--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী আলিয়া ভাট অভিনীত 'গঙ্গুবাই কাঠিয়াৱাড়ী' মুক্তিৰ আগতেই বিতৰ্কৰ মাজত সোমাই পৰিছে। আগৰ চলচ্চিত্ৰসমূহৰ দৰেই সঞ্জয় লীলা ভাঞ্চালীয়ে নিৰ্মাণ কৰা এই ছবিখনো বিতৰ্কিত হৈ পৰিছে। ছবিখনত আলিয়া ভাটৰ চৰিত্ৰটো বাস্তৱ জীৱনৰ গঙ্গুবাইৰ কাহিনীৰ ওপৰত আধাৰিত। ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছৰে পৰা বহুতো বিতৰ্ক চলি আছে। আগতে মূল গঙ্গুবাইৰ পৰিয়ালে ইয়াৰ বিৰুদ্ধে মাত মাতিছিল। একে সময়তে, এতিয়া কামথিপুৰাৰ লোকসকলে ছবিখনৰ ওপৰত তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। মানুহে ছবিখনত কামথিপুৰাৰ নাম ব্যৱহাৰ কৰা আৰু ইয়াক ভুলকৈ উপস্থাপন কৰাত ঘোৰ আপত্তি দৰ্শাইছে। জনসাধাৰণৰ খং দেখি স্থানীয় বিধায়ক আমিন পেটেলে বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। বিধায়কজনে 'গঙ্গুবাই কাঠিয়াৱাড়ী' বোলছবিখনৰ প্ৰযোজকক কামথিপুৰাৰ নাম সলনি কৰিবলৈ নিৰ্দেশ দিয়াৰ দাবীত এখন আবেদন দাখিল কৰিছে। বোম্বাই উচ্চ ন্যায়ালয়ে কাইলৈ অৰ্থাৎ বুধবাৰে বিষয়টোৰ শুনানি ল'বলৈ গৈ আছে। মুম্বাইত অৱস্থিত কামাথিপুৰা এসময়ত ৰেড লাইট এলেকা হিচাপে জনাজাত আছিল। অৱশ্যে কেইবছৰমানৰ পিছত শ্ৰমিকসকলে ইয়াত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ নাম সলনি কৰা হয়। গঙ্গুবাই কাঠিয়াৱাড়ী চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছৰে পৰা কামথিপুৰাৰ নামটো আকৌ এবাৰ সমগ্ৰ দেশৰ ৰেড লাইট এৰিয়া হিচাপে বিখ্যাত হৈ পৰিছে। ইয়াত বাস কৰা লোকসকলে কথাটোক লৈ আপত্তি দৰ্শাইছে। তেওঁলোকে কয় যে তেওঁলোকৰ এলেকাটো বদনাম কৰা হৈছে। যাৰ বাবে তেওঁলোকে ছবিখন নিষিদ্ধ কৰিবলৈ দাবী জনাইছে। আলিয়া ভাটৰ ছবি গঙ্গুবাই কাথিয়াৱাড়ী ২৫ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে। অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ জোৰদাৰ প্ৰচাৰ চলাই আছে। আৰু পঢ়কঃ মই চেলিব্ৰিটি হ’লোঁ,এতিয়া বাদাম বিক্ৰী কৰিলে মানুহে হাঁহিবঃ ভুৱন বাদ্যকৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু