--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ চলন্ত বিমানত ঘটিল অঘটন৷ মঙলবাৰে মুম্বাইৰ পৰা বেংগালুৰু অভিমুখী স্পাইচজেটৰ বিমানখনৰ এজন যাত্ৰী শৌচাগাৰ দুৱাৰৰ বিজুতিৰ বাবে এঘণ্টাৰো অধিক সময় এটা শৌচাগাৰৰ ভিতৰত আবদ্ধ হৈ পৰে।

মুম্বাইৰ পৰা উৰণৰ পাছত ছিটবেল্টৰ চিন বাজি উঠাৰ পাছত পুৰুষ যাত্ৰীজনে শৌচাগাৰলৈ যায় যদিও ভিতৰত আবদ্ধ হৈ পৰে। বেংগালুৰুত অৱতৰণ কৰালৈকে তেওঁ অপেক্ষা কৰিবলগীয়া হয় যেতিয়া কাৰিকৰী লোকসকলে দুৱাৰখন খুলি দিয়ে।

বিমান সংস্থাটোৱে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰি এক বিবৃতি প্ৰকাশ কৰি কয় যে সমগ্ৰ যাত্ৰাত যাত্ৰীজনক সহায় আগবঢ়োৱা হৈছিল।

স্পাইচজেটে কয় যে- "১৬ জানুৱাৰীত মুম্বাইৰ পৰা বেংগালুৰুলৈ চলি থকা স্পাইচজেটৰ বিমানখনত দুৰ্ভাগ্যজনকভাৱে এজন যাত্ৰী লেভেটৰীৰ ভিতৰত প্ৰায় এঘণ্টা ধৰি আবদ্ধ হৈ পৰিছিল, আনহাতে দুৱাৰৰ তলাত বিজুতিৰ সময়ত বিমানখন আকাশত আছিল। গোটেই যাত্ৰাটোত যাত্ৰীজনক আমাৰ ক্ৰুৱে সহায় আৰু পথ প্ৰদৰ্শন কৰিছিল।" 

কোম্পানীটোৱে লগতে কয় যে, "আগমনৰ লগে লগে এজন অভিযন্তাই লেভেটৰীৰ দুৱাৰখন খুলি দিয়ে আৰু যাত্ৰীজনে তৎক্ষণাত চিকিৎসাৰ সহায় লাভ কৰে৷" স্পাইচজেটে যাত্ৰীজনৰ অসুবিধাৰ বাবে অনুশোচনা কৰিছে আৰু ক্ষমা বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক