--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ চলন্ত বিমানত ঘটিল অঘটন৷ মঙলবাৰে মুম্বাইৰ পৰা বেংগালুৰু অভিমুখী স্পাইচজেটৰ বিমানখনৰ এজন যাত্ৰী শৌচাগাৰ দুৱাৰৰ বিজুতিৰ বাবে এঘণ্টাৰো অধিক সময় এটা শৌচাগাৰৰ ভিতৰত আবদ্ধ হৈ পৰে।

মুম্বাইৰ পৰা উৰণৰ পাছত ছিটবেল্টৰ চিন বাজি উঠাৰ পাছত পুৰুষ যাত্ৰীজনে শৌচাগাৰলৈ যায় যদিও ভিতৰত আবদ্ধ হৈ পৰে। বেংগালুৰুত অৱতৰণ কৰালৈকে তেওঁ অপেক্ষা কৰিবলগীয়া হয় যেতিয়া কাৰিকৰী লোকসকলে দুৱাৰখন খুলি দিয়ে।

বিমান সংস্থাটোৱে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰি এক বিবৃতি প্ৰকাশ কৰি কয় যে সমগ্ৰ যাত্ৰাত যাত্ৰীজনক সহায় আগবঢ়োৱা হৈছিল।

স্পাইচজেটে কয় যে- "১৬ জানুৱাৰীত মুম্বাইৰ পৰা বেংগালুৰুলৈ চলি থকা স্পাইচজেটৰ বিমানখনত দুৰ্ভাগ্যজনকভাৱে এজন যাত্ৰী লেভেটৰীৰ ভিতৰত প্ৰায় এঘণ্টা ধৰি আবদ্ধ হৈ পৰিছিল, আনহাতে দুৱাৰৰ তলাত বিজুতিৰ সময়ত বিমানখন আকাশত আছিল। গোটেই যাত্ৰাটোত যাত্ৰীজনক আমাৰ ক্ৰুৱে সহায় আৰু পথ প্ৰদৰ্শন কৰিছিল।" 

কোম্পানীটোৱে লগতে কয় যে, "আগমনৰ লগে লগে এজন অভিযন্তাই লেভেটৰীৰ দুৱাৰখন খুলি দিয়ে আৰু যাত্ৰীজনে তৎক্ষণাত চিকিৎসাৰ সহায় লাভ কৰে৷" স্পাইচজেটে যাত্ৰীজনৰ অসুবিধাৰ বাবে অনুশোচনা কৰিছে আৰু ক্ষমা বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু