--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কৰ পিছত বিতৰ্ক৷ কিন্তু শ্বাহৰুখ খানৰ 'পাঠান'ৰ জনপ্ৰিয়তা যেন ম্লান পেৱৃলাব পৰা নাই কোনো বিতৰ্কই৷ আনকি এতিয়া শ্বাহৰুখৰ অনুৰাগীসকলে ছবিখনৰ প্ৰচাৰত  নামি পৰিছে। লগতে অহা ডাঙৰ খবৰটো  হ'ল  শ্বাহৰুখৰ 'পাঠান' ছবিখনে মুক্তিৰ আগতে এটাৰ পিছত এটাকৈ অভিলেখ গঢ়িছে!  কি অভিলেখ ? 

'পাঠান' ছবি খনে ইতিমধ্যে আগতীয়া বুকিঙৰ ক্ষেত্ৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছবিখনে আৰম্ভণিতে সকলোকে আচৰিত কৰিআগতীয়া বুকিঙৰ ক্ষেত্ৰত 'ব্ৰহ্মাস্ত্ৰ', 'কেজিএফ ২'ৰ ৰেকৰ্ডো ভংগ কৰিছে৷ কেৱল সেয়াই নহয়, মুম্বাইৰ প্ৰাচীন  চিনেমা হল 'গাটেই গ্যালাক্সিত' প্ৰথমবাৰৰ বাবে পুৱা ৯ বজাত  পাঠান প্ৰদৰ্শন কৰা হ'ব বুলি জানিব পৰা গৈছে। মুম্বাইৰ শ্বাহৰুখ ফেন ক্লাবে এই ব্যৱস্থা কৰিছে।
'পাঠান' ছবিখনক লৈ হোৱা বিতৰ্কৰ কোনো অন্ত নাই। 

মুক্তিৰ দিন আগবাঢ়ি অহাৰ লগে লগে পাঠান ছবি খনকলৈ  বিতৰ্কৰ তীব্ৰতা বাঢ়ি গৈ আছে। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে পাঠানৰ বিষয়ত  এক নতুন নিৰ্দেশ প্ৰদান কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে ছবিখনৰ প্ৰযোজনা হাউচ  যশ ৰাজক জনাইছে যে ছবিখনৰ অ'টিটি মুক্তিৰ বাবে বিশেষ নিৰ্দেশনা অনুসৰণ কৰিব লাগিব। দিল্লী উচ্চ ন্যায়ালয়ে কৈছে যে ছবিখনৰ যাৱতীয় তথ্য আদি  অ'টিটি মুক্তিৰ আগতে আগতীয়াকৈ দাখিল কৰিব লাগিব। লগতে  চেঞ্চৰ বোৰ্ডৰ ক্লিয়াৰেন্স দাখিল কৰিবলৈও কোৱা হৈছে। 'পাঠান' চলচ্চিত্ৰখনৰ 'বেচাৰাম ৰং' গানটোক লৈ হোৱা বিতৰ্কৰ এতিয়াও  অন্ত পৰা নাই। বজৰং দলে ছবি খন প্ৰদৰ্শন কৰা ছবিগৃহ জ্বলাই দিয়াৰো ভাবুকি দিছে৷ 

















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু