--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি বিপদত পৰিল এগৰাকী কংগ্ৰেছী বিধায়ক। বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি কৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী অতি কঠোৰ পৰিশ্ৰমী ব্যক্তি আৰু তেওঁ দিনে নিশাই কাম কৰিব পাৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আজি কংগ্রেছত থাকিলে দলটো বহু ওপৰলৈ গ’লহেঁতেন বুলিও বিধায়কগৰাকীয়ে প্রকাশ কৰিছিল৷ পাছে মুখ্যমন্ত্ৰীক এনেদৰে প্ৰশংসা কৰা বাবে কংগ্ৰেছী বিধায়কগৰাকীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। 

কোন সেই বিধায়ক, যিয়ে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি কংগ্ৰেছৰ ৰোষত পৰিল? বিধায়কগৰাকী হৈছে লাহৰীঘাটৰ বিধায়ক আছিফ মহম্মদ নাজাৰ। উল্লেখ্য যে অসমৰ লাহৰীঘাট সমষ্টিৰ পৰা পাঁচবাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ পুত্ৰ হিচাপেও পৰিচিত আছিফ মহম্মদ নাজাৰ। ২০০২ চনৰ পৰা ২০১৬ চনলৈ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰত মন্ত্ৰী আছিল নাজাৰৰ পিতৃ নজৰুল ইছলাম। 

বিধায়ক নাজাৰে মু্খ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ লগতে ইয়াকো কৈছিল যে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল যদিও তেওঁলোকৰ মাজত মতাদৰ্শগত মতানৈক্য আছে।

ইফালে এই সন্দৰ্ভত অসম কংগ্ৰেছৰ নেতা ৰাণা গোস্বামীয়ে কয় যে দলটোৱে মুখ্যমন্ত্ৰী শৰ্মাক প্ৰশংসা কৰাৰ বাবে বিধায়ক আছিফ মহম্মদ নাজাৰক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰি প্ৰত্যুত্তৰ দিবলৈ ২৪ ঘন্টা সময় দিছে। বিধায়ক নাজাৰে দিয়াৰ উত্তৰৰ ভিত্তিতে পৰৱৰ্তী কাৰ্যব্যৱস্থা সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব বুলি জনায় ৰাণা গোস্বামীয়ে।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত লাহৰীঘাট বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত আছিফ মহম্মদ নাজাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
উল্লেখ্য যে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী আছে আছিফ মহম্মদ নাজাৰৰ। নাজাৰে ৰাজনীতিৰ পথাৰত ভৰি দিয়াৰ আগতে নিজৰ গৃহ চহৰ মৰিগাঁৱত চিকিৎসা সেৱা আগবঢ়াইছিল। এতিয়া এই সন্দৰ্ভত আছিফ মহম্মদ নাজাৰে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া হ'ব লক্ষ্যণীয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু