--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মায়ানগৰী মুম্বাইত ছবি উদ্যোগৰ নামত বহুতে অবৈভাবে নানান কাম কৰি যোৱাৰ অভিযোগ সততে উঠি আহিছে৷ মুম্বাইত আনকি অবৈধভাবে নিৰ্মাণ কৰা ভালেকেইটা ফিল্ম ষ্টুডিঅ’ও আছে৷ বৃহন্মুম্বাই পৌৰ নিগমে (বিএমচি) মুম্বাইৰ পশ্চিম উপনগৰৰ মাধ, এৰাংগল আৰু ভাটি অঞ্চলৰ পাঁচটা অবৈধ চলচ্চিত্ৰ ষ্টুডিঅ'ৰ বিৰুদ্ধে উচ্ছেদ অভিযান  চলায়। 

এই ষ্টুডিঅ'বোৰ উপকূলীয় নিয়ন্ত্ৰণ ক্ষেত্ৰত (চিআৰজেড)ৰ ভিতৰত কোনো অনুমতি অবিহনে নিৰ্মাণ কৰা হৈছিল৷  ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে উচ্ছেদৰ  নিৰ্দেশ দিয়াৰ পিছতে বিএমচিয়ে উচ্ছেদ অভিযান আৰম্ভ কৰিছে৷অঞ্চলটোত অবৈধভাৱে কাম কৰি থকা ১১  টা চলচ্চিত্ৰ ষ্টুডিঅ'ৰ ভিতৰত জাননী পোৱাৰ পিছতে  চাৰিটা ষ্টুডিঅ’ তেওঁলোকৰ মালিকে পূৰ্বেই ভাঙি পেলাইছিল৷ সেইবোৰৰ ভিতৰৰে  দুটা ষ্টুডিঅ'ই প্ৰয়োজনীয় অনুমতি লাভ কৰিবলৈ সক্ষম হৈছে৷  

 শেহতীয়াকৈ অনুমতি বিহীনভাবে নিৰ্মাণ কৰা পাঁচটা ষ্টুডিঅ’  ১০ জন অভিযন্তা আৰু ৪০ জন  কৰ্মচাৰীৰ এটা দলে জেচিবি মেচিন, ডাম্পাৰ,  গেছ কাটাৰৰ সহায়ত ধ্বংস কৰে৷  উচ্ছেদ হোৱা ষ্টুডিঅ’ৰ ভিতৰত  মুম্বাইৰ মাধ অঞ্চলত বাস কৰা  প্ৰাক্তন মন্ত্ৰী আৰু কংগ্ৰেছ নেতা আছলাম শ্বেখে নিৰ্মাণ কৰা এটা  চলচ্চিত্ৰ ষ্টুডিঅ'ও আছে৷  

 বিজেপি নেতা কিৰিট সোমাইয়াই অভিযোগ কৰিছিল যে শ্বেখে ভুৱা নথিৰ ভিত্তিত হাজাৰ হাজাৰ বৰ্গ মিটাৰ ঠাইত অবৈধভাৱে ষ্টুডিঅ' নিৰ্মাণ কৰিছিল। সোমায়াই এইবুলিও দাবী কৰিছিল যে বিএমচি আয়ুক্ত ইকবাল চাহালে অবৈধ নিৰ্মাণৰ  বিষয়ে জানিছিল, কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ