--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্বাহৰুখ খানৰ আগন্তুক ছবি ‘পথান’ ছবিগৃহত মুক্তিৰ বাবে সাজু হৈছে। সম্পূৰ্ণ ৪ বছৰৰ পিছত কিং খানক ডাঙৰ পৰ্দাত চাবলৈ আগ্ৰহী অনুৰাগীসকল। কিন্তু পাঠান মুক্তিৰ পূৰ্বে শ্বাহৰুখ খানৰ পৰিয়ালৰ বাবে ছবিখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। যশ ৰাজ ষ্টুডিঅ’ত ব্যক্তিগত পৰিয়াল প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল, য’ত শ্বাহৰুখ খানে পত্নী গৌৰী, সন্তান সুহানা খান আৰু আৰিয়ান খানৰ সৈতে ছবিখন চাইছিল। এই সময়ত গৌৰী খানৰ মাতৃ সবিতা ছিব্বৰ আৰু শ্বাহৰুখৰ ভগ্নী শ্বাহনাজ খানকো দেখা গৈছিল। ছবিখন চাই সকলোৱে আনন্দ মনেৰে ওলাই অহা দেখা গৈছিল।

সকলোৱে অপেক্ষা কৰি আছে কিং খানৰ ছবি ‘পথান’লৈ। ছবিখন মুক্তিৰ পূৰ্বে পৰিয়ালটোৰ বাবে অনুষ্ঠিত হোৱা প্ৰদৰ্শনৰ পাছত শ্বাহৰুখৰ সমগ্ৰ পৰিয়ালটো অতি সুখী হৈ পৰিছিল। গৌৰী খানৰ হাঁহি থকা মুখখনো‌ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰে। ইফালে আৰিয়ান খান আৰু  সুহানা খানেও ‘পাথান’ দেউতাকৰ লগত একেলগে উপভোগ কৰিলে পাঠান ।

উল্লেখযোগ্য যে শেহতীয়াকৈ ডুবাইৰ বুৰ্জ খলিফাত ‘পাথান’ ছবিখনৰ ট্ৰেইলাৰও প্ৰদৰ্শিত হৈছিল। সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ‘পথান’ ছবিগৃহত অহা ২৫ জানুৱাৰীত মুক্তি পোৱাৰ কথা। একচন ভৰপূৰ ছবিখনৰ ট্ৰেইলাৰটো বহুতে ভাল পাইছে। অ’টিটিতো মুক্তি পাব পাঠান। অৱশ্যে তাৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে ‘পাথান’ সন্দৰ্ভত এক নতুন নিৰ্দেশ জাৰি কৰিছে, য’ত আদালতে কয় যে পাথানৰ প্ৰযোজক যশ ৰাজ ফিল্মছে অ’টিটি মুক্তিৰ বাবে ছবিখনত বহু নতুন পৰিৱৰ্তন কৰিব লাগিব। ‘পাথান’ৰ অ’টিটি মুক্তিৰ বাবে হিন্দী ভাষাৰ দেৱনাগৰী লিপিত অডিঅ’ ডেচক্ৰিপচন, ক্ল’জ কেপচনিং আৰু চাব-টাইটেল প্ৰস্তুত কৰিব লাগিব। যাতে দৃষ্টিশক্তিহীন লোকসকলেও এই ছবিখন চাব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু