--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অত্যাধুনিক মেচিন থকা জিলিকি থকা কেইবাটাও ৱাৰ্ড। ৰোগীৰ বাবে বিচনা, অপাৰেচন ৰুম, কেবিন। চিকিৎসকে সদায় ডিঙিত ষ্টেথ’স্কোপ লৈ ঘূৰি ফুৰে। ৰোগীক চাবলৈ দৌৰি ফুৰে নাৰ্চ! এখন চিকিৎসালয়ত মানুহৰ প্ৰয়োজনীয় সকলো বস্তু আছে তাত। কিন্তু এই সকলোবোৰ ভুৱা!

তেনে এখন ভুৱা চিকিৎসালয় উদ্ধাৰ হৈছে হাৰিয়ানাৰ গুৰুগ্ৰামত। ১৬ বিচনাযুক্ত চিকিৎসালয়খনত ব্যক্তিগত কোঠা, পৰীক্ষাগাৰ, শাৰীৰিক পৰীক্ষাৰ সঁজুলি, আই চি ইউ, ঔষধৰ দোকান, লেবাৰ ৰুম, আনকি জৰুৰীকালীন বিভাগও আছে। সমগ্ৰ অট্টালিকাটোৰ সজ্জা আৰু শৈলীলৈ চালে ইয়াক চিকিৎসালয় বুলি ভুল কৰিব পাৰি। আৰু সেয়া স্বাভাৱিক। কাৰণ ভুৱা চিকিৎসালয়খন তেনেকৈয়ে বনোৱা হৈছিল। গুৰুগ্ৰাম আৰক্ষীয়ে ভুৱা চিকিৎসালয়খনৰ সন্ধান লাভ কৰাৰ পাছতে ব্যৱস্থা লয়।

আৰক্ষীয়ে জনোৱা মতে, চিকিৎসালয়খনৰ পৰিচালনাৰ দায়িত্বত থকা ব্যক্তিজন দশম শ্ৰেণীৰ উত্তীৰ্ণ। ইয়াৰ পূৰ্বে চিকিৎসালয়খনৰ মূল চিকিৎসক বুলি চিনাকি দিয়ে। গুৰুগ্ৰামৰ উপ ৱাৰ্ডেন অধীক্ষক ইন্দ্ৰজিৎ যাদৱে কয় যে ভূৱা চিকিৎসালয়ৰ তথ্য গোপন সূত্ৰৰ পৰা লাভ কৰা হৈছিল। হাৰিয়ানাৰ নুহাৰৰ বাসিন্দা জুনাইদ আৰু উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা প্ৰিয়াই চিকিৎসালয়খন চলাই আছিল। নিজকে তেওঁলোকে ডাক্তৰ বুলিয়েও পৰিচয় দিছিল।

আৰক্ষীয়ে জনোৱা মতে, হঠাতে চিকিৎসালয়খনত অভিযান চলোৱা হয়। জুনাইদ আৰু প্ৰিয়াক চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰকে ধৰি জৰুৰী নথি-পত্ৰ বিচৰা হয়। কিন্তু তেওঁলোকে কোনো বৈধ নথি দেখুৱাব নোৱাৰিলে। ইয়াৰ পিছতে আৰক্ষীয়ে জুনেইদ, প্ৰিয়া, সঞ্জয় প্ৰজাপতি, মোহিত নামৰ চাৰিজন ‘চিকিৎসক’ক গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ