--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ দিল্লীৰ কালিন্দি কুঞ্জত এক জঘন্য কাণ্ড সংঘটিত হোৱাৰ বাতৰি আহিছে। প্ৰকাশ পোৱা বাতৰি অনুসৰি, ম্যানমাৰৰ এগৰাকী ২১ বছৰীয়া শৰণাৰ্থী মহিলাক অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ কৰা হয়।

মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ২২ ফেব্ৰুৱাৰীত তেওঁক অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱাৰ পিছত পিছদিনা অজ্ঞাত স্থানত এৰি থৈ যোৱা হৈছিল। ভুক্তভোগী মহিলাগৰাকীয়ে যোৱা দেওবাৰে আৰক্ষীৰ কাষ চাপিছিল আৰু আৰক্ষীয়ে মহিলাগৰাকীৰ অভিযোগৰ দাখিলৰ পাছতে অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকী ম্যানমাৰৰ আৰু ভাৰতত পঞ্জীয়নভুক্ত শৰণাৰ্থী। ১৬ মহীয়া কন্যা আৰু স্বামীৰ সৈতে পশ্চিম দিল্লীৰ চুবুৰী এটাত থাকে। মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ২২ ফেব্ৰুৱাৰীত নিশা প্ৰায় ৯ বজাত কালিন্দি কুঞ্জৰ এখন চিকিৎসালয়ৰ পৰা উভতি আহি থকা অৱস্থাত স্বামীয়ে কালিন্দি কুঞ্জ মেট্ৰ’ ষ্টেচনৰ সমীপত শিশুটিসহ তেওঁক থৈ যায়।

মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁ ৰৈ থকাৰ সময়তে এজন অটো চালকে তেওঁৰ ওচৰলৈ আহি তেওঁক বশ কৰিবলৈ কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থৰে ডুবাই ৰখা কাপোৰ ব্যৱহাৰ কৰিছিল। তেওঁ আৰু তেওঁৰ কন্যাক গাড়ীৰে অজ্ঞাত স্থানলৈ লৈ যোৱাৰ লগতে এটা কোঠাত চাৰিজন লোকে পাল পাতি উপৰ্যুপৰি তেওঁক ধৰ্ষণ কৰে।

আৰক্ষীক জনোৱা মতে, তেওঁলোকে মহিলাগৰাকীক গাড়ীত উঠাই নি এক অজ্ঞাত স্থানত এৰি থৈ যায়। সেই স্থানৰ লোকে মহিলাগৰাকীক খাদ্য গ্ৰহণ কৰিবলৈ দি ঘৰলৈ উভতি অহাত সহায় কৰে।

ইয়াৰ পাছতে ২৬ ফেব্ৰুৱাৰীত মহিলাগৰাকীয়ে কালিন্দি কুঞ্জ থানাত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু