--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ট্ৰাকখন মিজোৰামৰ চাম্পাই জিলাৰ পৰা আহিছিল। আব্দুল ৰহিম লস্কৰ নামৰ এজন পাচাৰকাৰীক গ্ৰেপ্তাৰ কৰা হয়।

ডিজিটেল ডেস্ক: কাছাৰত পৃথক পৃথক অভিযান চলাই বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে সংবাদমেলত জনোৱা অনুসৰি গোপন তথ্যৰ ভিত্তিত শিলচৰ থানাৰ অধীনস্থ ৰামনগৰ বাইপাছ অঞ্চলৰ চাংগাই হোটেলৰ ওচৰত মাদক দ্ৰব্য বিৰোধী অভিযান চলোৱা হয়। 


অভিযানৰ সময়ত এএছ-০১-এনচি-৮৮৯৩ নম্বৰৰ এখন ট্ৰাক জব্দ কৰা হয়। ট্ৰাকখনৰ গোপন কোঠাত লুকুৱাই ৰখা ১৫০টা চাবোনৰ কেচত সন্দেহযুক্ত হেৰোইন উদ্ধাৰ হয়। হেৰোইনৰ ওজন ২.২ কেজি।


ট্ৰাকখন মিজোৰামৰ চাম্পাই জিলাৰ পৰা আহিছিল। আব্দুল ৰহিম লস্কৰ নামৰ এজন পাচাৰকাৰীক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ কাছাৰ জিলাৰ ধলাই থানাৰ অধীনস্থ ফ্ৰেঞ্চ নগৰ বাসিন্দা। জব্দকৃত হেৰোইনৰ বজাৰ মূল্য ১৩ কোটি টকা। তেওঁ আৰু জানিবলৈ দিয়ে আন এক অভিযানত কাছাৰ আৰক্ষীয়ে কালাইন থানাৰ অধীনস্থ ভৈৰৱপুৰ প্ৰথম খণ্ডৰ বাসিন্দা জাইৰুল ইছলাম নামৰ এক ব্যক্তিক গ্ৰেপ্তাৰ কৰে। তেওঁৰ লগত থকা এটা বেগৰ পৰা ১০,০০০টা য়াবা টেবলেট উদ্ধাৰ হয়। যাৰ বজাৰ মূল্য ১ কোটি টকা।


দুয়োটা অভিযানত উদ্ধাৰ হোৱা মাদক দ্ৰব্যৰ মুঠ আনুমানিক মূল্য প্ৰায় ১৪ কোটি টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক