--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডেম’ক্ৰেটিক আজাদ পাৰ্টিৰ মুৰব্বী গুলাম নবী আজাদে বুধবাৰে (৫ এপ্ৰিল) নিজৰ আত্মজীৱনী উন্মোচনৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ চলায়। তেওঁ কয় যে মনমোহন সিঙে ৰাহুল গান্ধীৰ ওচৰত শিৰনত কৰা উচিত নাছিল, তেতিয়া মন্ত্ৰীসভা দুৰ্বল আছিল। ৰাহুল গান্ধীৰ নিলম্বনক ভুল আখ্যা দি আজাদে কয় যে ৰাহুল গান্ধীৰ ফালৰ পৰা অধ্যাদেশ ফালি দিয়াটো ভুল। সেই আইনখন আজি থকা হ’লে ৰাহুলৰ সদস্যপদ ৰক্ষা পৰিলহেঁতেন৷

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আজাদে কয় যে,"আমি অধ্যাদেশ আনিছো যে কোনোবা নহয় কোনোবা সময়ত আমাৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হ’ব। কাৰণ কেতিয়াবা আন এটা দলো ক্ষমতাত থাকিব পাৰে। সেই সময়ত ৰাহুলে ফালি পেলালে। সেই সময়ত মন্ত্ৰীসভা দুৰ্বল আছিল। তেতিয়াৰ মন্ত্ৰীসভাই নিজৰ সিদ্ধান্তত আবদ্ধ হৈ থাকিব লাগিছিল।"


ইয়াৰ পূৰ্বে বুধবাৰে আজাদে কংগ্ৰেছক লক্ষ্য কৰি কৈছিল যে ,"আমি ২৪ ঘন্টা সাৰ পাই মোডী আৰু বিজেপিক গালি-গালাজ নকৰো। বৈদেশিক নীতিত বিশ্ব ব্যৰ্থ হৈছে যদিও ভাৰত সফল হৈছে। বিজেপিয়ে কিছুমান কথাত উন্নতি কৰিব লাগিব, নহ’লে তেওঁলোকৰো অৱস্থা কংগ্ৰেছৰ দৰেই হ’ব পাৰে। বিধানসভাসমূহ ভেঙুচালি কৰাৰ প্ৰক্ৰিয়া বন্ধ কৰিব লাগিব।আজাদে কৈছিল যে সকলো ৰাজনৈতিক দলতে কিছু অভাৱ আছে, কংগ্ৰেছতো কিছু অভাৱ দেখা গৈছে। আশা কৰো কংগ্ৰেছ দলে সেই ভুলবোৰ শুধৰাই আগুৱাই গৈ জাতীয় দলৰ ভূমিকা পালন কৰিব।"

গোলাম নবী আজাদৰ মন্তব্যৰ বিৰুদ্ধেও প্ৰতিশোধ ল’লে কংগ্ৰেছে। কংগ্ৰেছ নেতা পৱন খেৰাই কয় যে."যি দলে এজন কৰ্মীক (গুলাম নবী আজাদ) ইমান ডাঙৰ নেতা কৰি তুলিলে আৰু আজি তেওঁ একেটা দলকে গালি পাৰিছে। তেওঁ দলৰ আস্থা ভংগ কৰিছে। পাৰ্টি এৰি যোৱাৰ সময়ত তেওঁ কৈছিল যে আজি মই মুক্ত হৈছো। গতিকে আমি নিশ্চিত যে আপুনি মুক্ত নহয়, দাস হৈ পৰিছে।"

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে.চি. ভেনুগোপালে কয় যে,"গুলাম নবী আজাদে যি কৈছে সেয়া বিজেপিৰ সৈতে স্পষ্ট চুক্তি। যদি আপুনি বিজেপিৰ পৰা কিবা বিচাৰে তেন্তে তেওঁলোকৰ প্ৰথম চৰ্ত হ’ল ৰাহুল গান্ধীক অপমান কৰা। তেওঁলোকে যি ক’ব বিচাৰে কওক, ৰাহুল গান্ধী কোন সেইয়া দেশে দেখিছে, ৰাহুল গান্ধীৰ বাবে আজাদৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু