--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা কোনো চৰকাৰী বিষয়ালৈ কোনো কথাৰ প্ৰতিবাদ জনাই মোবাইল ফোনত প্ৰেৰণ কৰা বাৰ্তাৰ বাবে কাকো অপৰাধী সজাব পৰা নাযাব৷ পূৰ্বে এনেদৰে প্ৰতিবাদ জনাই চৰকাৰী বিষয়ালৈ পঠিওৱা বাৰ্তাক বহু সময়ত ভাবুকি বুলি গণ্য কৰি গোচৰ ৰুজু কৰাৰো ঘটনা ঘটিছে৷ কিন্তু শেহতীয়াকৈ  বোম্বাই উচ্চ ন্যায়ালয়ে [অভিজিত মাইকেল বনাম মহাৰাষ্ট্ৰ ৰাজ্য] এজন বিষয়ালৈ  তেওঁৰ চেলফোনত বাৰ্তা প্ৰেৰণ কৰি প্ৰতিবাদ কৰাৰ অধিকাৰক অপৰাধ নহয় বুলি কয়৷ 


ন্যায়াধীশ সুনীল শুক্ৰে আৰু এম এম সাথায়েৰ বিচাৰপীঠে অভিজিত মাইকেলৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ বাতিল কৰে৷ অভিজিত মাইকেল মুম্বাই মেট্ৰ' ৰে'ল কৰ্পোৰেচনৰ তদানীন্তন পৰিচালনা সঞ্চালক অশ্বিনী ভিদেলৈ বাৰ্তা প্ৰেৰণ কৰি চহৰখনৰ সেউজীয়া হাঁওফাঁও স্বৰূপ  আৰে কলনীত ৩,০০০ ৰো অধিক গছ কাটি নেপেলাবলৈ  আহ্বান জনাইছিল। বাৰ্তাবোৰ অধ্যয়ন কৰি ন্যায়ালয়ে উল্লেখ কৰে  যে আবেদনকাৰীৰ উদ্দেশ্য কেৱল  অৰণ্যৰ সুৰক্ষা দিয়া।  

আদালতে কয়"এই বাৰ্তাবোৰত কোনো আপত্তিজনক কথাী  বা কোনো অশ্লীলতা নাই। ইয়াৰ পৰিৱৰ্তে তেওঁ এই দেশৰ নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰৰ ভিত্তিত এনে বাৰ্তা প্ৰেৰণ কৰিছে৷ যাতে তেওঁ নিজৰ দৃষ্টিভংগী আগবঢ়াব পাৰে, আপত্তি কৰিব পাৰে, প্ৰতিবাদ কৰিব পাৰে বা অনুৰোধ কৰিব পাৰে৷’’আদালতে লগতে কয়  যে যদি কাৰোবাৰ বিৰুদ্ধে এনে কাৰ্যৰ বাবে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে তেন্তে সেয়া   এই দেশৰ নাগৰিকৰ অধিকাৰৰ ওপৰত আক্ৰমণৰ দৰে কথা  হ'ব পাৰে,"। আদালতৰ নিৰ্দেশটোত লগতে কোৱা হৈছে যে এনে অভিযোগৰ ক্ষেত্ৰত  আৰক্ষীয়ে কেতিয়াও দেশৰ কোনো সাধাৰণ নাগৰিকক ফৌজদাৰী আইনৰ অধীনত আটক  কৰিব নালাগে আৰু যদি এনে কৰে তেন্তে তেওঁৰ  কণ্ঠস্বৰ দমন কৰাৰ দৰে হ'ব। এয়া ভুল  কথা। সেয়েহে, আমি দেখিছোঁ যে আবেদনকাৰীৰ বিৰুদ্ধে ধাৰা ১৮৬  আইপিচিৰ অধীনত কোনো অপৰাধ হোৱা ।" 

মাইকেলে প্ৰেৰণ কৰা বাৰ্তাবোৰত কোৱা হৈছিল যে কুবন পাৰ্ক বাংগালুৰুৰ বাবে সেউজীয়া হাঁওফাঁওৰ দৰে,লগতে  আৰে মুম্বাইৰ বাবে সেউজীয়া হাঁওফাঁও সদৃশ । সেয়েহে, মেট্ৰ' কাৰ শ্বেড নিৰ্মাণৰ বাবে ৩,৫০০০ৰো অধিক গছ কাটিলে চহৰখনৰ সেউজীয়া পৰিবেশৰ  ওপৰত বিৰূপ প্ৰভাৱ পৰিব।  মুম্বাই আৰক্ষীৰ চাইবাৰ চেলে  অভিযোগৰ ভিত্তিত আবেদনকাৰীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। বাৰ্তাবোৰ পঢ়ি আদালতে কয়  যে বাৰ্তাবোৰ  নকয়  যে আবেদনকাৰীয়ে ভিদেক চৰকাৰী কামত বাধা দিব বিচাৰিছিল ৷


সেয়েহে আদালতে অমিতাভৰ বিৰুদ্ধে দাখিল কৰা  এজাহাৰখন বাতিল কৰে আৰু ভৱিষ্যতে এনে বিষয়ত অপৰাধ পঞ্জীয়ন কৰোঁতে আৰক্ষীক সাৱধান হ'বলৈ সতৰ্ক কৰি দিয়ে । জ্যেষ্ঠ অধিবক্তা গায়ত্ৰী সিঙৰ লগতে অধিবক্তা বিজয় হীৰেমথ আৰু সূৰ্য কালে আবেদনকাৰীৰ হৈ আদালতত উপস্থিত আছিল। অতিৰিক্ত চৰকাৰী অধিবক্তা কে ভি সাষ্টে ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ