--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ডকাইতৰ দলে ব্ৰইলাৰ কঢ়িয়াই অনা জয়চন্দ্ৰ শইকীয়া, কৃষ্ণমণি শইকীয়া, ক্ষীৰোদ চেতিয়াক চকু বান্ধি আৰটিগা গাড়ীত সুমুৱাই মৰাণ অভিমুখে লৈ যায়।

ডিজিটেল ডেস্ক: গৌৰীসাগৰত নিশা সংঘটিত হৈছে ডকাইতি ঘটনা। ব্ৰইলাৰ কঢ়িওৱা এখন গাড়ী হাইজেক কৰে সাতজনীয়া ডকাইতৰ দলে। গাড়ীখনৰ নম্বৰ AS-05-C-7289। 


হাতত মাৰণাস্ত্ৰ লৈ আৰটিগা গাড়ীয়ে আগচি ধৰে ব্ৰইলাৰ কঢ়িওৱা বলেৰ' মেক্স গাড়ীখন। জাঁজী ফুলপানীছিগাৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ডেৰ বজাত সংঘটিত হৈছে এই ঘটনা। 


ডকাইতৰ দলে ব্ৰইলাৰ কঢ়িয়াই অনা জয়চন্দ্ৰ শইকীয়া, কৃষ্ণমণি শইকীয়া, ক্ষীৰোদ চেতিয়াক চকু বান্ধি আৰটিগা গাড়ীত সুমুৱাই মৰাণ অভিমুখে লৈ যায়।


ডকাইতৰ দলে তিনি যুৱকক মৰাণ বাইপাছত পুৱতি নিশা মুকলি কৰি দিয়ে। 


আনহাতে ব্ৰইলাৰ কঢ়িওৱা বলেৰ' মেক্স গাড়ীখন আজি পুৱা ডিমৌৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হয়। ডকাইতৰ দলে গাড়ীত থকা প্ৰায় ১৭ কুইণ্টল ব্ৰইলাৰ লৈ উধাও হয়।


ঘটনাৰ পিছতে ভুক্তভোগী ব্যৱসায়ী কুমুদ গগৈয়ে গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক