--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে দেওবাৰে দুপৰীয়া ১২ বজাত মণিপুৰত শান্তিৰ বাৰ্তাৰে 'ভাৰত জোড়ো ন্যায় যাত্ৰা' আৰম্ভ কৰিছিল।ইয়াৰ পিছতে  উত্তৰ-পূবৰ ৰাজ্যখনত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে। বুধবাৰে মণিপুৰৰ মৰেহ জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়ন (আইআৰবি) কমাণ্ডো নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।নিহত কমাণ্ডো জনৰ নাম ডব্লিউ সমৰজিৎ।


এই ঘটনাত  আন এজন সৈনিক আহত হয়। পুৱা প্ৰায় ৪ বজাত আইআৰবি কৰ্মীসকলৰ ওপৰত বিদ্ৰোহীয়ে আক্ৰমণ সংঘটিত কৰে। আইআৰবি কৰ্মীসকলে সেই সময়ত এমা কণ্ডং লাইৰেম্বি দেৱীৰ মন্দিৰৰ ওচৰৰ অস্থায়ী শিবিৰত শুই আছিল।বিদ্ৰোহীয়ে  আক্ৰমণটো সংঘটিত কৰিবলৈ চিকিম গাঁৱৰ পাহাৰত শিবিৰ পাতিছিল।

 গ্ৰেনেড আক্ৰমণটো দূৰৈৰ পৰাই কৰা হৈছিল। বিস্ফোৰণৰ ফলত  অস্থায়ী শিবিৰত শুই থকা  এজন আইআৰবি কমাণ্ডো নিহত হয়। আন এজন কমাণ্ডো আঘাতপ্ৰাপ্ত হয়। অসম ৰাইফলছৰ শিবিৰ এটা  আক্ৰমণটো সংঘটিত হোৱা ঠাইৰ পৰা প্ৰায় ২০ মিটাৰ দূৰৈত আছিল।  আক্ৰমণৰ পিছত সেনাই বুলেটপ্ৰুফ বাহনৰে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰে। কিন্তু কোনো লোককে এতিয়ালৈকে আটক কৰিব পৰা হোৱা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক