--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ১১ এপ্ৰিল তাৰিখে পাকিস্তানৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হয় শ্বেহবাজ শ্বৰীফ। পাকিস্তানৰ সংসদে তেওঁক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে। তেওঁৰ পক্ষত ১৭৪টা ভোটত জয়ী হৈ তেওঁ ইমৰান খানক গাদীচ্যুত কৰিছিল। তেওঁ শাসনৰ গাদী দখল কৰা পাছতেই প্ৰথমটো উপহাৰ হিচাপে জ্যেষ্ঠ ভাতৃ নৱাজ শ্বৰীফলৈ আগবঢ়াইছে।

নৱাজ শ্বৰীফ আছিল পাকিস্তানৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী। ৩টা কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নৱাজ শ্বৰীফ আছিল এতিয়ালৈ পাকিস্তানৰ দীৰ্ঘ সময় শাসনত থকা প্ৰধানমন্ত্ৰী। ২০১৭ চনত  পানামা পেপাৰ কেছৰ বাবে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে তেওঁক পদৰ পৰা অপসাৰণ কৰিছিল। এই কেছৰ বাবেই আদালতে তেওঁক দহ বছৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰিছিল। স্বাস্থ্যজনিত কাৰণৰ বাবে তেওঁ ২০১৯ চনৰ পৰা লণ্ডনত চিকিৎসা কৰাই আছে। তাৰ মাজতে পাকিস্তানে তেওঁৰ পাছপোৰ্ট যোৱা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ১৬ তাৰিখে বাতিল কৰে।

ইয়াৰ পূৰ্বে ইমৰান খান চৰকাৰেও তেওঁক লণ্ডনৰ পৰা ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছিল যদিও সফল হ'ব পৰা নাছিল। লণ্ডনৰ পৰা তেওঁক ঘূৰাই আনিবলৈ ব্ৰিটেইন চৰকাৰে অনুমতি দিয়া নাছিল। কিন্তু শাসনৰ গাদী দখল কৰিয়েই নৱাজ শ্বৰীফৰ ভাতৃ তথা বৰ্তমানৰ পাক্ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে তেওঁক ঘূৰাই অনাৰ পথ সুগম কৰিছে।

শ্বেহবাজ শ্বৰীফে লোৱা প্ৰথম গুৰুত্বপূৰ্ণ সিদ্ধান্তত তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক তাৎক্ষণিকভাৱে কূটনৈতিক পাছপোৰ্ট জাৰি কৰাৰ নিৰ্দেশ দিছে। এতিয়া তেওঁ কূটনৈতিক পাছপোৰ্টত ঈদৰ পিছত পাকিস্তানলৈ উভতি আহিব পাৰে। নৱাজ শ্বৰীফৰ সৈতে, পাকিস্তানৰ প্ৰাক্তন বিত্ত মন্ত্ৰী ইছাক দাৰকো পাছপোৰ্ট জাৰী কৰা হ'ব কিন্তু তেওঁক সাধাৰণ পাছপোৰ্ট জাৰী কৰা হ'ব, কূটনৈতিক পাছপোৰ্ট নহয়।
শ্বেহবাজ শ্বৰীফে লণ্ডনত পাকিস্তানী উচ্চায়ুক্তক তেওঁৰ জ্যেষ্ঠ ভাতৃ নৱাজ শ্বৰীফৰ বাবে কূটনৈতিক পাছপোৰ্ট জাৰী কৰিবলৈ কৈছিল। অৱশ্যে, আদালতে সিদ্ধান্ত লোৱা শাস্তিৰ বাবে, নৱাজে লণ্ডনৰ পৰা উভতি অহাৰ লগে লগে পোনপটীয়াকৈ কাৰাগাৰলৈ যাব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?