--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অত্যাধুনিক মেচিন থকা জিলিকি থকা কেইবাটাও ৱাৰ্ড। ৰোগীৰ বাবে বিচনা, অপাৰেচন ৰুম, কেবিন। চিকিৎসকে সদায় ডিঙিত ষ্টেথ’স্কোপ লৈ ঘূৰি ফুৰে। ৰোগীক চাবলৈ দৌৰি ফুৰে নাৰ্চ! এখন চিকিৎসালয়ত মানুহৰ প্ৰয়োজনীয় সকলো বস্তু আছে তাত। কিন্তু এই সকলোবোৰ ভুৱা!

তেনে এখন ভুৱা চিকিৎসালয় উদ্ধাৰ হৈছে হাৰিয়ানাৰ গুৰুগ্ৰামত। ১৬ বিচনাযুক্ত চিকিৎসালয়খনত ব্যক্তিগত কোঠা, পৰীক্ষাগাৰ, শাৰীৰিক পৰীক্ষাৰ সঁজুলি, আই চি ইউ, ঔষধৰ দোকান, লেবাৰ ৰুম, আনকি জৰুৰীকালীন বিভাগও আছে। সমগ্ৰ অট্টালিকাটোৰ সজ্জা আৰু শৈলীলৈ চালে ইয়াক চিকিৎসালয় বুলি ভুল কৰিব পাৰি। আৰু সেয়া স্বাভাৱিক। কাৰণ ভুৱা চিকিৎসালয়খন তেনেকৈয়ে বনোৱা হৈছিল। গুৰুগ্ৰাম আৰক্ষীয়ে ভুৱা চিকিৎসালয়খনৰ সন্ধান লাভ কৰাৰ পাছতে ব্যৱস্থা লয়।

আৰক্ষীয়ে জনোৱা মতে, চিকিৎসালয়খনৰ পৰিচালনাৰ দায়িত্বত থকা ব্যক্তিজন দশম শ্ৰেণীৰ উত্তীৰ্ণ। ইয়াৰ পূৰ্বে চিকিৎসালয়খনৰ মূল চিকিৎসক বুলি চিনাকি দিয়ে। গুৰুগ্ৰামৰ উপ ৱাৰ্ডেন অধীক্ষক ইন্দ্ৰজিৎ যাদৱে কয় যে ভূৱা চিকিৎসালয়ৰ তথ্য গোপন সূত্ৰৰ পৰা লাভ কৰা হৈছিল। হাৰিয়ানাৰ নুহাৰৰ বাসিন্দা জুনাইদ আৰু উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা প্ৰিয়াই চিকিৎসালয়খন চলাই আছিল। নিজকে তেওঁলোকে ডাক্তৰ বুলিয়েও পৰিচয় দিছিল।

আৰক্ষীয়ে জনোৱা মতে, হঠাতে চিকিৎসালয়খনত অভিযান চলোৱা হয়। জুনাইদ আৰু প্ৰিয়াক চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰকে ধৰি জৰুৰী নথি-পত্ৰ বিচৰা হয়। কিন্তু তেওঁলোকে কোনো বৈধ নথি দেখুৱাব নোৱাৰিলে। ইয়াৰ পিছতে আৰক্ষীয়ে জুনেইদ, প্ৰিয়া, সঞ্জয় প্ৰজাপতি, মোহিত নামৰ চাৰিজন ‘চিকিৎসক’ক গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল