--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে দেওবাৰে দুপৰীয়া ১২ বজাত মণিপুৰত শান্তিৰ বাৰ্তাৰে 'ভাৰত জোড়ো ন্যায় যাত্ৰা' আৰম্ভ কৰিছিল।ইয়াৰ পিছতে  উত্তৰ-পূবৰ ৰাজ্যখনত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে। বুধবাৰে মণিপুৰৰ মৰেহ জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়ন (আইআৰবি) কমাণ্ডো নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিছে।নিহত কমাণ্ডো জনৰ নাম ডব্লিউ সমৰজিৎ।


এই ঘটনাত  আন এজন সৈনিক আহত হয়। পুৱা প্ৰায় ৪ বজাত আইআৰবি কৰ্মীসকলৰ ওপৰত বিদ্ৰোহীয়ে আক্ৰমণ সংঘটিত কৰে। আইআৰবি কৰ্মীসকলে সেই সময়ত এমা কণ্ডং লাইৰেম্বি দেৱীৰ মন্দিৰৰ ওচৰৰ অস্থায়ী শিবিৰত শুই আছিল।বিদ্ৰোহীয়ে  আক্ৰমণটো সংঘটিত কৰিবলৈ চিকিম গাঁৱৰ পাহাৰত শিবিৰ পাতিছিল।

 গ্ৰেনেড আক্ৰমণটো দূৰৈৰ পৰাই কৰা হৈছিল। বিস্ফোৰণৰ ফলত  অস্থায়ী শিবিৰত শুই থকা  এজন আইআৰবি কমাণ্ডো নিহত হয়। আন এজন কমাণ্ডো আঘাতপ্ৰাপ্ত হয়। অসম ৰাইফলছৰ শিবিৰ এটা  আক্ৰমণটো সংঘটিত হোৱা ঠাইৰ পৰা প্ৰায় ২০ মিটাৰ দূৰৈত আছিল।  আক্ৰমণৰ পিছত সেনাই বুলেটপ্ৰুফ বাহনৰে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰে। কিন্তু কোনো লোককে এতিয়ালৈকে আটক কৰিব পৰা হোৱা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু