰ দাম বৃদ্ধিত কৃষকসকল  সুখী হৈ পৰিছে। কিন্তু কৃষকৰ এনে আনন্দৰ লগতে উদ্বিগ্নতাও আছে। বহু কৃষকে  অভিযোগ কৰিছে যে নহৰুৰ মূল্য বৃদ্ধিৰ বাবে পথাৰৰ পৰা নহৰু চুৰি হৈ আছে। 

কৃষকসকলে নহৰু চুৰি প্ৰতিৰোধ কৰিবলৈ বন্দুকৰ লগত লৈ ২৪ ঘণ্টাই  পথাৰত পহৰা দিবলগীয়া হৈছে।   মধ্য প্ৰদেশৰ মংগ্ৰোলা গাঁৱতো একে  দৃশ্যটো দেখিবলৈ পোৱা গৈছে। কেৱল বন্দুকেই নহয়,  সতৰ্কতামূলক ব্যৱস্থা হিচাবে  পথাৰত চিচিটিভি কেমেৰাও  স্থাপন কৰা হৈছে। নহৰু ৰক্ষা কৰিবলৈ কুকুৰো  পথাৰত মুকলি কৰি দিয়া হৈছে। যদি কোনো অচিনাকি ব্যক্তি পথাৰলৈ আহে কুকুৰবোৰে তেওঁলোকক খেদি যায় । ফলস্বৰূপে, 'মূল্যৱান' নহৰুও সুৰক্ষিত হৈ ৰৈছে।


শেহতীয়াকৈ, মধ্য প্ৰদেশৰ উজ্জয়িনী অঞ্চলৰ কালালিয়া গাঁৱৰ বাসিন্দা সঞ্জয় শ্বাহৰ পথাৰৰ পৰা নহৰুৰ বস্তা চুৰি হৈছে। ঘটনাটোৰ পিছত জীৱান সিং আৰু ভাৰত সিং নামৰ দুজন কৃষকে তেওঁলোকৰ  পথাৰত চিচিটিভি কেমেৰা স্থাপন কৰে। তেওঁলোকে  পথাৰৰ সুৰক্ষাৰ বাবে  ৰক্ষীও নিযুক্ত কৰিছে। 
উল্লেখ্য যোৱা বছৰৰ তুলনাত এই বছৰ  নহৰুৰ মূল্য চাৰিগুণ বৃদ্ধি পাইছে। ঠায়ে ঠায়ে নহৰুৰ দাম প্ৰি কিলোগ্ৰামত ৪০০ টকাৰো ওপৰ হৈছে। বতৰ আৰু নহৰুৰ বীজৰ মূল্য বৃদ্ধিৰ বাবে এই বছৰ নহৰু উৎপাদন হ্ৰাস পাইছে।ফলত  নহৰুৰ মূল্য বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ