--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কাজিৰঙাৰ শক্তিশালী চোৰাং চিকাৰ প্ৰতিৰোধ ব্যৱস্থা আৰু শেহতীয়াকৈ উদ্যানৰ বনকৰ্মীক দিয়া উন্নত মাৰণাস্ত্ৰ আৰু সমন্বিত পৰিকল্পনা আৰু ব্যৱস্থাপনাই শক্তিশালী কৰিছে কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰ প্ৰতিৰোধী অভিযান।

ডিজিটেল ডেস্ক : এটা খর্গযুক্ত গঁড়ৰ সংখ্যা সম্প্রতি ৪,০৭৫টা হৈছেগৈ আৰু ইয়াৰ ৮০ শতাংশই আছে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত। ভাৰত আৰু নেপালে মিলি কৰা শেহতীয়া মূল্যায়ন অনুসৰি এই সংখ্যাৰ প্রায় ৮০ শতাংশই আছে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত। বিগত সময়ছোৱাত বিশ্বৰ এটা খৰ্গযুক্ত গঁড় সংৰক্ষণত শতবর্ষ অতিক্ৰম কৰি সমগ্ৰ বিশ্বতে অসমে ইতিহাস ৰচনা কৰিছে। 


সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬০০ৰো অধিক গঁড় আছে। ই বিশ্বৰ ভিতৰত এটা খর্গযুক্ত গঁড়ৰ সৰ্ববৃহৎ সংখ্যা বুলি সমীক্ষাত প্রকাশ। বিশ্বত এটা খৰ্গযুক্ত গঁড়ৰ মুঠ সংখ্যা ৪,০৭৫টালৈ বৃদ্ধি পোৱাৰ আঁৰত অসমৰ এই সংৰক্ষণ ইতিহাসৰ আছে গুৰুত্বপূৰ্ণ অৱদান। কাজিৰঙাত গঁড়ৰ সংখ্যা ১৯০০ চনৰ আৰম্ভণিৰ সময়ত ১০০টাৰো কম আছিল বুলি বিশ্বাস কৰা হৈছিল। ভাৰতত বর্তমান আছে প্রায় ৩,৩২৩টা আৰু নেপালত আছে প্রায় ৭৫২টা এটা খর্গযুক্ত গঁড়। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতেই ২৬০০ৰো অধিক গঁড় আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্রায় ৪০-৫০টা এটা খৰ্গযুক্ত গঁড়ৰ লগতে ওৰাং আৰু পবিতৰাতো গঁড় আছে। 


মানাহ ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ গঁড়ৰ সংখ্যা নিঃশেষ হৈ যোৱাৰ পাছত বিভিন্ন সময়ত গঁড় নি পুনৰ সংস্থাপন কৰা হৈছে। অসমত গঁড়ৰ শতবৰ্ষ গৰকা সংৰক্ষণৰ ইতিহাস সমগ্ৰ বিশ্বৰ বাবেই আকর্ষণীয়। কাজিৰঙাত গঁড় সংৰক্ষণত স্থানীয় আৰু চাৰিওকাষৰ গাঁওবাসীৰ অৱদান আৰু সহযোগিতা অনস্বীকার্য। 


কাজিৰঙাৰ শক্তিশালী চোৰাং চিকাৰ প্ৰতিৰোধ ব্যৱস্থা আৰু শেহতীয়াকৈ উদ্যানৰ বনকৰ্মীক দিয়া উন্নত মাৰণাস্ত্ৰ আৰু সমন্বিত পৰিকল্পনা আৰু ব্যৱস্থাপনাই শক্তিশালী কৰিছে কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰ প্ৰতিৰোধী অভিযান। বিভাগীয় তথ্য মতে, ২০১৬ চনৰ পৰা কাজিৰঙাত গঁড় হত্যা আৰু গঁড় হত্যাৰ চেষ্টা ৮৬ শতাংশ হ্রাস পাইছে। এই সময়ছোৱাত ৪২জন চোৰাং চিকাৰীক আটক কৰা হৈছে, ৬টা চোৰাং চিকাৰীৰ ঘাটি ধ্বংস কৰা হৈছে আৰু চোৰাং চিকাৰীৰ গঁড় হত্যাৰ ৯টা চেষ্টা বিফল কৰা হৈছে। তদুপৰি উদ্যানৰ অভ্যন্তৰত আৰু চৌকাষে ২৫৩টা বন শিবিৰ স্থাপন কৰা হৈছে। নিৰীক্ষণত ড্ৰ'ন আৰু থাৰ্মেল কেমেৰা সংস্থাপন আৰু গোপন সূত্ৰৰ শক্তিশালী নে'টৱৰ্ক আৰু সুদৃঢ় তথা নিয়ন্ত্ৰিত পৰিচালনা গঠন কৰা হৈছে। যাৰ বাবে বিভাগীয় তথ্য মতে, ২০২২ চনত কাজিৰঙাই প্ৰথমবাৰৰ বাবে গঁড় হত্যা শূন্য কৰিবলৈ সক্ষম হৈছিল। 


মন কৰিবলগীয়া যে ১৯৭০ৰ দশকৰ পাছত দ্বিতীয়বাৰ এই সফলতা লাভকৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে। বিশ্বৰ বুকুৰ পৰা নিঃশেষ হ'বলৈ ধৰা এটা প্ৰজাতিৰ সুৰক্ষা আৰু ইয়াৰ সংখ্যা বৃদ্ধিৰ উৎস এতিয়া কাজিৰঙা। বিশ্বত এটা খৰ্গযুক্ত গঁড়ৰ পুনৰুদ্ধাৰৰ বাবে ই বিশেষ গুৰুত্বপূৰ্ণ। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে গঁড় কেৱল সংৰক্ষণৰ সফলতাই নহয় ই ৰাজ্যৰ বনাঞ্চল, জলাহ ভূমি আৰু সামগ্রিক জৈৱ-বৈচিত্র্যৰ সৈতে গভীৰভাৱে জড়িত। লগতে ই ৰাজ্যৰ বন্যপ্রাণী পর্যটন অর্থনীতিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। 


উল্লেখযোগ্য যে ৩৩০০ বছৰৰ পুৰাতাত্ত্বিক পর্যালোচনাই দেখুৱায় যে উত্তৰ-পূব ভাৰতত জলবায়ু তুলনামূলকভাৱে স্থিৰ, যাৰ ফলত এটা খাযুক্ত গঁড়ৰ সংখ্যা ভাৰতবৰ্ষৰ উত্তৰ-পশ্চিম দিশৰ সিন্ধু গংগা নদী উপত্যকাৰ পৰা পূব দিশৰ ব্ৰহ্মপুত্ৰ নদী উপত্যকালৈ স্থানান্তৰ হৈ সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতেই কেন্দ্রীভূত হৈছে। একেদৰে প্ৰতিবছৰে হোৱা বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱতন্ত্ৰক সাৰ-পানী যোগান ধৰে। সজীৱ কৰি তোলে কাজিৰঙাৰ ঘাঁহনি আৰু এই ঘাঁহনি এটা খৰ্গযুক্ত গঁড়ৰ খাদ্যৰ অন্যতম উৎস। লকচাৰ দৰে প্রিয় ঘাঁহৰ প্ৰাচুৰ্যই কাজিৰঙাত এটা খৰ্গযুক্ত গঁড়ৰ সংখ্যা বৃদ্ধিত সহায় কৰি আহিছে বুলিও প্রাণী বিশেষজ্ঞই জানিবলৈ দিয়ে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ