--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মায়ানগৰী মুম্বাইত ছবি উদ্যোগৰ নামত বহুতে অবৈভাবে নানান কাম কৰি যোৱাৰ অভিযোগ সততে উঠি আহিছে৷ মুম্বাইত আনকি অবৈধভাবে নিৰ্মাণ কৰা ভালেকেইটা ফিল্ম ষ্টুডিঅ’ও আছে৷ বৃহন্মুম্বাই পৌৰ নিগমে (বিএমচি) মুম্বাইৰ পশ্চিম উপনগৰৰ মাধ, এৰাংগল আৰু ভাটি অঞ্চলৰ পাঁচটা অবৈধ চলচ্চিত্ৰ ষ্টুডিঅ'ৰ বিৰুদ্ধে উচ্ছেদ অভিযান  চলায়। 

এই ষ্টুডিঅ'বোৰ উপকূলীয় নিয়ন্ত্ৰণ ক্ষেত্ৰত (চিআৰজেড)ৰ ভিতৰত কোনো অনুমতি অবিহনে নিৰ্মাণ কৰা হৈছিল৷  ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে উচ্ছেদৰ  নিৰ্দেশ দিয়াৰ পিছতে বিএমচিয়ে উচ্ছেদ অভিযান আৰম্ভ কৰিছে৷অঞ্চলটোত অবৈধভাৱে কাম কৰি থকা ১১  টা চলচ্চিত্ৰ ষ্টুডিঅ'ৰ ভিতৰত জাননী পোৱাৰ পিছতে  চাৰিটা ষ্টুডিঅ’ তেওঁলোকৰ মালিকে পূৰ্বেই ভাঙি পেলাইছিল৷ সেইবোৰৰ ভিতৰৰে  দুটা ষ্টুডিঅ'ই প্ৰয়োজনীয় অনুমতি লাভ কৰিবলৈ সক্ষম হৈছে৷  

 শেহতীয়াকৈ অনুমতি বিহীনভাবে নিৰ্মাণ কৰা পাঁচটা ষ্টুডিঅ’  ১০ জন অভিযন্তা আৰু ৪০ জন  কৰ্মচাৰীৰ এটা দলে জেচিবি মেচিন, ডাম্পাৰ,  গেছ কাটাৰৰ সহায়ত ধ্বংস কৰে৷  উচ্ছেদ হোৱা ষ্টুডিঅ’ৰ ভিতৰত  মুম্বাইৰ মাধ অঞ্চলত বাস কৰা  প্ৰাক্তন মন্ত্ৰী আৰু কংগ্ৰেছ নেতা আছলাম শ্বেখে নিৰ্মাণ কৰা এটা  চলচ্চিত্ৰ ষ্টুডিঅ'ও আছে৷  

 বিজেপি নেতা কিৰিট সোমাইয়াই অভিযোগ কৰিছিল যে শ্বেখে ভুৱা নথিৰ ভিত্তিত হাজাৰ হাজাৰ বৰ্গ মিটাৰ ঠাইত অবৈধভাৱে ষ্টুডিঅ' নিৰ্মাণ কৰিছিল। সোমায়াই এইবুলিও দাবী কৰিছিল যে বিএমচি আয়ুক্ত ইকবাল চাহালে অবৈধ নিৰ্মাণৰ  বিষয়ে জানিছিল, কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল