--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি বিপদত পৰিল এগৰাকী কংগ্ৰেছী বিধায়ক। বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি কৈছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী অতি কঠোৰ পৰিশ্ৰমী ব্যক্তি আৰু তেওঁ দিনে নিশাই কাম কৰিব পাৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আজি কংগ্রেছত থাকিলে দলটো বহু ওপৰলৈ গ’লহেঁতেন বুলিও বিধায়কগৰাকীয়ে প্রকাশ কৰিছিল৷ পাছে মুখ্যমন্ত্ৰীক এনেদৰে প্ৰশংসা কৰা বাবে কংগ্ৰেছী বিধায়কগৰাকীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। 

কোন সেই বিধায়ক, যিয়ে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি কংগ্ৰেছৰ ৰোষত পৰিল? বিধায়কগৰাকী হৈছে লাহৰীঘাটৰ বিধায়ক আছিফ মহম্মদ নাজাৰ। উল্লেখ্য যে অসমৰ লাহৰীঘাট সমষ্টিৰ পৰা পাঁচবাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ পুত্ৰ হিচাপেও পৰিচিত আছিফ মহম্মদ নাজাৰ। ২০০২ চনৰ পৰা ২০১৬ চনলৈ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰত মন্ত্ৰী আছিল নাজাৰৰ পিতৃ নজৰুল ইছলাম। 

বিধায়ক নাজাৰে মু্খ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ লগতে ইয়াকো কৈছিল যে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল যদিও তেওঁলোকৰ মাজত মতাদৰ্শগত মতানৈক্য আছে।

ইফালে এই সন্দৰ্ভত অসম কংগ্ৰেছৰ নেতা ৰাণা গোস্বামীয়ে কয় যে দলটোৱে মুখ্যমন্ত্ৰী শৰ্মাক প্ৰশংসা কৰাৰ বাবে বিধায়ক আছিফ মহম্মদ নাজাৰক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰি প্ৰত্যুত্তৰ দিবলৈ ২৪ ঘন্টা সময় দিছে। বিধায়ক নাজাৰে দিয়াৰ উত্তৰৰ ভিত্তিতে পৰৱৰ্তী কাৰ্যব্যৱস্থা সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব বুলি জনায় ৰাণা গোস্বামীয়ে।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত লাহৰীঘাট বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত আছিফ মহম্মদ নাজাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
উল্লেখ্য যে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী আছে আছিফ মহম্মদ নাজাৰৰ। নাজাৰে ৰাজনীতিৰ পথাৰত ভৰি দিয়াৰ আগতে নিজৰ গৃহ চহৰ মৰিগাঁৱত চিকিৎসা সেৱা আগবঢ়াইছিল। এতিয়া এই সন্দৰ্ভত আছিফ মহম্মদ নাজাৰে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া হ'ব লক্ষ্যণীয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক