--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে মুম্বাই ক্ৰিকেট সন্থাই মহেন্দ্ৰ সিং ধোনীক বিশেষভাৱে সম্বৰ্ধনা জনায়। ২০১১ চনত ভাৰতৰ বিশ্বকাপ জয়ৰ বাবে ধোনীক সন্মান জনোৱা হয়৷ এই অনুসৰি ৩৩ হাজাৰ আসনবিশিষ্ট ৱানখেড়ে ষ্টেডিয়ামৰ পাঁচখন আসনৰ নাম ধোনিৰ নামেৰে নামাকৰণ কৰা হৈছে।

মুম্বাইত আই পি এলৰ এখন মেচ খেলিবলৈ গৈ  ধোনীয়ে নিজেই নতুনকৈ সজোৱা আসনসমূহ উদ্বোধন কৰে। কিছুদিন পূৰ্বে সেই বিশেষ আসনকেইখন বাছনি কৰা হৈছিল। ভাৰতৰ দ্বিতীয় এদিনীয়া বিশ্বকাপ জয়ৰ সৈতে জড়িত হৈ আছে সেই আসনকেইখন৷

২০১১ চনত ভাৰতে শ্ৰীলংকাক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হৈছিল। খেলখনৰ শেষৰ বলত ধোণীয়ে ছয় মাৰি ভাৰত জয় কৰে। বলটো উৰি গৈছিল দৰ্শকৰ গেলেৰীলৈ। সেই মেচখনৰ ভিডিঅ’ চোৱাৰ পাছত মুম্বাই ক্ৰিকেট বিষয়াসকলে গেলেৰীৰ সেই নিৰ্দিষ্ট অংশটো চিনাক্ত কৰে। বলটো য’ত পৰিছিল, সেই অংশৰ পাঁচখন আসনৰ নাম ধোনিৰ নামেৰে ৰখা হৈছে৷

ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীক মুম্বাই ক্ৰিকেট কৰ্তৃপক্ষই নতুনকৈ ডিজাইন কৰা আসনসমূহ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শুকুৰবাৰে ধোনীয়ে মনোনীত আসনসমূহ উদ্বোধন কৰে।

উল্লেখ্য যে ৱানখেড়ে ষ্টেডিয়ামত পলি উমৰিগড় আৰু বিজয় মাকন্দৰ নামেৰে গেট আছে। বিজয় মাৰ্চেণ্ট, সুনীল গাওস্কৰ আৰু শচীন টেণ্ডুলকাৰৰ নামেৰে ষ্টেণ্ডৰ নামকৰণ কৰা হৈছে। এইবাৰ ধোনিৰ নামত আসন ৰখা হৈছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ