--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে মুম্বাই ক্ৰিকেট সন্থাই মহেন্দ্ৰ সিং ধোনীক বিশেষভাৱে সম্বৰ্ধনা জনায়। ২০১১ চনত ভাৰতৰ বিশ্বকাপ জয়ৰ বাবে ধোনীক সন্মান জনোৱা হয়৷ এই অনুসৰি ৩৩ হাজাৰ আসনবিশিষ্ট ৱানখেড়ে ষ্টেডিয়ামৰ পাঁচখন আসনৰ নাম ধোনিৰ নামেৰে নামাকৰণ কৰা হৈছে।

মুম্বাইত আই পি এলৰ এখন মেচ খেলিবলৈ গৈ  ধোনীয়ে নিজেই নতুনকৈ সজোৱা আসনসমূহ উদ্বোধন কৰে। কিছুদিন পূৰ্বে সেই বিশেষ আসনকেইখন বাছনি কৰা হৈছিল। ভাৰতৰ দ্বিতীয় এদিনীয়া বিশ্বকাপ জয়ৰ সৈতে জড়িত হৈ আছে সেই আসনকেইখন৷

২০১১ চনত ভাৰতে শ্ৰীলংকাক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হৈছিল। খেলখনৰ শেষৰ বলত ধোণীয়ে ছয় মাৰি ভাৰত জয় কৰে। বলটো উৰি গৈছিল দৰ্শকৰ গেলেৰীলৈ। সেই মেচখনৰ ভিডিঅ’ চোৱাৰ পাছত মুম্বাই ক্ৰিকেট বিষয়াসকলে গেলেৰীৰ সেই নিৰ্দিষ্ট অংশটো চিনাক্ত কৰে। বলটো য’ত পৰিছিল, সেই অংশৰ পাঁচখন আসনৰ নাম ধোনিৰ নামেৰে ৰখা হৈছে৷

ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীক মুম্বাই ক্ৰিকেট কৰ্তৃপক্ষই নতুনকৈ ডিজাইন কৰা আসনসমূহ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শুকুৰবাৰে ধোনীয়ে মনোনীত আসনসমূহ উদ্বোধন কৰে।

উল্লেখ্য যে ৱানখেড়ে ষ্টেডিয়ামত পলি উমৰিগড় আৰু বিজয় মাকন্দৰ নামেৰে গেট আছে। বিজয় মাৰ্চেণ্ট, সুনীল গাওস্কৰ আৰু শচীন টেণ্ডুলকাৰৰ নামেৰে ষ্টেণ্ডৰ নামকৰণ কৰা হৈছে। এইবাৰ ধোনিৰ নামত আসন ৰখা হৈছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement