--°C
Loading...
Listen to Article
2 min read
80%

কানপুৰঃ দেশৰ শীৰ্ষ ধন্যান্তৰ লোকে কৰফাঁকিৰে পৰ্বতসম সম্পত্তিৰ পাহাৰ গঢ় দিয়া বাতৰি সততে শুনিবলৈ পোৱা যায়। কৰফাঁকি দিয়াৰ অপৰাধত বহু লোকে জৰিমনা ভৰাৰ উপৰি কাৰাবাসো খাটিবলগীয়া হৈছে। শেহতীয়াকৈ তেনে এক কৰফাঁকিৰ ঘটনাই প্ৰচাৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে। এয়া সমাজৰ কোনো বৰমুৰীয়াৰ কাহিনী নহয়, কৰফাঁকিৰে খুচুৰা ব্যৱসায়ীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে। চাহ-চিঙৰা বিক্ৰীৰে কোটিপতি দেশৰ কেইবাগৰাকী ব্যক্তি।

খুচুৰা ব্যৱসায়ত জড়িত ২৫০ গৰাকী ব্যক্তিৰ বেংকত কোটি-কোটি টকা জমা আছে বুলি ভাৰতীয় গণমাধ্যমৰ এক প্ৰতিবেদনত শেহতীয়াকৈ প্ৰকাশ পাইছে। প্ৰতিবেদনত প্ৰকাশিত তথ্যই হতচকিত কৰি তুলিছে সচেতন নাগৰিকক। উত্তৰ-প্ৰদেশৰ কানপুৰৰ আয়কৰ বিভাগৰ তদন্তত এইকথা পোহৰলৈ আহিছে। তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, ‘বছৰৰ পাছত বছৰ ধৰি খুচুৰা ব্যৱসায়ৰ সৈতে জড়িত এইসকল কোটিপতি। তেওঁলোকৰ কোনোধৰণৰ ব্যৱসায়িক প্ৰমাণ-পত্ৰ নাই। গতিকে, তেওঁলোকে আয়কৰ দিব নালাগে। বছৰত এটকাও কৰ প্ৰদান নকৰা এইসকল খুচুৰা ব্যৱসায়ীৰ ভাৰতীয় খাদ্য সুৰক্ষা তথা নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰো কোনোধৰণৰ প্ৰমাণ-পত্ৰ নাই’ বুলি সদৰী কৰিছে। উল্লেখ্য যে, কৰফাঁকিৰে এইসকল খুচুৰা ব্যৱসায়ীয়ে বৈধ-অবৈধ বহু কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়া বুলিও তদন্তই দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ