--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহি আছে বলীউডৰ কিং শ্বাহৰূখ খানৰ নতুন চলচ্চিত্ৰ৷ কিছু দিন পূৰ্বে চাৰি বছৰৰ বিৰতিৰ অন্তত শ্বাহৰূখ খানে ‘পাঠান’ ছবিৰে ৰূপালী পৰ্দাত প্ৰত্যাৱৰ্তন কৰে আৰু ছবিখন ছুপাৰ ব্লক বাষ্টাৰ হিচাপে প্ৰমাণিত হয়। একে সময়তে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে কিং খানৰ আগন্তুক ছবি ‘জোৱান’ৰ বাবে। ১০ জুলাই সোমবাৰে অৰ্থাৎ আজি ছবিখনৰ প্ৰিভিউ মুকলি কৰা হৈছে। 

আজি পুৱা ১০.৩০ বজাত শ্বাহৰূখ খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘জোৱান’ৰ প্ৰিভিউৱে মুক্তি লাভ কৰে ৷প্ৰিভিউত কিং খানে আচৰিত ধৰণে বেলেগ বেলেগ চৰিত্ৰত সুন্দৰ অভিনয় কৰা দেখা গৈছে। অতি আকৰ্ষণীয় একচনৰ আভাসো পোৱা গৈছে প্ৰিভিউত। আনহাতে, কিং খানৰ ছবিখনৰ প্ৰিভিউ মুক্তি পোৱাৰ লগে লগে অনুৰাগীৰ পৰা প্ৰচণ্ড সঁহাৰি লাভ কৰে। অনুৰাগীসকলে ইয়াক আজিলৈকে শ্ৰেষ্ঠ টিজাৰ বুলি অভিহিত কৰাৰ লগতে ছবিখনক ব্লকবাষ্টাৰ হিচাপেও ঘোষণা কৰিছে।


'জোৱান'ত শ্বাহৰুখ খানৰ বিভিন্ন লুকৰ ছবি শ্বেয়াৰ কৰি এজন অনুৰাগীয়ে লিখিছে, 'জোৱানৰ প্ৰিভিউ এতিয়ালৈকে দেখা শ্ৰেষ্ঠ টিজাৰ। আন কোনো শব্দই বৰ্ণনা কৰিব নোৱাৰে! ষ্টাণ্ট, ডাইলগ, বিজিএম, অতি উন্নত'। 

আন বহু অনুৰাগীয়েও ‘জোৱান’ৰ একচনৰে পৰিপূৰ্ণ প্ৰিভিউৰ প্ৰশংসা কৰিছে। এজন অনুৰাগীয়ে লিখিছে, “এইখন ছবিয়ে বক্স অফিচৰ প্ৰতিটো বৰ্তমানৰ অভিলেখ ভাঙি পেলাব।”উল্লেখ্য যে,শ্বাহৰূখ খানো এইখন ছবিৰ দৰ্শকৰ মাজত সমাদৰক লৈ আশাবাদী৷যাতে এইখন ছবিয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব পাৰে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু