--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা কোনো চৰকাৰী বিষয়ালৈ কোনো কথাৰ প্ৰতিবাদ জনাই মোবাইল ফোনত প্ৰেৰণ কৰা বাৰ্তাৰ বাবে কাকো অপৰাধী সজাব পৰা নাযাব৷ পূৰ্বে এনেদৰে প্ৰতিবাদ জনাই চৰকাৰী বিষয়ালৈ পঠিওৱা বাৰ্তাক বহু সময়ত ভাবুকি বুলি গণ্য কৰি গোচৰ ৰুজু কৰাৰো ঘটনা ঘটিছে৷ কিন্তু শেহতীয়াকৈ  বোম্বাই উচ্চ ন্যায়ালয়ে [অভিজিত মাইকেল বনাম মহাৰাষ্ট্ৰ ৰাজ্য] এজন বিষয়ালৈ  তেওঁৰ চেলফোনত বাৰ্তা প্ৰেৰণ কৰি প্ৰতিবাদ কৰাৰ অধিকাৰক অপৰাধ নহয় বুলি কয়৷ 


ন্যায়াধীশ সুনীল শুক্ৰে আৰু এম এম সাথায়েৰ বিচাৰপীঠে অভিজিত মাইকেলৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰে৷ অভিজিত মাইকেল মুম্বাই মেট্ৰ' ৰে'ল কৰ্পোৰেচনৰ তদানীন্তন পৰিচালনা সঞ্চালক অশ্বিনী ভিদেলৈ বাৰ্তা প্ৰেৰণ কৰি চহৰখনৰ সেউজীয়া হাঁওফাঁও স্বৰূপ  আৰে কলনীত ৩,০০০ ৰো অধিক গছ কাটি নেপেলাবলৈ  আহ্বান জনাইছিল। বাৰ্তাবোৰ অধ্যয়ন কৰি ন্যায়ালয়ে উল্লেখ কৰে  যে আবেদনকাৰীৰ উদ্দেশ্য কেৱল  অৰণ্যৰ সুৰক্ষা দিয়া।  

আদালতে কয়"এই বাৰ্তাবোৰত কোনো আপত্তিজনক কথাী  বা কোনো অশ্লীলতা নাই। ইয়াৰ পৰিৱৰ্তে তেওঁ এই দেশৰ নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰৰ ভিত্তিত এনে বাৰ্তা প্ৰেৰণ কৰিছে৷ যাতে তেওঁ নিজৰ দৃষ্টিভংগী আগবঢ়াব পাৰে, আপত্তি কৰিব পাৰে, প্ৰতিবাদ কৰিব পাৰে বা অনুৰোধ কৰিব পাৰে৷’’আদালতে লগতে কয়  যে যদি কাৰোবাৰ বিৰুদ্ধে এনে কাৰ্যৰ বাবে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে তেন্তে সেয়া   এই দেশৰ নাগৰিকৰ অধিকাৰৰ ওপৰত আক্ৰমণৰ দৰে কথা  হ'ব পাৰে,"। আদালতৰ নিৰ্দেশটোত লগতে কোৱা হৈছে যে এনে অভিযোগৰ ক্ষেত্ৰত  আৰক্ষীয়ে কেতিয়াও দেশৰ কোনো সাধাৰণ নাগৰিকক ফৌজদাৰী আইনৰ অধীনত আটক  কৰিব নালাগে আৰু যদি এনে কৰে তেন্তে তেওঁৰ  কণ্ঠস্বৰ দমন কৰাৰ দৰে হ'ব। এয়া ভুল  কথা। সেয়েহে, আমি দেখিছোঁ যে আবেদনকাৰীৰ বিৰুদ্ধে ধাৰা ১৮৬  আইপিচিৰ অধীনত কোনো অপৰাধ হোৱা ।" 

মাইকেলে প্ৰেৰণ কৰা বাৰ্তাবোৰত কোৱা হৈছিল যে কুবন পাৰ্ক বাংগালুৰুৰ বাবে সেউজীয়া হাঁওফাঁওৰ দৰে,লগতে  আৰে মুম্বাইৰ বাবে সেউজীয়া হাঁওফাঁও সদৃশ । সেয়েহে, মেট্ৰ' কাৰ শ্বেড নিৰ্মাণৰ বাবে ৩,৫০০০ৰো অধিক গছ কাটিলে চহৰখনৰ সেউজীয়া পৰিবেশৰ  ওপৰত বিৰূপ প্ৰভাৱ পৰিব।  মুম্বাই আৰক্ষীৰ চাইবাৰ চেলে  অভিযোগৰ ভিত্তিত আবেদনকাৰীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। বাৰ্তাবোৰ পঢ়ি আদালতে কয়  যে বাৰ্তাবোৰ  নকয়  যে আবেদনকাৰীয়ে ভিদেক চৰকাৰী কামত বাধা দিব বিচাৰিছিল ৷


সেয়েহে আদালতে অমিতাভৰ বিৰুদ্ধে দাখিল কৰা  এজাহাৰখন বাতিল কৰে আৰু ভৱিষ্যতে এনে বিষয়ত অপৰাধ পঞ্জীয়ন কৰোঁতে আৰক্ষীক সাৱধান হ'বলৈ সতৰ্ক কৰি দিয়ে । জ্যেষ্ঠ অধিবক্তা গায়ত্ৰী সিঙৰ লগতে অধিবক্তা বিজয় হীৰেমথ আৰু সূৰ্য কালে আবেদনকাৰীৰ হৈ আদালতত উপস্থিত আছিল। অতিৰিক্ত চৰকাৰী অধিবক্তা কে ভি সাষ্টে ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু