--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিশ্বকর্মা পূজাৰ অন্যতম বিশেষত্ব হৈছে কৰ্মৰ আহিলা আৰু যন্ত্রপাতিক পূজা কৰা। সেই অনুসৰি বিভিন্ন কাৰখানা আৰু কৰ্মশালাত মেচিন, সঁজুলি, যান-বাহন, কাৰিকৰী সামগ্ৰী আদি পৰিষ্কাৰ কৰি পূজাৰ বাবে সাজু কৰা হৈছে।

ডিজিটেল ডেস্ক: দেশৰ অন্যান্য প্রান্তৰ লগতে অসমতো উলহ-মালহেৰে আজি উদযাপন কৰিছে বিশ্বকর্মা পূজা। কাৰিকৰী বিদ্যা, নির্মাণ আৰু শিল্প-উদ্যোগৰ অধিষ্ঠাতা দেৱতা ভগৱান বিশ্বকৰ্মাৰ আৰাধনাৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্রান্তত ব্যাপক প্রস্তুতি চলিছে। বিশেষকৈ কল-কাৰখানা, গেৰেজ, নির্মাণ সংস্থা, বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠান তথা ব্যাৱসায়িক প্রতিষ্ঠানসমূহত বিশ্বকর্মা পূজাক লৈ উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। 


বিশ্বকর্মা পূজাৰ অন্যতম বিশেষত্ব হৈছে কৰ্মৰ আহিলা আৰু যন্ত্রপাতিক পূজা কৰা। সেই অনুসৰি বিভিন্ন কাৰখানা আৰু কৰ্মশালাত মেচিন, সঁজুলি, যান-বাহন, কাৰিকৰী সামগ্ৰী আদি পৰিষ্কাৰ কৰি পূজাৰ বাবে সাজু কৰা হৈছে। বহু স্থানত পূজাৰ পাছত ভক্ত আৰু কৰ্মচাৰীসকলৰ মাজত প্ৰসাদ বিতৰণৰো আয়োজন কৰা হৈছে। 


ইফালে পূজাক কেন্দ্ৰ কৰি মূৰ্তি নিৰ্মাতা আৰু ফুল-সজ্জাৰ ব্যৱসায়ীসকলৰ মাজতো ব্যস্ততা বৃদ্ধি পাইছে। বিশ্বকৰ্মাৰ মূৰ্তি, পূজাৰ সামগ্ৰী, ফুল, ফল-মূল আৰু অন্যান্য প্রয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰত গ্ৰাহকৰ ভিৰ দেখা গৈছে। পূজাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন স্থানত যাতে শৃংখলাবদ্ধভাৱে অনুষ্ঠান অনুষ্ঠিত হয়, তাৰ বাবে প্রশাসনেও বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। পূজাৰ দিনা বিভিন্ন অঞ্চলত সাংস্কৃতিক অনুষ্ঠান, ভোগ বিতৰণ আৰু অন্যান্য কাৰ্যসূচীৰো আয়োজন কৰা হৈছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক