--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেছোৱাৰী হৈছে উৰিব নোৱাৰা এটা ডাঙৰ আকাৰৰ চৰাই। অষ্ট্ৰেলিয়া, নিউ গিনি আৰু ইয়াৰ আশে-পাশে থকা দ্বীপসমূহৰ বৰ্ষাৰণ্যত এই চৰাইবিধ প্ৰধানকৈ পোৱা যায়।

ডিজিটেল ডেস্ক : প্ৰকৃতিৰ বুকুত বিভিন্ন ধৰণৰ ধুনীয়া আৰু আকর্ষণীয় চৰাই পোৱা যায়। কিন্তু এই চৰাইবোৰৰ মাজতে এনে এটা চৰাইও আছে, যাক পৃথিৱীৰ আটাইতকৈ বিপজ্জনক চৰাই বুলি গণ্য কৰা হয়। এই চৰাইটোৰ নাম কেছোৱাৰী (Cassowary)। দেখাত অতি ধুনীয়া হ'লেও ইয়াৰ এটা আক্রমণেই এজন মানুহৰ মৃত্যুৰ কাৰণ হ'ব পাৰে।


কেছোৱাৰী হৈছে উৰিব নোৱাৰা এটা ডাঙৰ আকাৰৰ চৰাই। অষ্ট্ৰেলিয়া, নিউ গিনি আৰু ইয়াৰ আশে-পাশে থকা দ্বীপসমূহৰ বৰ্ষাৰণ্যত এই চৰাইবিধ প্ৰধানকৈ পোৱা যায়। উট চৰাই আৰু ইমুৰ পিছতে ই পৃথিৱীৰ তৃতীয় সর্বাধিক ওখ আৰু দ্বিতীয় সর্বাধিক গধুৰ জীৱিত চৰাই। একোটা পূৰঠ কেছোৱাৰীৰ উচ্চতা প্রায় ৫ৰ পৰা ৬ ফুট পর্যন্ত হ'ব পাৰে আৰু ওজন ৬০ কিল'গ্রামতকৈও অধিক হ'ব পাৰে। কেছোৱাৰীক আটাইতকৈ বিপজ্জনক কৰি তোলে ইয়াৰ ভৰিৰ গঠন আৰু ইয়াৰ হিংস্র স্বভাৱে। 


কেছোৱাৰীৰ ভৰিত তিনিটাকৈ আঙুলি আছে। ইয়াৰ ভিতৰৰ আঙুলিটোত থকা নখটো প্রায় ৪ ইঞ্চি (১০ ছেন্টিমিটাৰ) দীঘল আৰু ছুৰীৰ দৰে ধাৰ হয়। শত্ৰুৰ দ্বাৰা আক্ৰান্ত হ'লে ই ইয়াৰ শক্তিশালী ভৰিৰে ইমান জোৰেৰে আক্রমণ কৰে যে ইয়াৰ নখে মানুহ বা আন যিকোনো ডাঙৰ জন্তুৰ শৰীৰ মুহূৰ্ততে ফালি পেলাব পাৰে। উৰিব নোৱাৰিলে কি হ'ব, ই ঘণ্টাত প্রায় ৫০ কিল'মিটাৰ বেগত দৌৰিব পাৰে আৰু ৫ ফুট পর্যন্ত ওখলৈ জাঁপ মাৰিব পাৰে। সাঁতুৰিবও পাৰে। 


বিজ্ঞানীসকলৰ মতে, কেছোৱাৰী চৰাইটো দেখাত অবিকল লাখ লাখ বছৰ পূৰ্বে বিলুপ্ত হৈ যোৱা ডাইন'ছৰৰ (বিশেষকৈ Velociraptor) দৰে। ইয়াৰ শৰীৰৰ গঠন আৰু মূৰৰ ওপৰত থকা কঠিন মুকুটসদৃশ অংশটোৱে ডাইন'ছৰৰ কথা মনত পেলাই দিয়ে। বিশ্বজুৰি কেছোৱাৰীৰ আক্ৰমণত মানুহৰ মৃত্যু হোৱাৰ কেইবাটাও প্রমাণিত ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। গিনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছেও কেছোৱাৰীক পৃথিৱীৰ আটাইতকৈ বিপজ্জনক চৰাই হিচাপে স্বীকৃতি দিছে। বর্তমান বনাঞ্চল ধ্বংস আৰু চোৰাং চিকাৰৰ বাবে এই অনন্য চৰাইবিধৰ অস্তিত্বও সংকটাপন্ন হৈ পৰিছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু