--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ), মুম্বাই আৰু ইন্দোৰ আৰক্ষীয়ে দেশৰ এটা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ বিফল কৰিবলৈ সক্ষম হৈছে। আক্ৰমণৰ পূৰ্বে ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সন্দেহযুক্ত উগ্ৰপন্থী ছাৰফৰাজ মেমন।

৩ ফেব্ৰুৱাৰীত এন আই এয়ে এটা বেনামী ইমেইল লাভ কৰিছিল। ইমেইল প্ৰেৰকজনে নিজকে তালিবান বুলি দাবী কৰিছিল। কেৱল সেয়াই নহয়, মুম্বাইক আক্ৰমণ কৰাৰ ভাবুকিও দিছিল। ইয়াৰ পিছত এন আই এয়ে মুম্বাই আৰক্ষীলৈ ইমেইল সতৰ্কবাণী প্ৰেৰণ কৰে।

এন আই এৰ ইমেইলত উল্লেখ কৰা হৈছে যে মুম্বাইত এজন সন্দেহযুক্ত উগ্ৰপন্থীয়ে ঘূৰি ফুৰিছে। দেশত এক বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰা হৈছে। NIA-এ আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পাছপ’ৰ্টকে ধৰি সৰফৰাজৰ সবিশেষ প্ৰেৰণ কৰি মুম্বাই আৰক্ষীক সতৰ্ক কৰি দিয়ে। তদন্তত মুম্বাই আৰক্ষীয়ে গম পালে যে সৰফৰাজ ইন্দোৰত আছে। লগে লগে ইন্দোৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে।

ইয়াৰ পিছত ইন্দোৰৰ পৰা সৰফৰাজক গ্ৰেপ্তাৰ কৰা হয়। মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই নিজেই সৰফৰাজক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰে। ইন্দোৰৰ চন্দনগৰ থানা এলেকাৰ অন্তৰ্গত গ্ৰীণ পাৰ্ক কলনীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সৰফৰাজক।

কোন এইজন সৰফৰাজ? আৰক্ষীৰ সূত্ৰ অনুসৰি সৰফৰাজৰ জন্ম হৈছিল মুম্বাইত। পঞ্চম মানলৈকে পঢ়া-শুনা কৰিছিল। সৰফৰাজৰ দেউতাকে বেকাৰী এখনত কাম কৰিছিল। ইন্দোৰৰ খজৰানাত সৰফৰাজে এখন ঔষধৰ দোকান চলাইছিল। তেওঁ কেইবাখনো দেশৰ ভাষা জানে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ছাৰফৰাজে স্পেনিছ, ইংৰাজী আৰু চীনা ভাষা জানে। ১২ বছৰ হংকঙত আছিল। তেওঁ কেইবাবাৰো চীন ভ্ৰমণো কৰিছিল। সৰফৰাজৰ এজন ভাতৃ কুৱেইটত আৰু আন এজন ভোপালত।

সৰফৰাজে আৰক্ষীৰ আগত দাবী কৰে যে তেওঁৰ ঔষধৰ দোকান বন্ধ হৈ গ’ল। ভনীয়েকৰ মৃত্যুৰ পিছত তেওঁ মানসিক বিষণ্ণতাত ভুগি আছিল। ইয়াৰ পিছত তেওঁ হংকংলৈ যায়। ১২ বছৰ ধৰি তেওঁ তাত আছিল।

আৰক্ষীৰ মতে, ছাৰফৰাজৰ পাছপ’ৰ্টত হংকং আৰু চীনলৈ ১৫টা ভ্ৰমণৰ প্ৰমাণ পোৱা গৈছে। ২০০৭ চনত ইন্দোৰৰ খজৰানাত বাস কৰিছিল। ইয়াৰ পিছত তেওঁ সেই ঘৰটো বিক্ৰী কৰি গ্ৰীণ পাৰ্ক কলনীলৈ গুচি যায়।

জেৰাৰ সময়ত আৰক্ষীয়ে গম পায় যে ঔষধৰ দোকানৰ উপৰিও সৰফৰাজৰ এখন মোবাইল ফোন দোকানো আছে। এটা প্ৰেছত দাবী কৰা হৈছে যে তেওঁ কেতিয়াবা কলকাতালৈ, কেতিয়াবা মুম্বাইলৈও ব্যৱসায়ৰ বাবে আহিবলগীয়া হৈছিল। সৰফৰাজৰ পিতৃয়ে মাকৰ মৃত্যুৰ পিছত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। এই ঘটনাক লৈ বিচলিত হৈ পৰিছিল সৰফৰাজ আৰু তেওঁৰ দুই ভাতৃ।

এন আই এৰ সূত্ৰ অনুসৰি, ছাৰফৰাজে অস্ত্ৰ প্ৰশিক্ষণৰ বাবে মূল চীন আৰু পাকিস্তানলৈ গৈছিল। আই ই ডি কেনেকৈ বনাব লাগে, বিস্ফোৰক কেনেকৈ বনাব লাগে, অস্ত্ৰৰ প্ৰশিক্ষণো লৈছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁ হংকঙত থকাৰ সময়তে এগৰাকী চীনা মহিলাক বিয়া কৰাইছিল। কিন্তু তেওঁৰ লগত হোৱা সমস্যাৰ বাবে ভাৰতলৈ উভতি আহিল। ইয়াতো তেওঁৰ চাৰিটা বিবাহ হৈছিল। সৰফৰাজৰ সকলো পত্নীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আৰক্ষীয়ে দাবী কৰে যে ছাৰফৰাজৰ তালিবানৰ সৈতে সম্পৰ্ক আছে। তালিবানৰ পৰা আক্ৰমণৰ প্ৰশিক্ষণ লোৱাৰ পিছত তেওঁ ভাৰতলৈ আহি উগ্ৰপন্থী কাৰ্যকলাপ আৰম্ভ কৰে। দেশৰ কেইবাখনো ৰাজ্যত আক্ৰমণ কৰাৰ পৰিকল্পনা তেওঁৰ আছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত