--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেছোৱাৰী হৈছে উৰিব নোৱাৰা এটা ডাঙৰ আকাৰৰ চৰাই। অষ্ট্ৰেলিয়া, নিউ গিনি আৰু ইয়াৰ আশে-পাশে থকা দ্বীপসমূহৰ বৰ্ষাৰণ্যত এই চৰাইবিধ প্ৰধানকৈ পোৱা যায়।

ডিজিটেল ডেস্ক : প্ৰকৃতিৰ বুকুত বিভিন্ন ধৰণৰ ধুনীয়া আৰু আকর্ষণীয় চৰাই পোৱা যায়। কিন্তু এই চৰাইবোৰৰ মাজতে এনে এটা চৰাইও আছে, যাক পৃথিৱীৰ আটাইতকৈ বিপজ্জনক চৰাই বুলি গণ্য কৰা হয়। এই চৰাইটোৰ নাম কেছোৱাৰী (Cassowary)। দেখাত অতি ধুনীয়া হ'লেও ইয়াৰ এটা আক্রমণেই এজন মানুহৰ মৃত্যুৰ কাৰণ হ'ব পাৰে।


কেছোৱাৰী হৈছে উৰিব নোৱাৰা এটা ডাঙৰ আকাৰৰ চৰাই। অষ্ট্ৰেলিয়া, নিউ গিনি আৰু ইয়াৰ আশে-পাশে থকা দ্বীপসমূহৰ বৰ্ষাৰণ্যত এই চৰাইবিধ প্ৰধানকৈ পোৱা যায়। উট চৰাই আৰু ইমুৰ পিছতে ই পৃথিৱীৰ তৃতীয় সর্বাধিক ওখ আৰু দ্বিতীয় সর্বাধিক গধুৰ জীৱিত চৰাই। একোটা পূৰঠ কেছোৱাৰীৰ উচ্চতা প্রায় ৫ৰ পৰা ৬ ফুট পর্যন্ত হ'ব পাৰে আৰু ওজন ৬০ কিল'গ্রামতকৈও অধিক হ'ব পাৰে। কেছোৱাৰীক আটাইতকৈ বিপজ্জনক কৰি তোলে ইয়াৰ ভৰিৰ গঠন আৰু ইয়াৰ হিংস্র স্বভাৱে। 


কেছোৱাৰীৰ ভৰিত তিনিটাকৈ আঙুলি আছে। ইয়াৰ ভিতৰৰ আঙুলিটোত থকা নখটো প্রায় ৪ ইঞ্চি (১০ ছেন্টিমিটাৰ) দীঘল আৰু ছুৰীৰ দৰে ধাৰ হয়। শত্ৰুৰ দ্বাৰা আক্ৰান্ত হ'লে ই ইয়াৰ শক্তিশালী ভৰিৰে ইমান জোৰেৰে আক্রমণ কৰে যে ইয়াৰ নখে মানুহ বা আন যিকোনো ডাঙৰ জন্তুৰ শৰীৰ মুহূৰ্ততে ফালি পেলাব পাৰে। উৰিব নোৱাৰিলে কি হ'ব, ই ঘণ্টাত প্রায় ৫০ কিল'মিটাৰ বেগত দৌৰিব পাৰে আৰু ৫ ফুট পর্যন্ত ওখলৈ জাঁপ মাৰিব পাৰে। সাঁতুৰিবও পাৰে। 


বিজ্ঞানীসকলৰ মতে, কেছোৱাৰী চৰাইটো দেখাত অবিকল লাখ লাখ বছৰ পূৰ্বে বিলুপ্ত হৈ যোৱা ডাইন'ছৰৰ (বিশেষকৈ Velociraptor) দৰে। ইয়াৰ শৰীৰৰ গঠন আৰু মূৰৰ ওপৰত থকা কঠিন মুকুটসদৃশ অংশটোৱে ডাইন'ছৰৰ কথা মনত পেলাই দিয়ে। বিশ্বজুৰি কেছোৱাৰীৰ আক্ৰমণত মানুহৰ মৃত্যু হোৱাৰ কেইবাটাও প্রমাণিত ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। গিনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছেও কেছোৱাৰীক পৃথিৱীৰ আটাইতকৈ বিপজ্জনক চৰাই হিচাপে স্বীকৃতি দিছে। বর্তমান বনাঞ্চল ধ্বংস আৰু চোৰাং চিকাৰৰ বাবে এই অনন্য চৰাইবিধৰ অস্তিত্বও সংকটাপন্ন হৈ পৰিছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক