--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ছুপাৰষ্টাৰ, ডাবাং খান, কাৰোবাৰ বাবে তেওঁ ভাইজান। বলীউডত জনপ্ৰিয় ছবিৰ সমান্তৰালকৈ ছলমানৰ গ’ছিপক কেন্দ্ৰ কৰিও যেন কৌতুহলৰ শেষ নাই। ছলমান আৰু বিয়া যেন তেওঁৰ জীৱনৰ অৱিচ্ছেদ্য অংগ। দৰাৰ সাজত ছলমানক চাবলৈ অনুৰাগীৰো যেন আজন্ম হেঁপাহ। পাছে বয়স ভাটী দিলেও ছলমানে নিজৰ সংসাৰখনৰ কথা ভাবিবই পৰা নাই! সেয়েহে এজনী এজনীকৈ বহুজনীয়ে নিসংগ কৰি এৰি গ’ল ভাইজানক। ছলমানৰ একালৰ প্ৰেয়সী এতিয়া আন কাৰোবাৰ জীৱনসংগী। আধাবাটতে এৰি যোৱা ভাইজানেও ৰৈ থকা নাই, সোণাক্ষীৰ সৈতে ঘৰখন পতাৰ কথা ওলাইছিল। কিন্তু সেয়াও যেন দুদিনীয়া চমকৰ ভমকত পৰিণত হ’ল! যি নহওক এইবাৰ ছলমানৰ আন এটা কথাইহে অনুৰাগীক আমোদ দিছে। স্মৰ্তব্য যে, ছলমান খানৰ ছবি ‘তেৰে নাম’ আজিও অনুৰাগীৰ মাজত জনপ্ৰিয়। ২০০৩ চনত মুক্তি পোৱা ছবিখন একবিংশ শতিকাৰ ছুপাৰহিট ছবি হিচাপে বিবেচিত হৈছিল। ছলমানৰ সৈতে অভিনয় কৰিছিল ভূমিকা চাওলাই। 'তেৰে নাম'ত ছলমান খানে ‘ৰাধে’ৰ চৰিত্ৰত আৰু ভূমিকা চাওলাই ‘নীৰ্জলা’ৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰাধে নীৰ্জলাৰ প্ৰেমত পৰে আৰু ইয়াৰ পৰাই কাহিনীটোত এটাৰ পাছত এটা ৰোমাঞ্চকৰ, মাজে মাজে বিষাদ ভৰা টুইষ্ট আহিবলৈ ধৰে। ছবিখন লাভ ট্ৰেজেডীৰ এক মূৰ্ত প্ৰকাশ আছিল। ছবিখন কৌশিক সতীশে পৰিচালনা কৰিছিল, কিন্তু তেওঁৰ পূৰ্বে অনুৰাগ কাশ্যপে ছবিখন পৰিচালনা কৰাৰ কথা আছিল। অনুৰাগ কাশ্যপক প্ৰযোজকে গিলাচ এটা দলিয়াই আঘাত কৰা বুলিও প্ৰবাদ আছে। ‘তেৰে নাম' ছবিখন দাক্ষিণাত্যৰ ছবি 'সেতু'ৰ ৰি-মেক আছিল। ‘সেতু’ ছবিখনে দাক্ষিণাত্যত ভাল ব্যৱসায় কৰি আছিল, সেয়েহে বহুতো প্ৰযোজকে ইয়াৰ হিন্দী ৰি-মেক কৰিব বিচাৰিছিল। অৱশেষত, এই ছবিখনৰ অধিকাৰ ৰাম গোপাল বৰ্মালৈ গৈছিল। ৰাম গোপাল বৰ্মাই অনুৰাগ কাশ্যপক এই ছবিখন লিখাৰ দায়িত্ব দিছিল, কিন্তু ছবিখনৰ কাম কৰিব পৰা নগ'ল। পৰৱৰ্তী সময়ত বনী কাপুৰে ৰাম গোপাল বৰ্মাক ছবিখনৰ অধিকাৰ তেওঁক দিবলৈ অনুৰোধ কৰিছিল। ইয়াৰ পাছতে ‘তেৰে নাম’ৰ সমস্ত অধিকাৰ বনী কাপুৰৰ হাতলৈ যায়। ছবিখনৰ চিত্ৰনাট্য সলনি হোৱাৰ লগে লগে নায়কো সলনি হয়। উল্লেখ্য যে, অভিনেতা সঞ্জয় কাপুৰক এই ছবিখনৰ বাবে প্ৰথমে নিৰ্বাচিত কৰা হৈছিল, কিন্তু পাছত ছলমান খানক কাষ্ট কৰা হৈছিল। ছবি নিৰ্দেশনাৰ দায়িত্ব অনুৰাগ কাশ্যপক দিয়া হৈছিল। বলীউডত অনুৰাগ কাশ্যপৰ আছে সুকীয়া পৰিচয়। সমাজৰ সঁচা কাহিনীৰ ওপৰত ছবি নিৰ্মাণৰ বাবে জনাজাত অনুৰাগ। ইয়াৰোপৰি তেওঁ সকলোবোৰ চৰিত্ৰত বাস্তৱৰূপ ফুটাই তুলিব খোজে। যেতিয়া ছলমান খানক এই ছবিখনৰ বাবে নিৰ্বাচিত কৰা হৈছিল, অনুৰাগ কাশ্যপৰ সৈতে তেওঁৰ সাক্ষাৎ হৈছিল। ৰিয়েলষ্টিক চিনেমাৰ বাবে জনাজাত অনুৰাগ কাশ্যপ । সেইবাবে ছলমানৰ মাজতো ৰিয়েলষ্টিক হি’ৰোজনক বিচাৰি ফুৰিছিল অনুৰাগে। বহুক্ষেত্ৰত ছবিৰ চৰিত্ৰৰ সৈতে ছলমানক খাপ খোৱা নাছিল। বিমোৰত পৰিছিল অনুৰাগ। সৰু ল’ৰাৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাওতে ছলমানক তেনেকোৱা দেখা নাছিল। সেইবাবে অনুৰাগে হেনো এবাৰ বুকুত নোম গজাবলৈ পৰামৰ্শ দিছিল ছলমানক।অৱশ্যে, এই কথা শুনি ছলমানে একো মাত মতা নাছিল। ছলমানে মাত নামাতিলেও কিন্তু ছলমানক এনেদৰে কোৱাৰ বাবে অনুৰাগক ছবিখনৰ নিৰ্দেশনা কৰাৰ পৰাও আঁতৰাই পঠাইছিল প্ৰযোজকে। এই কথাবোৰ আজিও অনুৰাগীৰ মনত জীৱন্ত স্মৃতি। শেহতীয়াকৈ অনুৰাগ কাশ্যপে এটা সাক্ষাত্‍কাৰত এই কথা-প্ৰসংগ পোহৰলৈ আনিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু